কাজিৰঙালৈ মাত্র ডেৰ মাহত ৪৫ হাজাৰ পর্যটকৰ আগমন
নিয়মীয়া বার্তা, ১৫ অক্টোবৰ : মাত্ৰ ডেৰ মাহৰ ভিতৰতে পূৰ্বৰ সকলো অভিলেখ ভংগ হল কাজিৰঙাত। পৰ্য্যটকৰ আগমনে এক নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে কাজিৰঙাত। মাত্ৰ ৪৫টা দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ৫৪ হাজাৰ পৰ্য্যটকে। যত বিদেশী পৰ্য্যটকৰ সংখ্যা ১৫০০ ৰো অধিক। “নিয়মীয়া বার্তা”ক এই কৃতিত্বৰ বিষয়ে জনালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডঃ সোণালী ঘোষে। অক্টোবৰ মাহটোতেই ২৯ হাজাৰ দেশী বিদেশী পৰ্য্যটকে কেৱল জীপ চাফাৰীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি গৈছে। উক্ত মাহটোত ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল প্ৰায় ৬০ লাখ টকা। চলিত অর্থাৎ নৱেম্বৰ মাহৰ ১ ৰ পৰা ১৪ তাৰিখলৈকে মুঠ ২৫ হাজাৰ পৰ্য্যটকে ৰাষ্ট্ৰীয় উদ্যান খন দর্শন কৰা বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। যোৱা ১৫ জুনত কাজিৰঙা ভ্ৰমণৰ সময়ত পৰ্য্যটনত নতুন সংযোজনৰ বাবে মুখ্যমন্ত্ৰীৰ আগবঢ়োৱা পৰামৰ্শ কাৰ্য্যকৰী কৰাৰ বাবেই এই অভিলেখ হোৱা বুলি জানিবলৈ দিয়ে সঞ্চালকগৰাকীয়ে। Cycling, River Tourism ৰ জড়িয়তে মহাবাহু ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ, পক্ষী দৰ্শন আদি সংযোজনৰ জড়িয়তে বনবিভাগে পৰ্য্যটকৰ পৰা অধিক ৰাজহ আদায় কৰিবলৈ সক্ষম হৈছে। সঞ্চালকগৰাকীয়ে কয় যে beyond the কাজিৰঙা এই চিন্তাধাৰাৰ জড়িয়তে কেনেদৰে পয্যটকক নতুনত্ব দি সন্তুষ্টি দিব পাৰি এই ক্ষেত্ৰত ইতিমধ্যেই চাইক্লিঙ, নৌকা বিহাৰৰ জড়িয়তে ব্ৰহ্মপুত্ৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ দৃশ্য উপভোগ কৰোৱা, উদ্যানৰ বাহিৰত পৰ্য্যটকক পক্ষী দৰ্শন কৰোৱা আদিৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। এই নতুন পৰ্য্যটনে কেৱল দেশী বিদেশী পৰ্য্যটকক আকৰ্ষিত কৰাই নহয়, ৰাজহ বৃদ্ধিটো অৰিহণা যোগাইছে। উল্লেখযোগ্য যে বিগত এক অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হৈছিল। আনহাতে এক নৱেম্বৰৰ পৰা হাতী চাফাৰীও মুকলি কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনত।
প্ৰেৰক ৰঞ্জিত ৰজক