বিশেষ বাৰ্তা, ১১ জুনঃ তিনিচুকীয়া আৰক্ষীয়ে জিলা উপায়ুক্তৰ নিৰ্দেশ অনুসৰি প্ৰতিটো দিনতে তিনিচুকীয়াত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ দুচকীয়া বাহনত চালক-আৰোহী দুয়োজনে হেলমেট পৰিধান নকৰা, গাড়ী চলাওঁতে ছিটবেল্ট পৰিধান নকৰা, চালকৰ লাইচেঞ্চ নথকা, সুৰা সেৱন কৰি চলোৱা, প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ, ইঞ্চুৰেঞ্চৰ লগতে বিভিন্ন যান-বাহন আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে অভিযান চলাই বিগত ১০ দিনত তিনিচুকীয়া আৰক্ষীয়ে সৰ্বমুঠ ৩৪ লাখ ৫৮ হাজাৰ ৬০০ টকা জৰিমনা সংগ্ৰহ কৰা বুলি জানিবলৈ দিছে ৷ ইয়াৰ লগতে এনেদৰেই অনাগত দিনতো যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷
প্ৰেৰক বিবেক বড়া