নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰৰ গোপালদেৱ আতা সত্ৰৰ ৩৩ বিঘা বেদখলকৃত ভূমি উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১০ জুন : ভৱানীপুৰৰ নিকটৱৰ্তী পুৰণ ভৱানীপুৰস্থিত ঐতিহাসিক শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰৰ বেদখলকাৰীৰ কবলত থকা ভূমিত আজি প্ৰশাসনে চলায় উচ্ছেদ অভিযান।আজি দিনৰ ন বজাৰ পৰা দুই বজালৈ বজালী জিলা প্ৰশাসনে শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰৰ বেদখল হৈ থকা ৩৩ বিঘা ভূমিত উচ্ছেদ অভিযান চলাই ভুমিখিনি উদ্ধাৰ কৰি সত্ৰখনক গোটাই দিয়ে। প্ৰশাসনৰ কেবাগৰাকীও বিষয়া,আৰক্ষী, চিআৰপিএফৰ উপস্থিতিত থকা সত্ৰৰ ৩৩ বিঘা ভূমিত ধুপালপাৰা গাঁৱৰ এক বিশেষ সম্প্ৰদায়ৰ লোকে দীৰ্ঘদিন ধৰি বেদখল কৰি কৃষি কাৰ্য কৰি আছিল। আজি প্ৰশাসনে দুখন ট্ৰেক্টৰ আৰু এখন জেচিবিৰে বেদখলকৃত ৩৩ বিঘা ভূমিত উদ্ধাৰ অভিযান চলাই বেদখলকাৰীৰ কবলৰ পৰা ভূমিবোৰ উদ্ধাৰ কৰে। লগতে উচ্ছেদিত ভূমিত আদিৰে পৰা বেদখলকাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।আন এক উল্লেখ্য যে- বিগত বৰ্ষতো শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰৰ ২০০ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী প্ৰশাসনে উচ্ছেদ অভিযান চলাই উদ্ধাৰ কৰিছিল।বজালী জিলা প্ৰশাসনৰ তৰফৰ জানিবলৈ দিয়ে যে- পুৰণ ভৱানীপুৰস্থিত শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰৰ বেদখলকাৰীৰ কবলত থকা ভূমিবোত পৰ্যায়ক্ৰমে উচ্ছেদ অভিযান চলি থাকিব।লগতে বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰৰ সকলো ভূমিত বেদখলকাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বুলিও জানিবলৈ দিছে প্ৰশাসনৰ তৰফৰ পৰা।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like