বিশেষ বাৰ্তা, ২০ জুলাই : অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজাত পদাৰ্থ বিভাগৰ মন্ত্ৰী যোগেন মহনে ১৭ জুলাইত দিখৌ নদীৰ বাঢ়নী পানীত দুৰ্ভাগ্যবশতঃ ডুব গৈ মৃত্যুক আঁকোৱালি লোৱা কুশল ৰাভাৰ পত্নী দীপ্তি ৰাভাৰ হাতত ৪ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে। উল্লেখযোগ্য যে দিখৌ নদীৰ বাঢ়নী পানীত নাজিৰা আৰু শিৱসাগৰ ৰাজহ চক্ৰৰ বিস্তীৰ্ণ এলেকা পানীত ডুব যোৱাৰ ফলত উক্ত এলেকাটোৰ কৃষিভূমিকে আদি কৰি শিক্ষানুষ্ঠান আৰু যথেষ্টসংখ্যক বাসগৃহ বানৰ কবলত পৰে। দুৰ্ভাগ্যবশতঃ ১৭ জুলাইত চেৰেকাপাৰ খেলুৱা গাঁও নিৱাসী তথা চেৰেকাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত সুশীল ৰাভাৰ পুত্ৰ কুশল ৰাভাই এখন কলৰ ভূৰ লৈ ঘৰৰ পৰা ৰাস্তা অভিমুখে আহি থকা অৱস্থাত বাঢ়নী পানীত পৰি মৃত্যুমুখত পৰে। ১৯ জুলাইত অসম চৰকাৰৰ হৈ মন্ত্ৰী যোগেন মহনে উক্ত পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ ৪ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ উপৰি ব্যক্তিগতভাৱেও পৰিয়ালটোক কিছু পৰিমাণে আৰ্থিক সহায় আগবঢ়ায়। লগতে মন্ত্ৰী মহনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে উক্ত অঞ্চলৰ বিশেষকৈ চেৰেকাপাৰ সূৰুয নগৰৰ স্থানীয় বাসিন্দাসকলৰ লগত মন্ত্ৰীগৰাকীয়ে এক মত বিনিময় তথা স্থানীয় অঞ্চলৰ উন্নয়ন সন্দৰ্ভত আলোচনাত মিলিত হয়। উক্ত আলোচনাত মন্ত্ৰীগৰাকীয়ে সূৰুয নগৰৰ প্ৰধান পথটোৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। লগতে উক্ত অঞ্চলৰ বাসিন্দাসকলৰ বাবে জলজীৱন মিছনৰ এখন আঁচনিৰ ব্যৱস্থা কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ অধীনত বানপানী, ধুমুহা আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগত কোনো ব্যক্তিৰ মৃত্যু হ’লে সেই ব্যক্তিৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা আছে আৰু উক্ত ব্যৱস্থাৱলীৰ অধীনতে মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক ধনৰাশি প্ৰদান কৰে।