🔹 ডিব্ৰু নৈৰ খহনীয়াত জাহ গ’ল কুলিগাঁও প্ৰাথমিক বিদ্যালয়
বিশেষ বাৰ্তা, ৬ জুলাই : ৰাজ্যত আহাৰমহীয়া বানে সংহাৰী ৰূপ লৈছে। অসম আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ লগতে উপনৈসমূহৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে। ইফালে, ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে ডিব্রু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনগাঁও দধীয়াৰ প্ৰায় ৪৮টাকৈ বাসগৃহ উটুৱাই নিলে। ডিব্ৰু নৈৰ কোবাল সোঁতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে দধীয়াত। মাটি-ভেটি হেৰুৱাই গৃহহীন হৈ পৰিছে প্ৰায় ৪৮টাকৈ পৰিয়াল। যাৰ বাবে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপদ স্থানত আশ্ৰয় ল’বলগীয়া হৈছে বহু পৰিয়ালে। ইফালে, বানৰ সমান্তৰালভাৱে ডিব্ৰু নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে। ডিব্রু নৈৰ প্ৰবল খহনীয়াত জাহ গ’ল এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। ১৯৬৮ চনত প্ৰতিষ্ঠা হোৱা দধীয়া কুলিগাঁও প্ৰাথমিক বিদ্যালয়খন এতিয়া ডিব্ৰু নৈৰ বুকুত বিলীন হ’ল। এতিয়াৰে পৰা ইতিহাস হৈ পৰিল মানৱ সম্পদ গঢ়া প্ৰাথমিক বিদ্যালয়খন। এই বিদ্যালয়খনে ২০২২ চনৰ পৰা ২০২৪ চনলৈকে একেৰাহে তিনি বছৰ ধৰি গুণোৎসৱত লাভ কৰিছিল এ+ গ্ৰেড। তদুপৰি এই কৃতিত্বৰ বাবে চৰকাৰৰ পৰা এককালীন সাহায্যও লাভ কৰিছিল কুলিগাঁও প্ৰাথমিক বিদ্যালয়খনে। কেৱল সেয়াই নহয়, এই বিদ্যালয়খনকে নিৰ্বাচনসমূহত ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি অহা হৈছিল। বিন্ধাকটা গাঁও পঞ্চায়তৰ অন্তৰ্গত দুটাকৈ ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ হয় এই বিদ্যালয়খনত। শেহতীয়াকৈ শিক্ষানুষ্ঠানখন খহনীয়াত জাহ যোৱাৰ পিছত শিক্ষক-অভিভাৱকসকল উদ্বিগ্ন হৈ পৰিছে। ইফালে, ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ বাঢ়নী পানীত খাদ্যৰ অভাৱত মৃত্যু হৈছে পশুধনৰ। বিভিন্ন অচিন ৰোগ পশুধনৰ দেহলৈ বিয়পিছে। কিন্তু ইমানৰ পিছতো কাণসাৰ নাই পশু চিকিৎসা বিভাগৰ। অৱশ্যে আজি বানাক্ৰান্ত দধীয়ালৈ পশুখাদ্য প্ৰেৰণ কৰিছে প্ৰশাসনে। শেহতীয়াকৈ ভয়াৱহ বানৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই। জলবন্দী হৈ আছে দধীয়াৰ আঠশৰো অধিক পৰিয়াল। এতিয়াও স্বাভাৱিক অৱস্থালৈ উভতি অহা নাই দধীয়াৰ বান পৰিস্থিতি। উল্লেখযোগ্য যে দধীয়াৰ এইসকল বানাক্ৰান্তই পুনৰ সংস্থাপনৰ বাবে দাবী জনাই আহিছে। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা স্থানান্তৰ কৰি উপযুক্ত স্থানত পুনৰ সংস্থাপন কৰিবলৈ চৰকাৰক দাবী জনাইছে।
প্ৰেৰক বিভাস দুৱৰা