নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ ওদালগুৰি জিলা সমিতিখন কালি মাজবাটৰ আছা ভৱনত গঠন হোৱা বুলি জানিবলৈ দিছে ৷ আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত গঠন কৰা উক্ত সমিতিখনত প্ৰদীপ কিষাণক সভাপতি, সঞ্জীত মুণ্ডাক সাধাৰণ সম্পাদক, হেমন ভূমিজ, মণ্টু কলক সাংগঠনিক সম্পাদক হিচাপে বাছনি কৰি আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ ওদালগুৰি জিলা সমিতি গঠন কৰে ৷ দিনৰ প্ৰায় ২ বজাৰ পৰা আৰম্ভ হোৱা সাধাৰণ সভাত সভাপতিত্ব কৰে আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° বানেশ্বৰ মিৰ্ধাই আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় উপ-সভাপতি বীৰছা মুণ্ডাই ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা জচোৱা বাৰ্জ, সাংগঠনিক সম্পাদক ক্ৰমে নাৰায়ণ কিষাণ, তৰেণ মাজোৱাৰ, কৃষ্ণ গণ্ড, তৰুণ মুণ্ডা আৰু প্ৰচাৰ সম্পাদক চমু মিৰ্ধা আদিৰ উপস্থিতিত উক্ত সমিতিখন গঠন কৰে ৷ শতাধিক প্ৰতিনিধি আৰু পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা উক্ত সভাত মাজবাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি গোলাপ গড়কে আদি কৰি অঞ্চলটোৰ আদিবাসী সম্প্ৰদায়ৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল বুলি জানিবলৈ দিছে ৷ ওদালগুৰি জিলা সমিতিখন পৰৱৰ্তী সময়ত পূৰ্ণাংগ কৰা হ’ব বুলি জানিবলৈ দিছে ৷
প্ৰেৰক বগা তপ্ন