🔹 বছৰৰ পাছত বছৰ ধৰি বেদখল বিশেষ সম্প্রদায়ৰ লোকৰ
🔹 ‘খিলঞ্জীয়াৰ নামত আবণ্টিত ভূমিত কংগ্রেছে সংস্থাপন দিছিল সন্দেহজনক লোকক’
বিশেষ বার্তা, ১ জুলাই : শ শ বিঘা চৰকাৰী ভূমি বেদখল কৰি বছৰ বছৰ ধৰি বসবাস কৰি অহা নলবাৰী জিলাৰ বৰক্ষেত্রী ৰাজহ চক্রৰ অন্তর্গত বাকৰিকুছি গাঁৱৰ বহুকেহটা পৰিয়ালৰ বিৰুদ্ধে কালি প্রশাসনে চলালে এক বৃহৎ উচ্ছেদ অভিযান৷ সু–পৰিকল্পিতভাৱে প্রশাসনে বৃহৎ আৰক্ষী, নিৰাপত্তাৰক্ষী বাহিনীৰ সহযোগত দীর্ঘদিন ধৰি পকীঘৰ পর্যন্ত বান্ধি, মীন মহল, পুখুৰী খান্দি, খেতি–বাতি কৰি বসবাস কৰা এনে পৰিয়ালসমূহক সমূলঞ্চে উচ্ছেদ কৰে৷ প্রাপ্ত তথ্য মতে, উত্তৰ বৰক্ষেত্রী মৌজাৰ অন্তর্গত বর্ণিবাৰী–বৰতলা পথৰ বাকৰিকুছিৰ ১০৬নং দাগৰ ৪৫২ বিঘা ১ কঠা ১৪ লেচা চৰকাৰী ভূমিত কালি চলে উচ্ছেদ অভিযান৷ পথৰ পূব ফালে থকা ১৫২ বিঘা মাটিত ৯৩টা পৰিয়ালে ৩২২টা ঘৰ সাজি বসবাস কৰি অহাৰ লগতে পথৰ পশ্চিম দিশে ৩০০ বিঘা মাটিত মীন মহল খান্দি মীন পালন কৰি আহিছিল৷ উল্লেখ্য যে উক্ত চৰকাৰী জমি খালী কৰাৰ বাবে চলিত মাহৰ ৩ জুনত বৰক্ষেত্রী ৰাজহ চক্রৰ কার্যালয়ে বেদখলকাৰীসকললৈ জাননী জাৰি কৰিছিল৷ বেদখলকাৰীসকলে জাননী লাভ কৰাৰ পাছতেহ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও আদালতত মুখথেকেচা খাবলগীয়া হৈছে৷ আদালতৰ ৰায়ৰ পাছতেই নলবাৰী জিলা প্রশাসন উচ্ছেদৰ বাবে সষ্টম হৈ পৰে৷ যোৱা এসপ্তাহ ধৰি জিলা প্রশাসনে স্থানীয় ৰাইজৰ সৈতে আলাপ–আলোচনা চলাই অৱশেষত কালি উচ্ছেদ কৰাৰ দিন নির্ধাৰণ কৰি বেদখলকাৰীসকলক ভূমি বেদখলমুক্ত কৰাৰ বাবে নির্দেশ দিয়ে৷ এই নির্দেশৰ পাছতেই ইতিমধ্যে ৮০ শতাংশৰো অধিক বেদখলকাৰী পৰিয়ালে ঘৰ–দুৱাৰ খালী কৰাৰ লগতে আন একাংশ বেদখলকাৰীয়ে নিজৰ নিজৰ বাসগৃহসমূহ ভাঙি আই ঠাহলৈ ঢাপলি মেলে৷ ইপিনে, পূর্ব পৰিকল্পনা অনুসৰি নলবাৰী জিলা প্রশাসনে পাঁচ শতাধিক আৰক্ষী–নিৰাপত্তাৰক্ষী জোৱান আৰু স্থানীয় ৰাইজৰ সহযোগত পুুৱা ৫.৩০ বজাৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলায়৷ জিলা প্রশাসনে কালিৰ উচ্ছেদ অভিযানটো পাঁচটা মণ্ডলত ভগাই লৈছিল৷ উচ্ছেদ অভিযানত নলবাৰী আৰক্ষী, মুকালমুৱা, বেলশৰ, ঘগ্রাপাৰ থানাৰ লগতে তামুলপুৰ আৰক্ষীকে ধৰি পাঁচ শতাধিক আৰক্ষী–নিৰাপত্তাৰক্ষী, আৰক্ষীৰ মূলাগাভৰু বাহিনীকো মোতায়েন কৰা হয় ৷ লগতে SDRFৰ ১৫জনীয়া এটা বাহিনী সষ্টম হৈ থকাৰ লগতে দুখন ‘স্পীড বোট’ সাজু কৰি ৰাখে৷ অগ্ণিনির্বাপক বাহিনীৰ গাড়ী, এম্বুলেঞ্চো সাজু কৰি ৰখা হয়৷ ৪গৰাকী চিকিৎসক, ছয়গৰাকী নার্ছেৰে গঠিত এটা চিকিৎসা শিবিৰো সাজু কৰি ৰখা হয়৷ কালি পুৱা ৫.