নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৯বাৰ ৰক্তদান : নাৰায়ণপুৰৰ শিক্ষক দেৱৰাজ বৰাৰ মহানতা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ : ৰক্তদান মহৎদান বাণী সাৰোগত কৰি এতিয়ালৈকে ৩৯ বাৰকৈ ৰক্তদান কৰি ত্ৰাণকৰ্তাৰ ৰূপত নাৰায়ণৰপুৰৰ এজন শিক্ষক ৷ লখিমপুৰ জিলাৰ কোনো লোক যদি চিকিৎসাজনিত কাৰণত বিপদত পৰে তেতিয়াই উপস্থিত হয় নাৰায়ণপুৰৰ এই যুৱ শিক্ষকজন ৷ ৰোগী বা ৰোগীৰ পৰিয়ালৰ ওচৰত এমোকোৰা তামোলেৰে হাঁহিমুখেৰে বিনাদ্বিধাই হাজিৰ হয় শিক্ষকজন৷ বহুতৰে ত্ৰাণকৰ্তা হৈ পৰা শিক্ষকজন জন হৈছে নাৰায়ণপুৰৰ দেৰগঞা গাঁৱৰ প্ৰয়াত আনন্দ বৰাৰ পুত্ৰ দেৱৰাজ বৰা ৷ ভাই নামেৰে জনপ্ৰিয় দেৱৰাজ বৰা লক্ষীপুৰৰ মাধৱদেৱ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত৷ ৰক্তদানৰ বাবে আনকো উৎসাহিত কৰা দেৱৰাজ বৰা বৰ্তমান টীম হিউমিনিটী নামৰ ৰক্তদাতা সংস্থাটোৰ কেন্দ্ৰীয় মুখপাত্ৰ ৷ ২০০৬ চনত মাতৃৰ বাবে প্ৰথম ৰক্তদান কৰা দেৱৰাজ বৰাই ২০১২ চনত লখিমপুৰৰ আজাদস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণৰত অৱস্থাত সমীপৰে এগৰাকী মহিলা ৰোগীৰ চিকিৎসাৰ বাবে তেজৰ প্ৰয়োজন হোৱাত প্ৰথমবাৰ ৰক্তদান কৰে৷ ৰোগীগৰাকীৰ বাবে অধিক তেজৰ প্ৰয়োজন হোৱাত সতীৰ্থ এগৰাকী শিক্ষকক ৰক্তদানৰ বাবে আহ্বান জনায়৷ সতীৰ্থ শিক্ষকগৰাকীয়ে ৰক্তদান কৰাত উৎসাহিত হৈ আন কেইবাজন শিক্ষককো ৰক্তদানৰ বাবে দেৱৰাজ বৰাই অনুপ্ৰাণিত কৰে ৷ এনেদৰেই আনৰ বিপদত সহায়ৰ বাবে শিক্ষকজনৰ যাত্ৰা আৰম্ভ হয়৷ দেৱৰাজ বৰাৰ অনুপ্ৰেৰণাত ভাতৃ, খুৰাককে ধৰি পৰিয়ালৰ বিভিন্নজনে বহুবাৰ ৰক্তদান কৰি আহিছে৷ অসমৰ বিভিন্ন প্ৰান্তৰ বহু ৰোগীক ৰক্তদাতাৰ লগত যোগাযোগ কৰাই দি সহায় কৰি আহিছে। সম্প্ৰতি দেৱৰাজ বৰাই লখিমপুৰ জিলাৰ বহুকেইজন কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিক চিকিৎসাজনিত দিশত সহায় কৰি আছে৷ বিদ্যালয়ত শিক্ষাদানৰ ক্ষেত্ৰত কোনো অৱহেলা নকৰাকৈ দেৱৰাজ বৰাই বিপদগ্ৰস্তক বিনাস্বাৰ্থত সহায় কৰি আহিছে ।