শিলচৰত ৩২সংখ্যক গ্ৰন্থমেলা আৰম্ভ
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ বুধবাৰে বহু প্ৰত্যাশিত ৩২সংখ্যক শিলচৰ গ্ৰন্থমেলাৰ শুভ আৰম্ভণি হয়। গ্ৰন্থমেলা সমিতিৰ উদ্যোগত শিলচৰৰ চাৰ্কিট হাউচ ৰোডৰ বিপিন চন্দ্ৰ পাল সভাথলীৰ মঞ্চত ভাৰত সেৱাশ্ৰম সংঘৰ স্বামী গুণসিন্ধুজি মহাৰাজে দীপ প্ৰজ্বলনেৰে গ্ৰন্থমেলাৰ উদ্বোধন কৰে। তেওঁ গ্ৰন্থমেলাৰ আয়োজকসকলক প্ৰশংসা কৰি কয় যে গ্ৰন্থমেলাৰ জৰিয়তে আমি বহু কথা শিকিব পাৰো। আমি এতিয়া কিতাপ আৰু আলোচনী পঢ়িবলৈ নিবিচাৰোঁ। ইন্টাৰনেট জৰিয়তে অনলাইন পঢ়াৰ প্ৰচলন হৈছে। কিন্তু এয়া উচিত নহয়। নতুন প্ৰজন্মই নিজৰ মাতৃভাষাৰ গ্ৰন্থ পঢ়া উচিত। তদুপৰি কিতাপ কিনা আৰু উপহাৰ দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ মাতৃভাষা শিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কাছাৰৰ সহকাৰী আয়ুক্ত ৱাই আই ওজুকুমে গ্ৰন্থ পঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, কিতাপ পঢ়াই মানুহক সম্পূৰ্ণ কৰি তোলে। কেৱল ইণ্টাৰনেটে উদ্দেশ্য সাধন নকৰে। কিতাপ মূল্যৱান নথি। কিতাপৰ বিকল্প নাই। আকছাৰ প্ৰাক্তন ছাত্ৰ নেতা প্ৰদীপ দত্ত ৰয়ে কয় যে মানুহৰ মাজত কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ কমি যোৱাটো অতি দুখৰ বিষয়। বিশেষকৈ মোবাইল আৰু ইণ্টাৰনেটৰ প্ৰভাৱত যুৱ সমাজে যিদৰে কিতাপৰ পৰা আঁতৰি আহিছে সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে এক অশুভ সংকেত। গ্ৰন্থমেলা সমিতিৰ সভানেত্ৰী স্বৰ্ণালী চৌধুৰীয়ে কয় যে, গ্ৰন্থমেলাখন অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ। আশাকৰোঁ মানুহে আহি গ্ৰন্থ কিনিব। নৱপ্ৰজন্মেও কিতাপ পঢ়িব লাগে। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত এটি কবিতাও আবৃত্তি কৰে।তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ শিলচৰ ইউনিটৰ বিষয়া পন্থাথিৱী সিঙে প্ৰাসংগিক ভাষণত গ্ৰন্থ পঢ়াত গুৰুত্ব আৰোপ কৰে। উদ্বোধনী অনুষ্ঠানত গ্ৰন্থমেলা সমিতিৰ চেয়াৰমেন জ্যেষ্ঠ সাংবাদিক হাৰাণ দেই সভাপতিত্ব কৰে। তেওঁ সকলোকে প্ৰতিদিনে মেলা দৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে মেলাখন ১২ দিন অৰ্থাৎ ২ ডিচেম্বৰলৈকে চলিব। মেলাৰ সাধাৰণ সম্পাদক বিপ্লৱ পাল চৌধুৰী, দুই সহকাৰী সম্পাদক গৌতম তালুকদাৰ আৰু বাহাৰ উদ্দিন চৌধুৰীকে ধৰি মুকলি সভাখনত বিশিষ্ট কবি কস্তুৰী হোম চৌধুৰী আৰু বিধায়কৰ প্ৰতিনিধি বীৰেন বেনাৰ্জী উপস্থিত আছিল। উল্লেখ্য, শিলচৰ গ্ৰন্থমেলাত কলিকতা, গুৱাহাটীৰ লগতে শিলচৰৰ প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