৫ চিকিৎসালয়ত প্লাজমা দান ৩৫৯জনৰ, দানৰ বাবে যোগাযোগ কৰিছে ১,০৭১ লোকে
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই প্লাজমা দান কৰিবলৈ আগ্রহ প্রকাশ কৰিছে ৰাজ্যৰ বহুসংখ্যক লোকে৷ মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ সুস্থ হৈ উঠা এই লোকসকলে ইতিমধ্যে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিছে৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমৰ পৰা লাভ কৰা তথ্য মতে যোৱা ২০ আগষ্টৰ নিশা ১১ বজালৈকে ৰাজ্যৰ বিভিন্ন প্রান্তৰ ১,০৭১জন লোকে প্লাজমা দান কৰিবলৈ আগ্রহ প্রকাশ কৰিছে৷
এইসকল লোকে ১০৪, ছ’চিয়েল মিডিয়া আৰু ই–মেইলযোগে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰে৷ প্লাজমা দানৰ বাবে ইতিমধ্যে ৫৭৮জন লোকে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছে৷ আনহাতে যাৱতীয় পৰীক্ষা–নিৰীক্ষা কৰাৰ অন্তত ইতিমধ্যে নাম পঞ্জীয়ন কৰা ৫৬২জন লোকক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ মতা হৈছে আৰু ইয়াৰে ২৮৬জন লোকে প্লাজমা দান কৰে৷
সেইদৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা ২০ আগষ্টলৈকে ২০জন লোকে প্লাজমা দান কৰে৷ স্বাস্থ্যমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮জন লোকে যাৱতীয় পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছত প্লাজমা দান কৰে৷
সেইদৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১৯জনে আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্লাজমা বেংকত ২৬জন লোকে প্লাজমা দান কৰে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত সুস্থ হৈ উঠা এজন লোকে দান কৰা প্লাজমাৰে দুজন ক’ৰোনা ভাইৰাছত আক্রান্ত লোকক সুস্থ কৰি তুলিব পাৰি বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্লাজমা দান কৰিবলৈ সকলোকে আহ্বান জনাই আহিছে৷
প্লাজমা দান কৰিব বিচৰা লোকসকলক ১০৪ নম্বৰত ফোন কৰিবলৈ ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমে আহ্বান জনাইছে৷ তদুপৰি প্লাজমা দানৰ বাবে আগ্রহী লোকসকলক ০৩৬১–২৫৫৮৯৫৫ নম্বৰত ফোন কৰাৰ লগতে[email protected]ত ই–মেইল কৰি যোগযোগ কৰিবলৈ আহ্বান জনাইছে৷