নাজিৰাত ৰেচন কাৰ্ড বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ৰেচন কাৰ্ডৰ জৰিয়তে উপকৃত হব হিতাধিকাৰী
কংগ্ৰেছৰ ন্যায় যাত্ৰা অসম অশান্ত কৰাৰ যাত্ৰাহে : মুখ্যমন্ত্ৰী
বিশেষ বাৰ্তা, ২৪ জানুৱাৰী : নাজিৰা সমষ্টিত আজি কেইবাশ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰি এক অভিলেখ সৃষ্টি কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নাজিৰা চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাসহস্ৰ হিতাধিকাৰী তথা ৰাইজৰ উপস্থিতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে আজি বিতৰণ কৰা এই ৰেচন কাৰ্ডৰ জড়িয়তে ৩৪,৫৮৪গৰাকী নতুন হিতাধিকাৰী উপকৃত হব। সমষ্টিটোৰ অন্তৰ্গত ৭১৫০খন ৰেচন কাৰ্ডৰ ভিতৰত আজি আনুষ্ঠানিকভাৱে দহখন ৰেচন কাৰ্ড নিৰ্বাচিত নতুন হিতাধিকাৰীক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে পাঁচ লাখ টকা বিনামূলীয়া চিকিৎসা লাভ কৰাৰ লগতে ৰেচন কাৰ্ড থকা মুৰব্বীজনক এই তিনি বছৰৰ ভিতৰত প্ৰধান মন্ত্ৰী বীমা দুৰ্ঘটনা আঁচনি, বীমা সুৰক্ষা আঁচনিত অন্তৰ্ভুক্ত কৰাৰ আলোচনা কৰি থকা হৈছে। নাজিৰা সমষ্টিত আমি ৫২ হাজাৰ হিতাধিকাৰীক আমি ৰেচন কাৰ্ড ইতিমধ্যে দিছো বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় বছৰি চাৰি লাখ টকা উপাৰ্জন কৰা লোকেও পাব ৰেচন কাৰ্ড। প্ৰতিজন হিতাধিকাৰীক পাঁচ কিলোকৈ চাউল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে বুলি কৈ চাহ বাগিচাৰ বাবে বিভিন্ন দিশত তিনি শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছে বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুন জুলাই মাহত বিভিন্ন বিভাগত তৃতীয় চৰ্তুথ শ্ৰেণীৰ ৩৫ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়া হব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে । ইফালে সভাৰ শেষত সাংবাদিকে সুধা প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোক সভা নিৰ্বাচনৰ সন্দৰ্ভত কয় যে লোক সভা নিৰ্বাচন চৈধ্য এপ্ৰিলৰ পূৰ্বে অৰ্থাৎ বহাগ বিহুৰ পূৰ্বে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰিছো। যিহেতু আমি যিকোনো সময়তেই নিৰ্বাচন খেলিব পৰাকৈ সাজু আছো আৰু এই নিৰ্বাচনতো নৰেন্দ্ৰ মোদীৰ নেতৃত্বতেই পুনৰ চৰকাৰ গঠন হব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী হিতাধিকাৰী পৰ্যায় ক্ৰমে অৰোণোদয় আঁচনি লাভ কৰিব আৰু অহা মাহত তিনি লাখে মাটি পট্টা পাব বসুন্ধৰা আঁচনিত বুলি উল্লেখ কৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাহুল গান্ধীৰ অসমৰ প্ৰতি ইমানেই যদি আন্তৰিকতা বা শ্ৰদ্ধা আছে তেন্তে কলাক্ষেত্ৰৰে পাৰ হওঁতে ভূপেন হাজৰিকাৰ সমাধিত ৰৈ সেৱা এটা নজনালে কিয়। হাজোলৈ যাওঁতে পোৱামক্কা, হয়গ্ৰীৱ মন্দিৰ, কামাখ্যা মন্দিৰ, বৰপেটা সত্ৰ আদিত মুৰ দোঁৱাবলৈ ৰাহুল গান্ধীৰ সময় নহল বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় কংগ্ৰেছৰ এই ন্যায় যাত্ৰা নহয় অসমখনত অশান্ত কৰাৰ যাত্ৰাহে। ৰেচন কাৰ্ড বিতৰণ সভাত মন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, নাজিৰা মহকুমাধিপতি আয়ুষী জৈনকে ধৰি বহুগৰাকী ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে নৱোদয় বিদ্যালয়ৰ সমীপৰ পৰা চকীমুখ খেলপথাৰৰ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বশ্ব শৰ্মাক কেইবাশ লোকে সমদলেৰে আদৰি নিয়ে।
প্ৰেৰক চৰিফ আলী