ৰিপাব্লিক ছামিটৰ তৃতীয় সংস্কৰণত অংশগ্রহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
বিশে, বাৰ্তা, ২৭ এপ্রিলঃ ‘বিজেপিয়ে তুষ্টিকৰণ অবিহনে উন্নয়ন বিচাৰে৷ বিগত ৯ বছৰৰ ভিতৰত দেশত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছে নেকি? প্রকৃততে সংঘর্ষৰ সহায়ত দোকান চলাই থকাসকলৰ বাবেহে সমস্যাটো অধিক৷ বিগত ৯ বছৰত এয়াই হৈছে মুছলমানসকলৰ সন্তুষ্টিৰ সর্বোচ্চ সময়৷’– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ নতুন দিল্লীৰ তাজ পেলেচত অনুষ্ঠিত ‘ৰিপাব্লিক ছাম্মিট’ৰ তৃতীয় সংস্কৰণত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই বিভিন্ন বিষয়ত তেওঁৰ বহুমূলীয়া অন্তর্দৃষ্টি সন্দর্ভত ব্যাখ্যা আগবঢ়ায়৷ ৰিপাব্লিক মিডিয়া নেটৱর্কৰ এডিট’ৰ ইন চীফ অর্ণৱ গোস্বামী আৰু নিউজ এংকৰ চৈয়দ সুহাইলৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই বিৰোধী শিবিৰক সমালোচনা কৰি কয় যে বিৰোধীয়ে সদায়ে ঐক্যবদ্ধ হোৱাৰ কথা কৈ থাকে৷ আচলতে এয়া তেওঁলোকৰ পৰাজয়ৰ স্বীকাৰোক্তি৷ ইয়াৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্র মোদী অপৰাজেয় নেতা৷ বিজেপিয়ে ব্যক্তিগত উচ্চাকাংক্ষা থকা ৰাজনৈতিক দলৰ সৈতে মিত্রতা নকৰে৷ আমি ৰাষ্ট্রীয় উচ্চাকাংক্ষা থকা দলৰ সৈতেহে মিত্রতা কৰিম৷ যিয়ে ভাৰতক মহা শক্তিধৰ কৰি তুলিছে৷ বিজেপিৰ এটা নির্দিষ্ট মতাদর্শগত দৃষ্টিভংগী আছে৷ যাৰ লগত দলে আপোচ কৰিব নোৱাৰে৷ ‘ৰূপান্তৰৰ সময়’ (টাইম অৱ ট্রেন্সফর্মেচন) শীর্ষক কালিৰে পৰা আৰম্ভ হোৱা ‘ৰিপাব্লিক ছাম্মিট’ৰ তৃতীয় সংস্কৰণত মুখ্যমন্ত্রী ড০ শর্মাই চৰকাৰৰ জনমুখী নীতিৰ বাবে সংখ্যালঘুসকল সর্বাধিক উপকৃত হোৱা বুলি দাবী কৰে৷ এই প্রসংগত তেওঁ কয় যে সংখ্যালঘুসকলো দৰিদ্র৷ যদি পৰিসংখ্যাগত দিশৰ পৰা চোৱা হয়, তেন্তে সর্বাধিক সংখ্যক সংখ্যালঘু লোক চৰকাৰৰ জনমুখী নীতিৰ দ্বাৰা উপকৃত হৈছে৷ সেইবাবেই সংখ্যালঘুসকলৰ লগত আমাৰ কোনো সমস্যা নাই৷ ধাৰণাৰ এখন বজাৰ থাকে৷ কোনোবাই এই ধাৰণাৰ সৃষ্টি কৰে৷ ধর্মৰ ভিত্তিত নহয়, দৰিদ্র লোকক আবণ্টন দিয়া সর্বাধিক সংখ্যক ঘৰেই দুখীয়া পৰিয়ালে লাভ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ বক্তব্যৰ মাজেৰে বৈদিক দর্শন আৰু মাদ্রাছাৰ মাজত থকা পার্থক্যৰ ৰূপৰেখাও দাঙি ধৰে৷ ‘সংখ্যালঘুবিৰোধী’ বুলি থকা ধাৰণাক নস্যাৎ কৰি বৈদিক শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ মাদ্রাছা সন্দর্ভত নিজৰ দৃষ্টিভংগী আগবঢ়ায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁৰ প্রশাসনে অসমৰ সংখ্যালঘুসকলক গতানুগতিক ধাৰণাৰ পৰা মুক্ত কৰাৰ হকে কাম কৰিছে৷ সংখ্যালঘুসকলক তেওঁলোকৰ ধাৰণাৰ পৰা মুক্ত কৰিবলৈ আমি কঠোৰ পৰিশ্রম কৰিছোঁ৷ সেয়েহে আজি মই যদি অসমৰ যিকোনো সংখ্যালঘু অধ্যুষিত অঞ্চললৈ যাওঁ তাত সংখ্যাগুৰু অধ্যুষিত প্রধান অঞ্চলৰ দৰেই জনসমাগম ঘটিব৷ কাৰণ আমি তেওঁলোকৰ বাবে টুষ্টিকৰণৰ পৰিৱর্তে বাস্তৱ অর্থত কাম কৰি আছোঁ৷ মূলসুঁতিৰ ৰাজনীতিত সংখ্যালঘু গোটসমূহক কেনেকৈ কেৱল ভোটবেংক হিচাপে অৱনমিত কৰা হৈছিল, এই সম্পর্কে উল্লেখ কৰি তেওঁ কয় যে মই মাদ্রাছা বন্ধ কৰাৰ কথা কৈছোঁ, কাৰণ সংখ্যালঘু সম্প্রদায়ৰ মাজতো চিকিৎসক আৰু অভিযন্তাৰ প্রয়োজন৷ যদি বৈদিক দর্শনে কাৰোবাক পূজাৰী হোৱাৰ কথা কয়, তেন্তে সেয়াও মই বন্ধ কৰিবলৈ ক’ম৷ ভাৰতবর্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পিছত সংখ্যালঘু সম্প্রদায়ৰ মাজত মোল্লাৰ নহয়, প্রয়োজন চিকিৎসক আৰু অভিযন্তাৰ৷ বৈদিক শিক্ষা ব্যৱস্থাৰ তাৎপর্যৰ বিষয়ে ব্যাখ্যা কৰিবলৈ গৈ মুখ্যমন্ত্রী ড০ শর্মাই বৈদিক গণিত মূল গণিততকৈ উন্নত বুলি মন্তব্য কৰে৷ তেওঁ কয় যে বেদ হৈছে এক জ্ঞান, বেদে বিজ্ঞানৰ কথা কয়, বেদে দর্শনৰ কথা কয়৷ সেয়েহে বৈদিক জ্ঞান কেৱল এখন গ্রন্থতে আবদ্ধ নহয়৷ বৈদিক দর্শন সমগ্র বিশ্বব্রহ্মাণ্ডতে আবদ্ধ হৈ আছে৷ আইন–শৃংখলাৰ উন্নয়নৰ ক্ষেত্রতেই প্রধানতঃ গুৰুত্ব দিয়া বুলিও তেওঁ মন্তব্য কৰে৷ এই প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাৰ ভাষ্য আছিল এনেধৰণৰ– ‘মোৰ মূল গুৰুত্ব উন্নয়ন আৰু আইন–শৃংখলাৰ ওপৰত৷ জিডিপি–সাক্ষৰতা–জন্ আয়ৰ ক্ষেত্রত অসমক শীর্ষ ১০খন ৰাজ্যৰ তালিকাত অন্তর্ভুক্ত কৰাটোৱেই মোৰ মূল লক্ষ্য৷’ মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰা অনুসৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ জিডিপিৰ হাৰ বৃদ্ধি পাইছে৷ যোৱা মাহত অসম বিধানসভাই ২০২৩–২৪ বিত্তীয় বর্ষৰ বাবে ৩.