🔹 শিক্ষা বিভাগক সিদ্ধান্ত বাতিল কৰিবলৈ দাবী সন্মিলিত শিক্ষক মঞ্চৰ
বিশেষ বাৰ্তা, ১১ এপ্রিল : শিক্ষাসেতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭গৰাকী শিক্ষকৰ দৰমহা কর্তনৰ নির্দেশ দিয়া হৈছে৷ জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদর্শক আদিত কুমাৰ শর্মাই শিক্ষকসকলৰ দৰমহা কর্তন কৰিবলৈ নির্দেশ দিছে৷ যোৱা ৯ এপ্রিলত এই শিক্ষকসকলৰ উপস্থিতি শিক্ষাসেতু এপত লাভ নকৰাৰ বাবেই তেওঁলোকৰ দৰমহা কর্তন কৰিবলৈ সংশ্লিষ্ট আহৰণ আৰু বিতৰণ বিষয়া (ডিডিঅ’)সকলক বিদ্যালয়সমূহৰ পৰিদর্শকগৰাকীয়ে নির্দেশ দিছে৷ অৱশ্যে আর্জিত ছুটী, শিশু যতন ছুটী, প্রসূতিকালীন ছুটী অথবা বিএড ডেপুটেচনত থকা শিক্ষকসকলৰ দৰমহা কর্তন নকৰিবলৈ বিদ্যালয়সমূহৰ পৰিদর্শকগৰাকীয়ে সংশ্লিষ্ট ডিডিঅ’সকলক নির্দেশ জাৰি কৰিছে৷ এই সন্দর্ভত ব্যৱস্থা গ্রহণৰ প্রতিবেদন ডিডিঅ’সকলে সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব বুলি নির্দেশনাটোত স্পষ্ট কৰা হৈছে৷ আনহাতে, ৩৮৭গৰাকী শিক্ষকৰ দৰমহা কর্তন কৰিবলৈ দিয়া এই নির্দেশত ক্ষোভ প্রকাশ কৰিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই৷ এক বিবৃতিত মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্রৱর্তীয়ে কয় যে ৩৮৭গৰাকী শিক্ষকৰ দৰমহা কর্তনৰ নির্দেশ এক সম্পূর্ণ অবিবেচকী কাণ্ড৷ নির্দেশনাটোত স্বাক্ষৰকাৰী বিষয়াগৰাকীয়ে কোনোধৰণৰ কৈফিয়ৎ তলব নকৰাকৈ পোনে পোনে দৰমহা কর্তন কৰিবলৈ নির্দেশ দিছে৷ এয়া দ্য আছাম ছার্ভিচেছ (ডিচিপ্লিন এণ্ড এপীল) ৰুল্ছ–১৯৬৪ৰ ৩১১ বিধিৰ উলংঘা৷ আহুকালৰ সৃষ্টি কৰা দৰমহা কর্তনৰ নির্দেশনা শীঘ্রে বাতিল কৰিবলৈ দাবী উত্থাপন কৰি শিক্ষক মঞ্চই কয় যে শিক্ষাসেতু এপৰ বিসংগতি নিৰাময় নকৰাকৈ লোৱা শাস্তিমূলক পদক্ষেপৰ বিপৰীতে শিক্ষক মঞ্চই অনিচ্ছা সত্ত্বেও গণতান্ত্রিক আন্দোলন কৰাৰ বিকল্প নাথাকিব৷ মুখ্য সভাপতি বৰঠাকুৰ আৰু মুখ্য সম্পাদক চক্রৱর্তীয়ে কয়– ‘জিলা, সমজিলাসমূহত শিক্ষা বিষয়াসকলে শিক্ষাসেতু এপত উপস্থিতি পঞ্জীয়ন কৰিবলৈ সক্ষম নোহোৱা শিক্ষকৰ দৰমহা কর্তন কৰিবলৈ তৎপৰ হৈ পৰিছে৷ এইসকল শিক্ষা বিষয়াই শিক্ষক–শিক্ষার্থীৰ সমস্যা সমাধানত যিমান তৎপৰ হ’ব লাগিছিল, তাৰ দুগুণ তৎপৰতাৰে শিক্ষকসকলৰ দৰমহা কর্তনত মনোযোগ দিয়াটো গৰিহণাৰ যোগ্য৷ এই শ্রেণীৰ বিষয়াই আজি পর্যন্ত বিদ্যালয়ত শৈক্ষিক কেলেণ্ডাৰখন যোগান ধৰাত ব্যর্থ হৈছে৷ শিক্ষক, শিক্ষার্থী তথা বিদ্যালয়কেন্দ্রিক সমস্যা সমাধান কৰিব পৰা নাই৷ কিন্তু শিক্ষকৰ দৰমহা কর্তন কৰিবলৈ নির্দেশ প্রদান কৰি দক্ষতা প্রদর্শন কৰিছে৷’ তেওঁলোকে কয় যে শিক্ষাসেতু এপৰ ছফ্টৱেৰৰ বিসংগতি, উপস্থিতি সন্দর্ভত ধৰা পৰা গুৰুত্বপূর্ণ আন আন বিসংগতি তথা আসোঁৱাহসমূহ সবিস্তাৰে বিভিন্ন সময়ত চৰকাৰী পক্ষৰ সৈতে হোৱা আলোচনাত উত্থাপন কৰি আহিছে৷ বিভিন্ন সময়ত হোৱা আলোচনাত মঞ্চই স্পষ্ট কৰি দিছে যে আসোঁৱাহসমূহ নিৰাময় নকৰা পর্যন্ত শিক্ষকসকলৰ ওপৰত যাতে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা নহয়৷ ইয়াৰ বিপৰীতে চৰকাৰী কর্তৃপক্ষই দৰমহা কর্তনৰ ভাবুকি প্রদান কৰি শিক্ষাবর্ষৰ আৰম্ভণিতে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে৷ নতুন শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূর্বৰে পৰা বর্তমানলৈ শিক্ষাসেতু এপত শিক্ষকসকলে উপস্থিতি দি আছে আৰু ভৱিষ্যতেও দি থাকিব৷ কিন্তু শিক্ষাসেতু এপৰ আসোঁৱাহ নিৰাময় সমিতিৰ প্রতিবেদন ৰাজহুৱা নোহোৱা পর্যন্ত অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰাটো কোনো কাৰণতে গ্রহণযোগ্য নহয়৷ তেওঁলোকে এই সন্দর্ভত কয়– ‘প্রাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈ শ্রেণীসমূহ আৰম্ভ হৈছে যদিও নামভর্তিৰ প্রক্রিয়া অন্ত পৰা নাই৷ দশম আৰু দ্বাদশ শ্রেণীৰ চূড়ান্ত পৰীক্ষা শেষ হৈছে৷ এনে অৱস্থাত ছাত্র–ছাত্রীৰ উপস্থিতি ক’ৰ পৰা দিয়া হ’ব৷ এতিয়াও মূল্যায়ন মণ্ডলসমূহত উত্তৰ বহীৰ মূল্যায়ন চলি আছে৷ মূল্যায়নজনিত কামত বৃহৎসংখ্যক শিক্ষক নিয়োজিত হৈ থকাৰ পৰিণতিত শিক্ষকৰ উপস্থিতি হ্রাস হোৱাটো স্বাভাৱিক৷ সেইদৰে বহু ঠাইত পঞ্চায়ত নির্বাচনৰ মাষ্টাৰ ট্রেইনিঙত একাধিক শিক্ষক জড়িত হৈ আছে৷ এনেবোৰ কাৰণত বিদ্যালয়ত শিক্ষকৰ উপস্থিতি হ্রাস পোৱাটো স্বাভাৱিক৷ সেয়েহে তেওঁলোকে ধুবুৰী জিলাত ৩৮৭গৰাকী শিক্ষকৰ দৰমহা কর্তন কৰিবলৈ নির্দেশ দিয়া কার্যক কঠোৰ ভাষাৰে গৰিহণা দিছে৷