🔹 বিনামূলীয়া স্বাস্থ্য শিবিৰত দুই শতাধিক শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰী : ১৯৯৪ চনৰ তিনি জানুৱাৰীত প্ৰতিষ্ঠা হোৱা হোজাই প্ৰেছ ক্লাবৰ ৩১ তম প্ৰতিষ্ঠা দিবসটি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। আজিৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা চাফাই অভিযানৰ পিছত ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি নিৰঞ্জন চেৰাউগীয়ে। স্মৃতি তৰ্পণ অনুষ্ঠান আৰম্ভ কৰে ক্লাবৰ উপ-সভাপতি সঞ্জিত চন্দ্ৰ দেয়ে। ইয়াৰ পিছত হোজাই প্ৰেছ ক্লাবৰ উদ্যোগত হোজাইৰ সকলোতকৈ পুৰণি বিদ্যালয় আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা স্বাস্থ্য সমিতিৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰঞ্জন বৰাই পৰিচালনা কৰা এই উদ্বোধনী সভাৰ আদৰণী ভাষণ প্ৰদান কৰে হোজাই প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কিশলয় দেৱ গোস্বামীয়ে ।চিকিৎসা শিবিৰ উদ্বোধন কৰি জিলা আয়ুক্তজনে নিজ ভাষণ প্ৰসংগত ইংৰাজী নৱবৰ্ষৰ পহিলা ভাগত হোজাই প্ৰেছ ক্লাবে নৱপ্ৰজন্মৰ স্বাস্থ্যৰ বাবে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লোৱা পদক্ষেপ অতি আদৰণীয় বুলি মন্তব্য কৰে। এই সভাত চিকিৎসক ডা: মণিৰুদ্দিন আহমেদে নিজ ভাষণ প্ৰসংগত ঠাণ্ডাৰ বতৰত ছাত্ৰ-ছাত্ৰীসকলে স্বাস্থ্যৰ যতন কেনেকৈ ল’ব লাগে, তাৰ ব্যাখ্যা কৰে । আজিৰ এই স্বাস্থ্য শিবিৰত দুই শতাধিক শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কিছু শিক্ষাৰ্থীক জিলা অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে ৰেফাৰ কৰা হয়।
প্ৰেৰক কিশলয় ডি গোস্বামী