২২ লাখ কোটি টকাৰ বাজেট গৃহীত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইমছক বাদ দিও অসমৰ দৰে এখন সৰু ৰাজ্যত ২৪খন চিকিৎসা মহাবিদ্যালয় নির্মাণ হৈ আছে৷ জিডিপিৰ ক্ষেত্রত দেশৰ ভিতৰতে ১৭সংখ্যক স্থানত আছে অসম৷ পঞ্জাবৰ সৈতে আমি প্রতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হৈছোঁ৷ বিগত বর্ষৰ পৰিসংখ্যা অনুসৰি অসমৰ জিডিপি ৫ লাখ কোটি টকা হোৱাৰ বিপৰীতে চণ্ডীগড়সহ পঞ্জাবৰ আছিল ৫.৫ লাখ কোটি৷ ক’ভিড–১৯ৰ সময়ছোৱাক বাদ দি প্রতিবছৰে অসমৰ ১৪–১৫ শতাংশ বৃদ্ধি হৈছে৷ বিগত দুই–তিনি বছৰত অসমত বিনিয়োগ হৈছে এক লাখ কোটি টকাতকৈও অধিক৷ ইফালে ২০১৪ চনৰ পিছত উত্তৰ–পূর্বাঞ্চলৰ আইন–শৃংখলাজনিত পৰিস্থিতিৰ ব্যাপক পৰিৱর্তন হোৱা বুলিও তেওঁ মন্তব্য কৰে৷ এই সন্দর্ভত ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে দশক দশক ধৰি সশস্ত্র সংঘাতৰ মাজত অতিবাহিত কৰা উত্তৰ–পূর্বাঞ্চললৈ এতিয়া ব্যাপক পৰিৱর্তন আহিছে৷ ভাৰতৰ বাকী অংশৰ সৈতে সংযুক্ত হৈ পৰিছে উত্তৰ–পূর্বাঞ্চল৷ ২০১৪ চনৰ পিছত উত্তৰ–পূর্বাঞ্চললৈ শান্তি ঘূৰি আহিছে৷ উত্তৰ–পূর্বাঞ্চলক অনা হৈছে মূলসুঁতিলৈ৷ বিগত দুটা বছৰত অসমত বাঁওপন্থী, সোঁপন্থী বা ছাত্র–ছাত্রীৰ কোনো প্রতিবাদ হোৱা নাই৷ নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চললৈ হাত আগবঢ়োৱাৰ প্রচেষ্টাত সফল হৈছে৷ ৰিপাব্লিক মিডিয়া নেটৱর্কৰ এডিটৰ ইন চীফ অর্ণৱ গোস্বামীৰ সৈতে মত বিনিময় কৰি বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰক তীক্ষ্ণ কটাক্ষ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ কয় যে কোনোধৰণৰ সহায়–সমর্থন অবিহনে নীতিশ কুমাৰে থিয় হৈ থাকিব নোৱাৰে৷ নিজাববীয়াকৈ থিয় হ’ব নোৱাৰা নীতিশ কুমাৰে কাৰো সমর্থন অবিহনে জয়ী হ’বলৈও অক্ষম৷ নীতিশ কুমাৰৰ বাবে আমাৰ দুৱাৰ আনুষ্ঠানিকভাৱে বন্ধ হৈ গৈছে৷ অকল ইমানেই নহয়, বিহাৰৰ মুখ্যমন্ত্রীজনক শচীন তেণ্ডুলকাৰৰ সৈতে তুলনা কৰি তেওঁ কয় যে শচীন তেণ্ডুলকাৰ যিদৰে দ্বিশতক অর্জনত পার্গত, ঠিক একেদৰে নীতিশ কুমাৰো পক্ষ সলনি কৰাত পার্গত৷ উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত ৰিপাব্লিক ছাম্মিটৰ তৃতীয় সংস্কৰণত ৰাজনীতিৰ পৰা অর্থনীতিলৈ, বিশ্ব পৰিক্রমাৰ পৰা বিত্তলৈ, শাসন ব্যৱস্থাৰ পৰা ব্যৱসায়–আধ্যাত্মিক বিভিন্ন বিষয় আলোচিত হৈছে, য’ত বিভিন্ন ক্ষেত্রৰ বহু প্রভাৱশালী নেতাই অংশগ্রহণ কৰে৷