নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত টোকৰা গাৱঁত দিনজোৰা কাৰ্যসূচীৰে কালি শিৱ সনাতনপন্থী আধ্যাত্মিক গুৰু পূৰ্ণ চন্দ্ৰ কোচ ৰাভাৰ মন্দিৰত গুৰুজনৰ ৩০সংখ্যক মৃত্যুবাৰ্ষিকী এক আধ্যাত্মিক পৰিৱেশত উদযাপন কৰা হয়। এই উপলক্ষে পুৱা হিন্দু ৰাভা জনগোষ্ঠীয় গুৰুজনৰ মন্দিৰত পুৱাৰে পৰা অঞ্চলটোৰ সহশ্ৰাধিক ভক্তিপ্ৰাণ ৰাইজে বিভিন্ন ধৰ্মীয় ৰীতি-নীতিৰ মাজেদি বিভিন্ন কাৰ্যসৃচী পালন কৰে। কাৰ্যসূচী অনুসৰি, পুৱাৰে পৰা গুৰুজনৰ স্থাপিত প্ৰতিকৃতিৰ সন্মুখত বিভিন্ন আধ্যাত্মিক কীৰ্তন পৰিৱেশন কৰে। শিৱ সনাতনপন্থী আধ্যাত্মিক গুৰুজনে সৃষ্টি কৰি থৈ যোৱা বিভিন্ন দিক নিৰ্দেশনা সম্পৰ্কে উপস্থিত থকা বিভিন্ন ভক্তই আলোকপাত কৰে। উল্লেখযোগ্য যে আধ্যাত্মিক গুৰু পূৰ্ণ চন্দ্ৰ ৰাভা কোচে ১৯২৪ চনত শিৱ সনাতনপন্থীৰ আদৰ্শৰে সমাজৰ বিশেষকৈ হিন্দু ৰাভা জনগোষ্ঠীৰ মাজতে আধ্যাত্মিক চেতনাৰ উন্মেষ ঘটাই আধ্যাত্মিকতাৰ বাণী সিঁচৰতি কৰিছিল। তেতিয়াৰ পৰাই বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ধৰ্মানুৰাগী ৰাইজে গুৰুজনাৰ আধ্যাত্মিক চেতনাৰ দ্বাৰা উদ্বুদ্ধ হৈ শিষ্যত্ব গ্ৰহণ কৰি সামাজিকভাবে অনুপ্ৰাণিত হৈছিল। শেষত গুৰুজনৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদনৰ অন্তত উপস্থিত থকা ভক্তিপ্ৰাণ ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী