নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান : ৪-৫ হ’গ ডীয়াৰৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা ৫ জুলাই : মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্ৰ একশিঙীয়া গঁড়ৰ আবাস ভূমি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিও বানৰ কবলত। দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবে পাঁচনৈ আৰু পশ্চিমে ধনশ্ৰী নৈৰ বাঢ়নী পানী সোমাই বিগত ৩-৪ দিন ধৰি উদ্যানৰ ৬০-৭০ শতাংশ উদ্যান-ভূমি প্লাবিত কৰে। ওখ ভূমিত আশ্ৰয় লৈ একাংশ জীৱ-জন্তুই প্ৰাণৰক্ষা কৰাৰ বিপৰীতে হৰিণ আদি জীৱ-জন্তু গৈছে পানীত উটি। ইয়াৰ অধিকাংশই সাঁতুৰি-নাদুৰি বাহিৰলৈ ওলাই গৈ বিভিন্ন স্থানত আশ্ৰয় লৈছে যদিও ইতিমধ্যে ৪-৫ Hog Deer ব্ৰহ্মপুত্ৰত ডুবি মৃত্যু মুখত পৰিছে। অৱশ্যে চৰত আশ্ৰয় লোৱা বহুকেইটা হৰিণা  জীৱন্তে উদ্ধাৰ কৰি নিৰ্লোভ তথা বন্যজৈৱ প্ৰেমী চৰবাসী লোকৰ উপৰি মঙলদৈৰ আৰক্ষীয়ে উদ্যান কৰ্তৃপক্ষক খবৰ দি চমজি দিছে। ১২৫টা গঁড়, প্ৰায় ২০টা হাতী, ২৮টা বাঘ, সহস্ৰাধিক পহু, ১৬০টা নলগাহৰি আদি আপুৰুগীয়া বন্যপ্ৰাণীৰ বিচৰণভূমি এই উদ্যানখনৰ সুৰক্ষাত ব্ৰতী বনকৰ্মীসকলৰ আশ্ৰয় আৰু নিৰীক্ষণস্থল বন শিবিৰবোৰৰ ভিতৰত বানৰ কবলত পৰিছে ২০টা বনশিবিৰ।বেলশিৰি, পিচলা, মৰিশালী, পুৰণা গৰাভঙা, ৰামকং, খৈড়াচালি আদি বন শিবিৰৰ উপৰি নতুন চহৰৰ বনশিবিৰবোৰ আজিও বিপদসংকুলতাত আছে। উদ্যানৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ তীব্ৰবেগী সোতে অব্যাহত ৰাখিছে ভয়ানক গৰাখনীয়া। উদ্যানৰ ভিতৰত পানীৰ সোঁতে ছিঙি ছিন্ন-বিছিন্ন কৰিছে বহুতো বাট-পথ। ভাঙিছে ৫টাকৈ কালভাৰ্ট। এনে অসুচল অৱস্থাত বনকৰ্মীসকলে হাট নাও, মেচিন নাওত উঠি দিনে-নিশাই ৰাখিছে চোকা পহৰা। পহৰাৰত আৰু বন শিবিৰত থকা বনকৰ্মীসকলৰ শূন্যহীন বিৰতি বা ক্ৰান্তময় ব্যস্ততাৰ এই সময়ছোৱাত দৰঙৰ ডি এফ অ’ প্ৰদীপ্ত বৰুৱাই  নাওত উঠি বিতৰণ কৰি ফুৰিছে খাদ্য-সামগ্ৰী।
প্ৰেৰক অতুল নাথ
You might also like