৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰে অসম গ্ৰন্থমেলা দুলীয়াজানৰ সামৰণি
📌 পানী আৰু অম্লজানৰ সমানেই গ্ৰন্থৰো প্ৰয়োজন আছেঃ ডাঃ ৰণোজ পেগু
📌 কেৱল ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমীয়া ভাষাৰ সংৰক্ষণ-সংবৰ্ধন কৰিব নোৱাৰে : দিগন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ “গ্ৰন্থমেলাসমূহে কিতাপৰ প্ৰসাৰ আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এক আশাব্যঞ্জক পৰিৱেশ গঢ়ি তুলিছে৷ অসমীয়া ভাষাৰ বাবে যিসকলে অক্লান্ত পৰিশ্ৰম আৰু সাধনা কৰিছিল, যুগ যুগ ধৰি কৰা সাধনাৰ ফলত আজিৰ সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এটা সুকীয়া মৰ্যদা প্ৰদান কৰিছে। অসমীয়া ভাষাটোক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰাত সেইসকল অক্লান্ত সাধকসকলক ভাষা গৌৰৱৰ উদযাপনৰ সময়তে শ্ৰদ্ধাৰে সোঁৱৰণ আৰু ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ কিন্তু ভাষাৰ সংকট এতিয়াও আঁতৰি যোৱা নাই৷ কেৱলমাত্ৰ ধ্ৰুপদী ভাষাৰ মৰ্যদাই অসমীয়া ভাষাৰ সংৰক্ষণ সংবৰ্ধন কৰিব নোৱাৰে। স্থায়িত্ব প্ৰদান নকৰে। অসমীয়া ভাষালৈ সংকট নামি অহাৰ সমান্তৰালভাৱে আধুনিক ভাৰতীয় প্ৰতিটো ভাষালৈ একে প্ৰত্যাহ্বান সৃষ্টি হৈছে। ইয়াৰ কাৰণ হিচাপে নব্য অভিজাততন্ত্ৰ আৰু ইউৰোপীয়ান সংস্কৃতিৰ প্ৰতি সন্মোহনে আমাৰ ভাষা-সাহিত্যৰ প্ৰতি শংকা নমাই আনিছে৷ এনেধৰণৰ মননধাৰা যদি আমি পৰিৱৰ্তিত কৰিব নোৱাৰো, কেৱল মাত্ৰ ধ্ৰুপদী ভাষাৰ মৰ্যদাই অসমীয়া ভাষাৰ স্থায়িত্ব কোনো নিশ্চয়তা প্ৰদান কৰিব নোৱাৰিব।” এই মন্তব্য কৰে সাহিত্য অকাদেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক, বিশিষ্ট লেখক-অনুবাদক দিগন্ত বিশ্ব শৰ্মাই ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৫ নৱেম্বৰৰ পৰা বিহুতলীত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ আজি সামৰণী অনুষ্ঠানৰ মুকলি সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰি ভাষণ প্ৰসংগত ভাষাৰ সংকটৰ পাছতে সাহিত্য সন্ধিক্ষণৰ সন্দৰ্ভত কয় যে সমুদ্ৰৰ সিপাৰে কিছুমান সাহিত্য তত্ব সৃষ্টি হয়। এটা সময়ত সৃষ্টি হৈছিল ধ্ৰুপদী সাহিত্য যুগ, তাৰপাছত ৰোমান্টিক যুগ, আধুনিক যুগ আৰু তাৰপাছত উত্তৰ আধুনিক যুগ দেখা গৈছে। এতিয়া উত্তৰ আধুনিক যুগো অতিক্ৰান্ত হৈ উত্তৰ উত্তৰাধুনিকতাবাদৰ যুগ আৰম্ভ হৈছে। যি উত্তৰ উত্তৰাধুনিকতাবাদৰ তত্ত্বই সাহিত্যক দিকভ্ৰান্ত কৰিছে৷ আমি এতিয়া পাশ্চাত্যৰ বশীভূত, পাশ্চাত্যৰ প্ৰতি সন্মোহিত। আমি কপিসূলভ মানসিকতাৰে সমুদ্ৰৰ সিপাৰৰ শিক্ষা তত্বসমূহক একেবাৰে পাইকাৰী হাৰত অনুসৰণ কৰোঁ। এই কথাটোৱে ভাৰতীয় সাহিত্যলৈ অসমীয়া সাহিত্যৰ সহিতে কেৱল প্ৰত্যাহ্বান সৃষ্টি কৰিছে। ইয়াৰ পৰিণতিত ভাৰতীয় সাহিত্যৰ যি সনাতন প্ৰমূল্য সেই সনাতন প্ৰমূল্যৰ পৰা ক্ৰমশঃ ক্ৰমবৰ্ধমান ৰূপত বিচ্ছিন্ন হৈ পৰিছোঁ। ভাষণ প্ৰসংগত তেওঁ পুনৰ কয় যে এতিয়া সাহিত্যত পুনঃনিৰ্মাণৰ তত্ব এটা নতুনকৈ আৰম্ভ হৈছে। অৰ্থাৎ ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্যক নতুনকৈ লিখা ধৰণৰ এক অদ্ভুত তত্ত্ব সৃষ্টি হৈছে। দহহাজাৰ বছৰ আগৰ মানসিকতাক এতিয়া একবিংশ শতিকাৰ মানসিকতাই ৰোধ কৰি একবিংশ শতিকাৰ চেতনাৰে দহ হাজাৰ বছৰৰ আগৰ সৃষ্টিক নতুনকৈ নিৰ্মাণ কৰিব। কাৰণ আধুনিক সাহিত্যই মহাকাব্যৰ দৰে জীৱন্ত কালজয়ী সাহিত্য সৃষ্টি কৰাৰ সামৰ্থ্য কেতিয়াবাই হেৰুৱাই পেলাইছে। এইক্ষেত্ৰত দিগন্ত বিশ্ব শৰ্মাই এটা বিশেষ সামাজিক ৰাজনৈতিক আদৰ্শৰ প্ৰৰোচনাত যে এই পুনঃনিৰ্মাণ তত্বই গতি লাভ কৰিছে সেই বিষয়ে স্পষ্টকৈ ব্যক্ত কৰি কয় যে ইয়াৰ মূল উদ্দেশ্যই হ’ল ভাৰতীয় সাহিত্যৰ বিকৃতকৰণ। যদি ৰামায়ণ মহাভাৰতৰ দৰে কালজয়ী মহাকাব্যসমূহে অনুপ্ৰাণিত কৰিব পৰা নাই তেন্তে সেইসমূহ দলিয়াই নতুন মহাকাব্য সৃষ্টি কৰা। কিন্তু আধুনিক মনিষীয়ে কালজয়ী মহাকাব্য সৃষ্টি কৰাৰ ক্ষমতা নাই। কাৰণ মঙহ খোৱা মন মগজুৰে মহাকাব্যক বিশ্লেষণ কৰাৰ ধৃষ্টতা প্ৰদৰ্শন কৰিছে এচামে। এইক্ষেত্ৰত অভিভাৱক সকলকো উদ্দেশ্যি বিশিষ্ট অতিথি দিগন্ত বিশ্ব শৰ্মাই কয় যে সন্তানক ভাৰতীয় সংস্কৃতিৰ বিষয়ৰ ইংৰাজী কিতাপ পঢ়োৱাৰ আগতে সেই লেখকৰ মননধাৰা জানি লওক। কাৰণ জনৈক পাটনায়কৰ দৰে লেখকে ৰামায়ণ, মহাভাৰত, দময়ন্তী, সাবিত্ৰী, সীতাৰ ওপৰত কিতাপ লিখে সম্পূৰ্ণ বিকৃত কৰি। সাহিত্য সন্ধিক্ষণে দেখা দিয়া আন এটা কাৰণ হিচাপে তেওঁ সনাতন প্ৰমূল্যৰ বিষয়ে তাকৰীয়া সীমাবদ্ধ আলোচনাৰ কথা উল্লেখ কৰে। আনহাতে তেওঁ প্ৰসংগক্ৰমে দিব্যজীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী ঋষি অৰবিন্দৰ বাণীৰ উদ্ধৃতিৰে হৃদয় বৃত্তি আৰু চিন্তা বিপ্লৱৰ কথাও বিস্তৃতভাৱে আলোকপাত কৰে। এইক্ষেত্ৰত চিন্তা