🔹 মুখ্যমন্ত্ৰীৰ গ্ৰন্থ বৰ্ষ উদযাপনৰ প্ৰতি সঁহাৰি বিদ্যালয়ৰ ছাত্ৰবন্ধু আঁচনিৰ
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰী : ২০২৫ বৰ্ষৰ পহিলা দিনটোতে শোণিতপুৰৰ অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰবন্ধু আঁচনিৰ তৰফৰ পৰা বিদ্যালয়খনৰ পুথিভঁৰাললৈ মূল্যৱান গ্ৰন্থ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ গ্ৰন্থ বৰ্ষ উদযাপনৰ প্ৰতি সঁহাৰি জনোৱা বুলি জানিবলৈ দিছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত ২০২৫ বৰ্ষৰ পৰা আৰম্ভ কৰিছে গ্ৰন্থ বৰ্ষ উদযাপনৰ কাৰ্যসূচী আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাই বিদ্যালয়খনৰ ছাত্ৰবন্ধু আঁচনিয়ে গ্ৰন্থদান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শিক্ষক তথা বিদ্যালয়খনৰ ছাত্ৰবন্ধু আঁচনিৰ তত্ত্বাৱধায়ক নিপ কমল হাজৰিকাই ৪০খন মূল্যৱান গ্ৰন্থ বিদ্যালয়ৰ পুথিভঁৰাললৈ আগবঢ়াই বিদ্যালয়খনক এখন উচ্চ মানসম্পন্ন বিদ্যালয়লৈ ৰূপান্তৰ কৰাত অৰিহণা যোগায় ৷ আঁচনিখনৰ তত্ত্বাৱধায়কগৰাকীয়ে আঁত ধৰা গ্ৰন্থ প্ৰদান অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ ৰঞ্জন কুমাৰ নাথ, উপাধ্যক্ষ পূৰ্ণকান্ত কৰ্মকাৰ, পৰীক্ষা নিয়ন্ত্ৰক সৰুকণ বড়ো, শিক্ষক বাসুদেৱ দৈমাৰী, পুথিভঁৰালৰ তত্ত্বাৱধায়কদ্বয় ড° পাপৰি দেৱী আৰু ঝৰ্ণা দেৱীৰ হাতত অৰ্পণ কৰা ৪০খন মূল্যৱান গ্ৰন্থই ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব বুলি অনুষ্ঠানত উপস্থিত থকা সকলোৱে মতপোষণ কৰে ৷ নৱবৰ্ষৰ পহিলা দিনটোতে গ্ৰন্থ প্ৰদান অনুষ্ঠানত বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আদি উপস্থিত হৈ নৱবৰ্ষৰ ওলগ জনায় ৷ আনহাতে, সেইদিনাই ছাত্ৰ-ছাত্ৰীসকলে পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বহি প্ৰায় এঘণ্টা ধৰি কিতাপ অধ্যয়ন কৰে বুলি জানিবলৈ দিছে ৷
প্ৰেৰক বগা তপ্ন