🔹 ৪০০ কোটিৰে গহপুৰত স্থাপন হ’ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়
🔹 কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত
বিশেষ বাৰ্তা, ৫ জুন : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যতঃ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে ৪০০ কোটি, ডিমা হাছাওত পথ নির্মাণৰ বাবে ৩,৮৭৫ কোটি টকাৰ অনুমোদন, কল্যাণমূলক পদক্ষেপৰ বাবে ১,৪৫০ কোটি টকাৰ অনুমোদন, বিটিআৰৰ উন্নয়নৰ বাবে ৮৪৩ কোটি টকাকে ধৰি ৰাজ্যৰ উন্নয়নৰ বাবে গ্রহণ কৰা হ’ল কেইবাটাও উল্লেখনীয় সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ শর্মাই লোকসেৱা ভৱনত এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰী কৰি জানিবলৈ দিয়ে যে কেবিনেটে গহপুৰস্থিত শ্বহীদ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে ৪০০ কোটি টকা প্রদানত প্রশাসনিক অনুমোদন জনাইছে৷ বিশ্ববিদ্যালয়খনে ইণ্ডাষ্ট্রীৰ ৫.০ৰ প্রয়োজনীয়তাৰ প্রতি সামঞ্জস্য ৰাখি এআই, কোৱাণ্টাম কম্পিউটিং আদি আধুনিক পাঠ্যক্রমৰ সুবিধা প্রদান কৰিব৷ আনহাতে, কেবিনেটে কালি গৱেষণাৰ শিক্ষার্থীসকলৰ বাবে মুখ্যমন্ত্রীৰ জীৱন অনুপ্রেৰণা আঁচনিত অনুমোদন প্রদান কৰে৷ এই আঁচনিৰ জৰিয়তে অসমৰ চৰকাৰী প্রতিষ্ঠানত নামভর্তি কৰা সম্পূর্ণ সময়ত দিব্যাংগ গৱেষণা অধ্যয়নকাৰী অন্তর্ভুক্তিৰে যোগ্য বিবেচিত পূর্ণকালীন গৱেষক শিক্ষার্থীসকলক এককালীন আর্থিক সাহায্য প্রদান কৰিব৷ দিব্যাংগ গৱেষকসকলৰ বাবে ৪০ হাজাৰ টকাকৈ আৰু কেন্দ্রীয়–ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ বাবে ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব৷ কেবিনেটে মুখ্যমন্ত্রীৰ উৎকর্ষ যোজনাৰ ৰূপায়ণেৰে কৃষক উৎপাদক সন্থাৰ সবলীকৰণত অনুমোদন দিয়ে৷ ইয়াৰ জৰিয়তে ৫০০ এফপিঅ’ আৰু এফপিচিক দুটা পর্যায়ত আৰু দুটা কিস্তিত কাম সম্পাদনৰ বাবে মুঠ ১৫ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ’ব৷ তদুপৰি কেবিনেটে মুখ্যমন্ত্রীৰ আত্মনির্ভৰশীল অসম অভিযান, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, ধান ক্রয়, অমৃত সৰোবৰ, দুগ্ধ সংসাধন প্রকল্প আদি আঁচনিৰ উন্নত ৰূপায়ণৰ বাবে ১,৪৫০ কোটি টকাৰ মেগা মিছন ছ’চাইটী–মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ বিত্তীয় অনুমোদনত সন্মতি দিয়ে৷ কেবিনেটে ডিমা হাছাওৰ সংযোগ ব্যৱস্থা উন্নয়নৰ হেতু অসম দুর্যোগ স্থিতিস্থাপক পার্বত্য এলেকা পথ উন্নয়ন প্রকল্পত অনুমোদন দিয়ে৷ ইয়াৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ ৩৮৪ কিলোমিটাৰ পথ নির্মাণৰ বাবে মুঠ ৩,৮৭৫ কোটি টকা ব্যয় কৰা হ’ব৷ কেবিনেটে বিটিচিক ২০২৫–২৬ বর্ষৰ বাবে ৮৪৩ কোটি টকাৰ বিত্তীয় আবণ্টনত অনুমোদন জনায়৷ ৰাজ্যিক কেবিনেটে জিলাসমূহৰ আৰক্ষী অধীক্ষকৰ ৩৫টা পদ পুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে পদবীকৰণত অনুমোদন জনায়৷ উল্লেখ্য যে এতিয়াৰে পৰা আৰক্ষী অধীক্ষকসকলক জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে জনা যাব৷