নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱালৈ সুখবৰ : ছেপ্টেম্বৰৰ ভিতৰত ৩২,৬৮৯টা চাকৰিৰ বিজ্ঞাপন

বিশেষ বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকললৈ আন এক সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে৷ ৰাজ্য চৰকাৰখনে কার্যভাৰ গ্রহণৰ পৰা যোৱা মে’ মাহ পর্যন্ত ৮৭ হাজাৰ নিবনুৱা যুৱক–যুৱতীক স্বচ্ছতাৰে ক’তো এটকা নিদিয়াকৈ নিযুক্তি দিয়ে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে পুনৰ ৩২,৬৮৯টা খালী পদত নিযুক্তি দিয়াৰ বাবে প্রস্তুতি সম্পূর্ণ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি টুইটাৰযোগে জনোৱা অনুসৰি অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত উক্ত ৩২,৬৮৯টা পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব৷ উক্ত পদসমূহৰ ভিতৰত গৃহ বিভাগত ৪,০৯৭টা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৫,১০৫টা, শিক্ষা বিভাগত ১০,২৯৯টা, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ১,১৭৬টা, বিভিন্ন বিভাগৰ তৃতীয় বর্গৰ পদত ৭,০৭৩টা আৰু চতুর্থ বর্গৰ পদত ৪,৯৩৯টা সর্বমুঠ ৩২,৬৮৯টা পদত নিযুক্তি হ’ব৷ এই নিযুক্তি প্রক্রিয়া সম্পূর্ণ হোৱাৰ লগে লগে অসম চৰকাৰৰ এক লাখ নিযুক্তিৰ প্রতিশ্রুতি পূৰণ হোৱাই নহয়, সেই সংখ্যাও অতিক্রম কৰিব৷

You might also like