আন্দোলনক সাহিত্য, কাব্য আৰু শিল্পই সহায় কৰি পৃথিৱীখনক পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত মানৱ সভ্যতাক বিকাশ সাধন কৰাত আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰে। সেই দৃষ্টিৰে সকলোকে কাব্য সাহিত্য আৰু শিল্পক মূল্যাংকণ কৰিবলৈ আহ্বান জনাই সু-বক্তা দিগন্ত বিশ্ব শৰ্মাই। তৈল নগৰী দুলীয়াজানত ৪০ লাখ টকাৰ কিতাপ বিক্ৰী আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি বৰ্ণিল কাৰ্যসূচী ৰূপায়ণেৰে সফল সামৰণি পৰিল ২০২৪-২৫ বৰ্ষৰ প্ৰথমখন অসম গ্ৰন্থমেলাৰ৷ সামৰণী সভাখন প্ৰিন্সিপ্ৰিয়া নাথে পৰিৱেশন কৰা এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয়। এই সভাতে মুখ্য অতিথিৰ আসন অলংকৃত কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় যে “মানুহে শাৰীৰিক সুস্থতাৰ বাবে ব্যায়াম কৰে, মানসিক সুস্থিৰতাৰ বাবে যোগ বা ধ্যান কৰে ৷ সমান্তৰালভাৱে মানুহৰ মনক সংযত বা নিয়ন্ত্ৰণত ৰাখিব পাৰে পুথি অধ্যয়নে ৷ কিতাপে অশান্ত মনক শান্ত কৰিব পাৰে৷ সেয়ে সৰুৰে পৰা ল’ৰা-ছোৱালীক কিতাপৰ প্ৰতি আকৰ্ষিত কৰি পঠনৰ জৰিয়তে মানসিক ব্যায়ামৰ প্ৰশিক্ষণ দিয়া উচিত৷ গ্ৰন্থমেলাই এনে পৰিৱেশ সৃষ্টিত নিশ্চয় ইন্ধন যোগায়৷ কাৰণ গ্ৰন্থমেলাত মানুহে কিতাপৰ সান্নিধ্য লাভ কৰে৷ জীৱনৰ বাবে পানী আৰু অম্লজানৰ দৰেই কিতাপো সমানেই প্ৰয়োজনীয়৷ ৬৪টা কলাৰ ভিতৰত সহজ কলা হৈছে কিতাপ পঢ়া৷ কিতাপে দিয়া জ্ঞানৰ যেতিয়াই প্ৰজ্ঞালৈ উত্তৰণ ঘটে তেতিয়াই পৰম আনন্দৰে পুলকিত হ’ব পাৰি৷ তেওঁ প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া “পঢ়ে ভাৰত বঢ়ে ভাৰত” শ্লোগানৰ প্ৰসংগ ভাষণত উল্লেখ কৰি অসমত কিতাপ পঢ়াৰ আন্দোলনত সকলোকে চামিল হ’বলৈ আহ্বান জনায় ৷” সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে বিশিষ্ট বিজ্ঞানী, লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে৷ ভাষণত তেওঁ কয়— “ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা আয়োজন কৰাটো ৰাজ্যবাসীৰ বাবে আনন্দৰ বতৰা ৷ ইয়াৰ জৰিয়তে গ্ৰন্থৰ প্ৰসাৰ হোৱাৰ লগতে বৌদ্ধিক পৰিৱেশ সমৃদ্ধ হৈছে৷” তেওঁ লগতে কয় যে এটি শিশুৱে তিনি মাহৰ পৰাই কিতাপৰ সৈতে চিনাকি হ’ব পাৰে৷ মাকৰ মুখেৰে শুনা সাধুবোৰেই শিশুসকলক কিতাপৰ প্ৰতি বা পঢ়াৰ প্ৰতি ক্ৰমশঃ আগ্ৰহী কৰি তুলিব