নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপত এঘণ্টাত ৩ লাখ ৫০ হাজাৰ গছপুলি ৰোপণেৰে গীনিজ বিশ্ব অভিলেখ

🔹 অমৃত বৃক্ষ আন্দোলন

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : পৰিৱেশ সমস্যা সমাধান আৰু নৱপ্ৰজন্মৰ বাবে সেউজ ভৱিষ্যত প্ৰসাৰৰ লক্ষ্যৰে এক আন্দোলন হৈছে অমৃত বৃক্ষ আন্দোলন। এই পদক্ষেপৰ অংশ হিচাপে আজি নাহৰকটীয়া  সমষ্টিৰ অন্তৰ্গত নামৰূপৰ হাপজান পৰ্বতৰ অভয়পুৰ গাঁৱত এঘণ্টাত ৩ লাখ ৫০ হাজাৰ গছপুলি ৰোপণ কৰি গীনিজ বিশ্ব অভিলেখ স্থাপন কৰিলে । অসম পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই বিশাল কাৰ্যসূচীত বহুতো বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, আত্মসহায়ক গোটৰ সদস্য, বিভিন্ন সন্থা আৰু সংগঠনৰ সদস্যকে আদি কৰি সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়া, কৰ্মচাৰী, কৰ্মকৰ্তা সমন্বিতে প্ৰায় দহ হাজাৰ লোকে অংশগ্ৰহণ কৰে। বিয়লি এঘণ্টাৰ ভিতৰত কঠোৰ পৰিশ্ৰম কৰি বিশ্ব অভিলেখৰ এই কাৰ্যসূচীত চাৰিটা প্ৰজাতিৰ গছপুলি ক্ৰমে মেহগনি, অগৰু, তিতাচপা আৰু বগীপমা ৰোপণ কৰা হয়। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষ, বনমন্ত্ৰী  চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম বিভাগৰ  মন্ত্ৰী  ৰামেশ্বৰ তেলী, লাহোৱালৰ  বিধায়ক বিনোদ হাজৰিকা আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ সভাপতি  ৰিতুপূৰ্ণা বৰুৱা,  জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী শ্বাম, জিলা আয়ুক্ত বিক্ৰম কৈৰী, বন বিষয়া, অতিৰিক্ত আয়ুক্তসকল ক্ৰমে সংঘমিত্ৰা বৰুৱা, ড: মণিকা বৰা, ৰাহুল দলে, সহকাৰী আয়ুক্তসকল, ৰাজহ চক্ৰ বিষয়াসকল, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল প্ৰমুখ্যে স্থানীয় ৰাইজ। কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত গণনাৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ  কৰ্তৃপক্ষ উপস্থিত হয়।

প্ৰেৰক স্মৃতি

You might also like