নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০ দিনত ১৪খন চিকিৎসালয়ত ৫০বাৰ উপস্থিত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

অদৃশ্য শত্ৰু বিৰুদ্ধে অব্যাহত থকা যুঁজৰ অক্লান্ত যোদ্ধা

নিয়মীয়া বাৰ্তা ২ মেঃ সমগ্র বিশ্বতে যেতিয়া মহামাৰী ক’ৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ লৈছিল সেই সময়তে এই মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ আন বহু ৰাজ্যৰ তুলনাত পূর্বেই তৎপৰ হৈছিল অসম৷ ক’ৰোনাৰে যুঁজিবলৈ আন ৰাজ্যসমূহে পৰিকল্পনা যুগুত নৌকৰোঁতেই সতর্ক–সজাগ হৈছিল অসমৰ স্বাস্থ্য বিভাগ৷ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা হাস্পতালৰ নতুন আই চি ইউ বিছনালৈ, সাতখনকৈ চৰকাৰী চিকিৎসালয়ক ক’ভিড–১৯ হাস্পতালৰূপে প্রতিষ্ঠা কৰালৈ সম্পূর্ণ পৰিকল্পনাৰে পৰিপক্ব হৈ উঠিছিল ৰাজ্য চৰকাৰ৷ ক’ৰোনাৰে যুঁজ দিবলৈ প্রথমেই গুৰুদায়িত্ব আহি পৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ওপৰত৷ অসমত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজখন আৰম্ভ হৈছিল মার্চৰ দ্বিতীয় সপ্তাহৰ পৰাই৷ ৰাজ্যৰ প্রতিখন চৰকাৰী চিকিৎসালয়ত নিজে উপস্থিত হৈ তৈয়াৰ কৰিছিল ৰণনীতি৷ যাৰ বাবে ২১ মার্চৰ পৰাই এজন অক্লান্ত যোদ্ধাৰ ৰূপত অৱতীর্ণ হৈ সন্মুখৰ পৰাই এই যুঁজখনত নেতৃত্ব দিছিল স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিগত ৪০ দিনে এই অক্লান্ত যোদ্ধাজনে দিনক ৰাতি কৰিছিল, ৰাতিক দিন কৰিছিল৷ যিজন যোদ্ধাৰ চকুত নাছিল টোপনি, শৰীৰত নাছিল ভাগৰ৷ কাৰণ অসমৰ ৩ কোটি ৩৩ লাখ লোকৰ বাবে আশা–ভৰসাৰ একমাত্র থল আছিল অসমৰ স্বাস্থ্যমন্ত্রী ড০ শর্মা৷ ২১ মার্চত স্বাস্থ্যমন্ত্রী ড০ শর্মাই অসম মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈছিল৷ ২২ মার্চত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ এই যুঁজখনত কিদৰে অৱতীর্ণ হ’ব তাৰ ৰণকৌশল প্রস্তুত কৰিছিল৷ ২৩ মার্চত তেজপুৰ মেডিকেল কলেজ হাস্পতাল, বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতাল, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ প্রস্তুতিৰ বুজ লৈছিল স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ ২৫ মার্চত মহেন্দ্র মোহন চৌধুৰী হাস্পতালত উপস্থিত হৈ নিজেই সকলো তদাৰক কৰিছিল স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ ২৭ মার্চত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, ২৮ মার্চত অসম মেডিকেল কলেজ হাস্পতাল, মহেন্দ্র মোহন চৌধুৰী হাস্পতালত উপস্থিত হৈ ক’ভিডৰ বিৰুদ্ধে কিদৰে যুঁজ দিব, তাৰ পৰিকল্পনা কৰিছিল মন্ত্রীগৰাকীয়ে৷ ২৯ মার্চত শিলচৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ চিকিৎসক আৰু স্বাস্থ্যকর্মীক উৎসাহ যোগাইছিল মন্ত্রী ড০ শর্মাই৷ সমান্তৰালভাৱে ৩০ মার্চত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, শিঙিমাৰী ম’ডেল হাস্পতাল, সোণাপুৰ চিভিল হাস্পতালত উপস্থিত হৈ সকলো বুজ লৈছিল মন্ত্রীগৰাকীয়ে৷

