নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঁহী কলেজৰ ৪ ছাত্ৰক নিলে মহটিয়াই, বাহনতে লাগি গ’ল চাইকেল

🔹 মঙলদৈত নম্বৰপ্লেটবিহীন বাহন চালকৰ অতপালি
ষ্টাফ ৰিপৰ্টাৰ,  ১৩ আগষ্ট : মঙলদৈৰ বেজপাৰাৰ সমীপত আজি পুৱাৰ ভাগতে ডাঁহী কলেজলৈ গৈ থকা ৪জনকৈ ছাত্ৰক এক নম্বৰপ্লেটবিহীন বাহনে মহটিয়াই নিয়া ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বাহনচালকে হিট এণ্ড ৰান কৌশল লৈ দুৰ্ঘটনাস্হলীৰ পৰা পলায়ন কৰে যদিও মঙলদৈ নগৰবাহীত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে আজি পুৱাৰ ভাগত ১নং বেজপাৰাৰ পৰা ডাঁহী কলেজত উচ্চতৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰত ৪গৰাকী ছাত্ৰ ক্ৰমে লাচিত ডেকা, বকুল কলিতা, সম্ৰাট কলিতা আৰু মানস কলিতা কলেজলৈ বুলি ঘৰৰ পৰা ওলাই আহে। অতিকে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰকেইগৰাকীয়ে নিতৌ চাইকেল লৈ অহা-যোৱা কৰে আৰু আজিও ঘৰৰ পৰা ওলাই আহে। ছাত্ৰকেইজনে নোৱা নৈৰ দলং পাৰ হৈ কেঁকুৰি দুটা অতিক্ৰম কৰাৰ পাছতে এখন নম্বৰপ্লেটবিহীন টিয়াগো বাহনে মহটিয়াই লৈ যায়। এমপিকে পথৰ উক্ত পথছোৱা আহল-বহল আৰু শেহতীয়াকৈ সম্প্ৰসাৰিত কৰা হৈছে যদিও চালকে ড্ৰাগছ সেৱন কৰি বাহন চলোৱাৰ পৰিণতিতে এনেদৰে মহটিয়াই লৈ যোৱা বুলি অভিযোগ কৰিছে। আশ্চৰ্যজনকভাৱে বাহনচালকে ৪জন ছাত্ৰৰ মাজৰ লাচিত ডেকাসহ চাইকেলখন বাহনত লাগি প্ৰায় ৩০০ মিটাৰ যোৱাৰ পাছত চাইকেলৰ পৰা এৰা পৰে আৰু অতি সংকটজনক হৈ পৰে শাৰীৰিক অৱস্হা। আঘাতপ্ৰাপ্তসকলক বাহনচালকে চিকিৎসাৰ ব্যৱস্হা কৰাৰ সলনি দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ৰাইজে হিট এণ্ড ৰান কৌশল অৱলম্বন কৰা বাহনখনৰ পাছ লয় আৰু বহু দূৰ খেদি খেদি গৈ নগৰবাহীত বাহনখন জব্দ কৰে। ইপিনে, আৰক্ষীয়ে এম্বুলেন্সৰ সহায়ত দুৰ্ঘটনাস্হলীৰ পৰা ৪ ছাত্ৰক উদ্ধাৰ কৰি আনি মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। চিকিৎসালয়ত শাৰীৰিক অৱস্হা গুৰুতৰ হোৱাত সম্ৰাট কলিতা আৰু বকুল কলিতাক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। দুয়োজনে ভৰি, হাত, বুকু আৰু মূৰত আঘাত পোৱাই নহয়, কেইবাডালো হাড় ভাগি যোৱাত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈ পৰা বুলি পৰিয়াল সূত্ৰে প্ৰকাশ। আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি বাহনৰ গৰাকীসহ চালকৰ বিৰুদ্ধে বিশেষ গোচৰ ৰুজু কৰিছে। বাহনখন ক্ৰয় কৰাৰ বহুদিন পাছতো পঞ্জীয়ন নকৰা আৰু বীমাকৰণ সন্দৰ্ভতো ত্ৰুটি থকা বুলি ভিন্নজনে অভিযোগ কৰিছে যদিও বাহনৰ মালিক আৰু কোনে ড্ৰাগছ খাই পুৱাতে এনে ভয়াৱহ কাণ্ড কৰিলে সেই লৈ আৰক্ষীয়ে এই পৰ্যন্ত কোনো অভিমত দিব পৰা নাই। কেৱল মঙলদৈ ২নং ৱাৰ্ডৰ কোনো লোকৰ নামত পঞ্জীয়ন হৈ থকা বুলি প্ৰকাশ কৰিছে। ইপিনে, দৰিদ্ৰ ছাত্ৰকেইগৰাকীৰ চিকিৎসাৰ বাবে ডাঁহী অঞ্চলৰ ৰাইজে ধন সংগ্ৰহ কৰি চিকিৎসাৰ দিহা কৰাত আগবাঢ়িছে। ঠেলাচালক, দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা অভিভাৱকৰ সন্তানকেইটাৰ জীৱন ৰক্ষাৰ বাবেই ৰাইজ আগবাঢ়ি আহিছে। মঙলদৈৰ বিধায়ক তথা সাংসদকো ৰাইজে সামান্য বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে।
প্ৰেৰক দিগন্ত শৰ্মা
You might also like