পাৰে৷ এনেদৰে পঠন অভ্যাস গঢ় লৈ উঠে৷ গতিকে শিশু উপযোগী অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰয়োজন আছে৷ অভিভাৱক সকলে সন্তানক কেৱল মাৰ্কশ্বিটৰ বাবে প্ৰয়োজন হোৱা কিতাপৰ মাজতে সীমাৱদ্ধ ৰখা অনুচিত৷ জ্ঞান অৰ্জনৰ বাবে উৎসাহী হ’ব পৰা অন্য কিতাপৰ প্ৰতিও আগ্ৰহী কৰি তুলিব লাগে সন্তানক ৷ অসম গ্ৰন্থমেলাই এনে পৰিৱেশ গঢ়াত উদগনি যোগাইছে বুলি আমি ভাবিব পাৰোঁ ৷” আনহাতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সভাত আদৰণী ভাষণ আগবঢ়াই কয় যে “ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ গ্ৰন্থমেলা সম্প্ৰসাৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে৷ জিলা সদৰৰ উপৰি অন্য স্থানতো এই গ্ৰন্থমেলা আয়োজনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ গ্ৰন্থ বিক্ৰীৰে ৰাজ্যৰ প্ৰকাশন উদ্যোগটোক শক্তিশালী কৰা তথা বৌদ্ধিক পৰিৱেশ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে অসম গ্ৰন্থমেলা আয়োজন কৰা হৈছে ৷ দুলীয়াজানত সাতদিনীয়াকৈ অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাত প্ৰায় ৪০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে ৷ এয়া লেখক-পাঠক-প্ৰকাশক সকলো পক্ষৰ বাবে শুভ সংবাদ৷ দুলীয়াজানবাসীৰ সহযোগিতাৰ বাবে এয়া সম্ভৱ হৈছে ৷ এই সহায়-সহযোগিতাৰ বাবে দুলীয়াজানবাসী ধন্যবাদৰ পাত্ৰ৷” সভাখনত অংশগ্ৰহণ কৰে অইল ইণ্ডিয়াৰ মানৱ সম্পদ বিভাগৰ কাৰ্যৱাহী সঞ্চালক মাধুৰ্য বৰুৱা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম চৌধুৰীকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তিয়ে ৷ অসম প্ৰকাশন পৰিষদৰ সদস্য, বিশিষ্ট লেখক ড° সত্যকাম বৰঠাকুৰে সামৰণী সভাত শলাগৰ শৰাই আগবঢ়ায় ৷ ইয়াৰ পাছতে কালি শিশুৰ দিন উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতা আৰু বিগত ছয় দিন ধৰি বিদ্যালয়-মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়৷ সাংস্কৃতিক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, তিনিচুকীয়া, দ্বিতীয় স্থান লাভ কৰিছে দুলীয়াজান মহাবিদ্যালয়ে, তৃতীয় স্থান লাভ কৰিছে ঊষাপুৰ মাধ্যমিক বিদ্যালয়ে আৰু যুটীয়াভাৱে চতুৰ্থ স্থান লাভ কৰিছে সাহিত্যৰথী জাতীয় বিদ্যালয় আৰু চেইন্ট জেভিয়াৰ্ছ হায়াৰ চেকেণ্ডাৰী স্কুলে৷
প্ৰেৰক কৃষ্ণা গগৈ