৩০ বজাত ১১খন জেচিবিৰ লগতে ফকলেণ্ড এখনেৰে এফালৰ পৰা চলায় উচ্ছেদ অভিযান৷ উল্লেখ্য যে উক্ত ভূমি দীর্ঘদিন ধৰি বিশেষ ব্যক্তিৰ দ্বাৰা বেদখল হৈ আহিছে, য’ত ঈদগাহ ময়দান আৰু মছজিদো গঢ়ি তোলে বেদখলকাৰীসকলে৷ এইবোৰো কালি উচ্ছেদ হয়৷ আনকি একাংশ ষড়যন্ত্রকাৰীয়ে অন্য প্রান্তৰ পৰা চৰকাৰী বিদ্যালয় স্থানান্তৰ কৰি আনি স্থাপন কৰিছে ৷ এই চৰকাৰী ভূমিতেই একাংশ লোকে নিজৰ খেয়াল–খুচি মতে স্থাপন কৰে অংগনৱাড়ী কেন্দ্র৷ আৰক্ষী মহাপৰিদর্শক অখিলেশ কুমাৰ সিঙে নলবাৰী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীৰ স’তে বেদখলকৃত ভূমি পৰিদর্শন কৰি পৰিস্থিতি সন্দর্ভত বুজ লয়৷ আনহাতে, অসম আৰক্ষীৰ মহাপৰিদর্শক অখিলেশ কুমাৰ সিং, নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু আৰক্ষী অধীক্ষক সুপ্রিয়া দাস, জিলাৰ ৰাজহ চক্র বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকলৰ উপস্থিতিত শান্তিপূর্ণভাৱে বৃহৎ উচ্ছেদ অভিযান চলে৷ পূর্বৰ উচ্ছেদ অভিযানসমূহত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈ অহাৰ সময়তে এইবাৰ পৰিকল্পিতভাৱে আৰু শান্তিপূর্ণভাৱে জিলা প্রশাসনে বৃহৎ উচ্ছেদ অভিযান চলোৱা কার্যত সচেতন মহলে সন্তোষ প্রকাশ কৰিছে৷
খিলঞ্জীয়াৰ নামত আবণ্টিত ভূমি উচ্ছেদ কৰি কংগ্রেছে সংস্থাপন দিছিল সন্দেহজনক লোকক
অসমৰ খিলঞ্জীয়াক আবণ্টন দিয়া ভূমিৰ পৰা উচ্ছেদ কৰি তদানীন্তন কংগ্রেছ চৰকাৰে সন্দেহজনক লোকক সংস্থাপন দিছিল৷ বৰক্ষেত্রীৰ বাকৰিকুছিত চলা উচ্ছেদ অভিযান সন্দর্ভত কালি এইদৰে প্রতিক্রিয়া প্রকাশ কৰে ৰাজ্যিক বিজেপিয়ে৷ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত এখন সংবাদ মেল সম্বোধন কৰি বিজেপিৰ মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়ে কয় যে বৰক্ষেত্রীত উচ্ছেদিত ভূমিত ২০০০ চনতে তদানীন্তন বিধায়ক পুলকেশ বৰুৱাই বৰক্ষেত্রী শিক্ষিত নিবনুৱা সংস্থা নামৰ এটা সংগঠনৰ কেইবাজনো খিলঞ্জীয়া যুৱকক খেতি–বাতি কৰিবলৈ ৮২ বিঘা মাটি আবণ্টন দিছিল৷ কিন্তু পৰৱর্তী কালত কংগ্রেছৰ তদানীন্তন বিধায়ক তথা প্রাক্তন মন্ত্রী ভূমিধৰ বর্মনে এইসকল খিলঞ্জীয়া যুৱকক উচ্ছেদ কৰি একমাত্র ভোটবেংক সুদৃঢ় কৰাৰ স্বার্থত কিছুমান সন্দেহজনক লোকক সেই অঞ্চলত আনি বহুৱাইছিল৷ এই কথাটোৱে প্রমাণ কৰিছে- সন্দেহজনক আৰু পূর্ববংগীয় মূলৰ এইসকল লোকৰ প্রতি থকা কংগ্রেছৰ অহেতুক দৰদ৷ যিহেতু গ্রেজিং ৰিজার্ভত থকা বেদখল উচ্ছেদ কৰিবলৈ ২০১১ চনতে আদালতে ৰায় দি থৈছে, তেনেস্থলত এই সন্দেহজনক লোকসকলে উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈও কোনো ৰেহাই নাপালে৷ চৰকাৰী গ্রেজিং, ভূমি, জলাশয় বা বনাঞ্চলৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰি খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোৱা পদক্ষেপক বিজেপিৰ মুখ্য মুখপাত্রজনে আদৰণি জনায়৷