নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : তিনিচুকীয়াৰ ফিল’বাৰী অঞ্চলৰ ফিল’বাৰী চাহ বাগিচাৰ খেলপথাৰত আজি একেলগে বিবাহপাশত আৱদ্ধ হল ৩৯৪ জোৰাকৈ দৰা-কইনা। তিনিচুকীয়া জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যােগত আৰু “দা হান্স ফাউণ্ডেচন”ৰ সহযোগত এই সামুহিক বিবাহ সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰ্থিককে ধৰি বিভিন্ন সমস্যাৰ বাবে সামাজিক ভাৱে বিবাহ কাৰ্য সম্পন্ন কৰিব নোৱাৰা এই সকল লোকক আজি সম্পূৰ্ণ ধৰ্মীয় নীতি-ৰিতিৰে সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হবলৈ সুযোগ প্ৰদান কৰা হয় । আজিৰ অনুষ্ঠানত স্থানীয় উদ্যোক্তা ধনীৰাম তাঁতী, ত্ৰৈলোক্য শইকীয়া, “দ্যা হান্স ফাউণ্ডেচন” নামৰ সংস্থাৰ নতুন দিল্লী কাৰ্যলয়ৰ দীনেশ ৰাউত, ধৰ্ম জাগৰণ মঞ্চৰ কুমুদ পাঠক, সীমান্ত চেতনা মঞ্চৰ প্ৰদীপ কুমাৰ, পদ্মশ্ৰী দুলাল মানকী, চাহ জনগোষ্ঠী মহাসভাৰ বীৰেন কৈৰী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নৃপেন কোঁৱৰ, প্ৰিয়ংকা পালিত, বিশ্বনাথ সিংহ, সুৰেশ পাৰিখ আৰু বীৰেন্দ্ৰ ভজনকা উপস্থিত থকা এই কাৰ্যসূচীয়ে এক অগতানুগতিক পৰিবেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীৰ আজি অন্ত পেলোৱা হয় । মুঠ ৫০০০ জোৰা দৰা-কইনাৰ সামূহিক বিবাহ কাৰ্যৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু এই লক্ষ্যৰে আজি ফিল’বাৰী চাহ বাগিছা খেলপথাৰত আয়োজন কৰা সামূহিক বিবাহ কাৰ্যসূচীৰে সম্পন্ন হয় ।
প্ৰেৰক কংকন জ্যোতি গোস্বামী