                              ইয়াৰ মাজতে ৩১ মার্চত অসমত চিনাক্ত হয় প্রথমজন ক’ভিড–১৯ আক্রান্ত ৰোগী৷ নিজামুদ্দিন মার্কাজৰ পৰা অহা কৰিমগঞ্জৰ এজন লোক চিনাক্ত হোৱাৰ পিছতে অধিক সক্রিয় হৈছিল মন্ত্রী ড০ শর্মা৷ উক্ত দিনাই ধেমাজিত উপস্থিত হৈ চিকিৎসক–স্বাস্থ্যক সাহস দি সাজু কৰিছিল যুঁজলৈ৷ ২ এপ্রিলত সোণাপুৰ চিভিল হাস্পতাল, এম এম চি এইচ, জি এম চি এইচত উপস্থিত হৈ স্বাস্থ্যমন্ত্রীগৰাকীয়্ পর্যালোচনা কৰিছিল ক’ভিড প্রতিৰোধ কৰিবলৈ৷ ইফালে ৩ এপ্রিলত গোলাঘাট চিভিল হাস্পতাল আৰু এম এম চি এইচত উপস্থিত হৈ সন্মুখৰ পৰাই নেতৃত্ব দিছিল স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ একেদৰে ৪ এপ্রিলত সোণাপুৰ চিভিল হাস্পতাল, ৫ এপ্রিলত গোৱালপাৰা চিভিল হাস্পতাল, ৬ এপ্রিলত শিলচৰ মেডিকেল কলেজ আৰু ৭ এপ্রিলত এম এম চি এইচত উপস্থিত হৈ চিকিৎসক–নার্ছ আৰু চিকিৎসা কর্মীসকলক সাহস দিছিল মন্ত্রীগৰাকীয়ে৷ এই সময়ছোৱাৰ মাজতে স্বাস্থ্যমন্ত্রীগৰাকীয়্ সৰুসজাইত এহেজাৰ কোৱাৰেণ্টাইন বেড সাজু কৰি প্রতিটো দিশৰ তদাৰক কৰিছিল৷ দিন–ৰাতি একাকাৰ কৰি ক’ভিডবিৰোধী এই যুঁজখন চলাই নিয়াৰ সমান্তৰালভাৱে স্বাস্থ্যমন্ত্রীগৰাকীয়্ হাতত লৈছিল আন কেতবোৰ প্রশংসনীয় পদক্ষেপ৷ অসম আৰোগ্য নিধিৰ পুঁজিৰ পৰা আৰম্ভ কৰি বহিঃৰাজ্যত থকা শিক্ষার্থীসকলক অনা, ভাৰাঘৰৰ মালিকক ঘৰ ভাৰা ৫০ শতাংশ ৰেহাই দিয়াৰ আহ্বানো জনাইছিল মন্ত্রীগৰাকীয়ে৷

                           এই যুঁজখনত সাহসেৰে আগবাঢ়িবলৈ প্রথমবাৰৰ বাবে ড০ শর্মাৰ নেতৃত্বত অসমলৈ অনা হৈছিল চীনৰ পিপিই কিট৷ ইফালে, লকডাউনৰ এই সময়ছোৱাত আন আন ৰোগীৰো চিন্তা কৰি মন্ত্রী ড০ শর্মাই হাতত লৈছিল আন এক পদক্ষেপ৷ ধনন্তৰী আঁচনিৰ জৰিয়তে ঔষধৰ পৰা বঞ্চিত হোৱা ৰোগীসকলক ঘৰে ঘৰে গৈ ঔষধ দিয়াৰ ব্যৱস্থা কৰিছিল স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ এই সংগ্রামৰ সময়ছোৱাত অকণো ক্লান্ত নোহোৱা এইজন যোদ্ধাই ২৬ এপ্রিলত সৰুসজাইত নিশাৰ পৰা পুৱতিনিশালৈকে উজাগৰে থাকি কোটাৰ পৰা অহা শিক্ষার্থীসকলক উৎসাহ দিয়াৰ লগতে কোৱাৰেণ্টাইন বেডত থকা–খোৱাৰো ব্যৱস্থা কৰিছিল৷ আন আন ৰাজ্যৰ স্বাস্থ্যমন্ত্রীৰ বিপৰীতে অসমত ড০ শর্মাই ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাক লগত লৈ সন্মুখৰ পৰা যুঁজি গৈছিল মহামাৰীৰ বিৰুদ্ধে৷ ৪০ দিনীয়া এই অবিৰত যাত্রাত ড০ শর্মাই ১৪খন হাস্পতালত ৫০বাৰ পৰিদর্শন কৰাৰ লগতে ৰাজ্যৰ প্রতিটো কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈ বুজ লৈছিল প্রতিটো দিশৰ৷ হেঁপাহৰ ৰঙালী বিহুৰ দিনাখনো মন্ত্রী ড০ শর্মাই কোৱাৰেণ্টাইনত থকা চিকিৎসকক গামোচা, পিঠা প্রদান কৰি দেখুৱাইছিল আন এক মহানুভৱতা৷ সমান্তৰালভাৱে ক’ভিড হাস্পতালৰ পৰা সুস্থ হৈ উঠা ৰোগীসকলৰ মানসিক শক্তি বৃদ্ধি কৰাৰ লগতে ফলমূলৰ টোপোলা প্রদান কৰি পালন কৰিছিল প্রকৃত যোদ্ধাৰ দায়িত্ব৷ নিজৰ স্বাস্থ্যৰ কথা এবাৰো চিন্তা নকৰাকৈ ক’ভিড ৰোগী থকা হাস্পতালত বিনাদ্বিধাই প্রৱেশ কৰি স্বাস্থ্যমন্ত্রীৰ দায়বদ্ধতা পালন কৰি গৈছে এইজন অক্লান্ত যোদ্ধাই৷ এনে এখন যুঁজৰ বাবেই বহু পৰিমাণে সুৰক্ষিত অসমবাসী, ৰেড জ’নৰ পৰা গ্রীন জ’নলৈ পৰিৱর্তিত ৰাজ্যৰ বহুকেইখন জিলা৷

You might also like