নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৪ ৰাজপত্রিত বিষয়াক কৈফিয়ৎ তলব

🔹 এপিএছচিত ধনৰ বিনিময়ত নিযুক্তি 

ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ নৱেম্বৰ : অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ পৰীক্ষাত ক্রমাৎ বিপদ ঘনীভূত হৈ পৰিছে ধনৰ বিনিময়ত উত্তীর্ণ হৈ নিযুক্তি লাভ কৰা ৩৪ ৰাজপত্রিত বিষয়াৰ৷ ন্যায়িক আয়োগৰ প্রতিবেদনত অনিয়মৰ তথ্য পোহৰলৈ অহাৰ পিছতে বক্র পথেৰে চাকৰি লোৱা ৩৪ বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে৷ বিভাগীয় ব্যৱস্থা গ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰাৰ পিছত ৩৪ ৰাজপত্রিত বিষয়াক কৈফিয়ৎ তলব কৰিছে ৰাজ্য চৰকাৰে৷ এই ৰাজপত্রিত বিষয়াসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্রহণ কৰা নহ’ব, সেই বিষয়ে তেওঁলোকে ৰাজ্য চৰকাৰক উত্তৰ দিব লাগিব৷ এই কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ লাভ কৰিলেই ৰাজ্য চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিব৷ যদিহে ৩৪ ৰাজপত্রিত বিষয়াৰ উত্তৰত ৰাজ্য চৰকাৰ সন্তুষ্ট নহয়, তেন্তে তেওঁলোকক চাকৰিৰ পৰা বর্খাস্ত কৰাৰ দৰে সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বর্ষত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ ইতিমধ্যে আয়োগত সংঘটিত কেলেংকাৰি সন্দর্ভত ডিব্রুগড় আৰক্ষী থানাত গোচৰ ৰুজু হৈছে৷ গোচৰটোত অর্ধশতাধিক ৰাজপত্রিত বিষয়াক গ্রেপ্তাৰ কৰাৰ লগতে চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছে ৷ কিন্তু একাংশ বিষয়াই বক্র পথেৰে চাকৰি লাভ কৰাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ দীর্ঘদিনীয়া৷ পৰৱর্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে ২০১৩ আৰু ২০১৪ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ অনিয়মৰ তদন্ত কৰিবলৈ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত ৯জনীয়া আয়োগ গঠন কৰা হৈছিল৷ আয়োগে বিভিন্ন দিশ বিবেচনা কৰি ৰাজ্য চৰকাৰক তদন্ত প্রতিবেদন দাখিল কৰিছিল৷ ইয়াৰে ২০১৩ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ৩৪জন ৰাজপত্রিত বিষয়াই অনিয়ম সংঘটিত কৰাৰ তথ্য ন্যায়িক আয়োগৰ প্রতিবেদনত উল্লেখ কৰিছিল৷

You might also like