লকডাউনৰ সময়ত বহু ৰোগীক গুৱাহাটীকে ধৰি বিভিন্ন স্থানৰ পৰা ঔষধ ক্ৰয় কৰি আনি যোগান ধৰিছিল ৷ ২০১৭ চনত কৰ্কট ৰোগত আক্ৰান্ত মাজুলীৰ এজন কৰ্কট ৰোগত আক্ৰান্ত কিশোৰ আৰু তেওঁৰ পিতৃয়ে অৰ্থৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি হতাশগ্ৰস্ত হৈ দিকিবিদিক হেৰুৱাই নাৰায়ণপুৰৰ তাঁতিবাহৰৰ ৰেলৱে ষ্টেচনত ওলাইছিলহি ৷ তাঁতিবাহৰ ৰেলৱে ষ্টেচনত কান্দি থকা পিতৃ-পুত্ৰক লগ পাই দেৱৰাজ বৰাই বুজাই বঢ়াই আনি বিভিন্নজনৰ পৰা অৰ্থ সংগ্ৰহ কৰি চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল ৷ পৰৱৰ্তী সময়ত মাজুলীৰ কিশোৰজন সুস্থ হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণও হয় ৷ কৃতজ্ঞতাৰ চিন স্বৰূপে কিশোৰজনৰ পিতৃয়ে পৰৱৰ্তী সময়ত মাজুলীৰ পৰা আনি মাটি মাহৰ এটি টোপোলা আৰু গামোচা প্ৰদান কৰিছিল৷ তদুপৰি মহিলাৰ মহিলাৰ ৰক্তহীনতাৰ বিষয়ে দেৱৰাজ বৰাই সজাগতাৰ প্ৰয়াস কৰি আহিছে ৷ কোনো ৰোগীক বিশেষজ্ঞ চিকিৎসকৰ লগত যোগাযোগ কৰি দিয়া, এম্বুলেন্স যোগাৰ কৰি দিয়া, দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা আদি আঠ বছৰীয়া কন্যা আৰু দহ মহীয়া পুত্ৰ সন্তানৰ পিতৃ দেৱৰাজ বৰাই নিমিষতে কৰি দিয়ে৷ লকডাউনৰ সময়ত নাৰায়ণপুৰৰ পদপথৰ বাসিন্দাক নিয়মিতভাৱে আহাৰৰ যোগান ধৰা শিক্ষকগৰাকীক তেওঁৰ পত্নীয়ে বিপদত পৰা সকলক সহায় কৰিবলৈ প্ৰতিনিয়ত উৎসাহ যোগায়৷ অসমৰ বাহিৰত দিল্লী, মুম্বাই, পাটনা, হাইদৰাবাদ, বেংগালুৰু আদিতো ৰোগাক্ৰান্তক দেৱৰাজ বৰাই বিভিন্ন দিশত সহায় আগবঢ়াই আহিছে ৷ পিতৃৰ বছেৰেকীয়া শ্ৰাদ্ধৰ দিনা অন্য অনুষ্ঠানৰ পৰিৱৰ্তে ৰক্তদান শিবিৰৰ আয়োজন কৰিছিল যুৱ শিক্ষকগৰাকীয়ে৷ মটৰচাইকেল, গাড়ী, বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী মেৰামতিতো পাকৈত দেৱৰাজ বৰা এতিয়া বিভিন্নজনৰ বাবে বিপদৰ বন্ধু৷ আনৰ সমস্যাক নিজৰ হিচাপে গণ্য কৰি সমাধানৰ পথ বিচৰা দেৱৰাজ বৰাই ৰক্তদানৰ বাবে প্ৰতিমুহূৰ্ততে বহুজনক উৎসাহিত কৰি আহিছে। তদুপৰি অনাহকত পশু-পক্ষী নিধনক লৈ শিক্ষকজনে ৰাইজক সজাগ কৰি আহিছে৷

প্ৰেৰক সমীন কুমাৰ শইকীয়া

You might also like