নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : শ্ৰীভূমি আৰক্ষীয়ে পাথাৰকান্দিত অভিযান চলাই ৪৫ কোটি টকাৰ য়াবা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত পাথাৰকান্দি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ কৰে। মঙলবাৰে নিশা ত্ৰিপুৰাৰ পৰা অহা পাথাৰকান্দিৰ হাতীখিৰাত এএছ-০১এ ডি-১৬৯৬ নম্বৰৰ ট্ৰাক এখনত তালাচী চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেট উদ্ধাৰ কৰে। এই অভিযানত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ উপৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে। উদ্ধাৰকৃত য়াবা টেবলেটখিনিৰ ক’লা বজাৰত মূল্য ৪৫ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইপিনে, বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰি শ্ৰী ভূমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