এবছৰতে ৰাজ্যত ৪২ চোৰাং চিকাৰীক গ্রেপ্তাৰ : গঁড় হত্যা প্রতিৰোধৰ সংকল্প
এশিঙীয়া গঁড়ৰ বাবে বিশ্বৰ মানচিত্রত অসমে এক সুকীয়া স্থান লাভ কৰি আহিছে৷ এই এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ যাৰ ফলপ্রসূ ফলাফল দেখিবলৈ পোৱা গৈছে৷ ৰাজ্যত ক্রমাৎ শূন্যৰ দিশে ধাৱমান হৈছে গঁড় হত্যাৰ ঘটনা৷ গঁড় হত্যাত জড়িত চোৰাং চিকাৰীক গ্রেপ্তাৰ তথা এনে ঘটনা প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু অসম আৰক্ষীয়ে গ্রহণ কৰা অপাৰেচন ফেলকনেও বিশেষ সাফল্য লাভ কৰা পৰিলক্ষিত হৈছে৷
এই অভিযানৰ অধীনত এটা বছৰৰ ভিতৰতে ৪২জন চোৰাং চিকাৰীক গ্রেপ্তাৰ কৰা হৈছে৷ ২০২৪ চনত গঁড় হত্যাকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা অপাৰেচন ফেলকনৰ অধীনত বিশ্বনাথ জিলাত সর্বাধিক ১৮জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ তদুপৰি ওদালগুৰিত এজন, দৰঙত আঠজন, নগাঁৱত ছজন, ডিব্রুগড়ত এজন, শোণিতপুৰত দুজন, কার্বি আংলঙত ৫জন আৰু কাছাৰত এজন চোৰাং চিকাৰী আৰক্ষীৰ জালত পৰিছে৷
অপাৰেচন ফেলকনৰ দ্বাৰা গঁড় চিকাৰৰ ৯টা প্রচেষ্টা বিফল কৰা হৈছে বুলিও জানিব পৰা গৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিশেষ এই অভিযানত কেতবোৰ অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰা হৈছে৷ স্থল আৰু ডিজিটেল বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে চোৰাং চিকাৰীসকলক ট্রেক কৰা হৈছে৷
সমান্তৰালভাৱে চোৰাং চিকাৰীসকলৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্রীয় সংযোগসমূহ বিশেষ সূত্র আৰু প্রযুক্তিৰ সহায়ত চিনাক্ত কৰি অভিযানসমূহ চলোৱা হৈছে৷ ম্যানমাৰৰ সৈতে জড়িত অবৈধ ব্যৱসায় চলাই অহা ৬টা বৃহৎ গঁড় চোৰাং চিকাৰী চক্র অপাৰেচন ফেলকনত চিনাক্ত কৰা হৈছে৷ লক্ষণীয় যে দুটা গঁড়ৰ দুর্ভাগ্যজনক হত্যাৰ পাছতে অসম আৰক্ষী আৰু বন বিভাগে সহযোগিতামূলক প্রচেষ্টাৰে অপাৰেচন ফেলকন আৰম্ভ কৰে৷ ভৱিষ্যতেও গঁড়ৰ চোৰাং চিকাৰ প্রতিৰোধ কৰাৰ বাবে এই অভিযান অব্যাহত থাকিব৷
Niyomiya Barta Desk, 12 August, 2025