তামুলপুৰত আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপঃ ৯ খন দেশৰ অংশগ্ৰহণ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ : খো খো ফেডাৰেচন অব ইণ্ডিয়াৰ উদ্যোগত অসম খো খো সন্থাৰ সহযোগত আৰু তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত আজিৰে পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ । অসমৰ বাৰে বৰণীয়া কৃষ্টি সংস্কৃতিৰে উজলি উঠিছে খেলপথাৰ । আনন্দ উচাহৰ মাজেৰে দিনৰ ১.৩০ মিনিটত অনুষ্ঠিত হয় এই মেগা প্ৰতিযোগিতাখনি । উদ্বোধনী অনুষ্ঠানত এছিয়ান খো খো ফেডাৰেচনৰ অধ্যক্ষ ৰাজীৱ মেহেতা , খো খো ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি সুধাঙশু মিত্তাল , সাধাৰণ সম্পাদক এম এছ ত্যাগী , অসম খো খো সন্থাৰ অধ্যক্ষ তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো , অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা , অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম , নন্দিতা গাৰ্লচা , বাংলাদেশৰ কমিছনাৰ ৰুবুল আমিন , সাংবাদিক সমুদ্ৰ গুপ্ত কাশ্যপ , মনোজ কুমাৰ গোস্বামী , প্ৰণয় বৰদলৈ , বিশ্বজিৎ দাস , সমাজকৰ্মী পাৰুল ভৰালী বড়ো আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ।
এছিয়ান খো খো ফেডাৰেচনৰ পতাকা , খো খো ফেডাৰেচন অফ ইণ্ডিয়াৰ পতাকা আৰু অসম খো খো সন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে ৰাজীৱ মেহেতা , সুধাংশু মিট্টাল আৰু প্ৰমোদ বড়োৱে । বিটিআৰ প্ৰধান তথা অসম খো খো সন্থাৰ অধ্যক্ষ প্ৰমোদ বড়োৱে উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ ৰাখে । উদ্বোধনী অনুষ্ঠানত ভাষণ ৰাখি এছিয়ান খো খো ফেডাৰেচনৰ অধ্যক্ষ ৰাজীৱ মেহেতাই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে । তেওঁ কয়- তামুলপুৰৰ এনে পৰিবেশ দেখি আমি অভিভূত হৈছোঁ । খো খো ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি সুধাংশু মিট্টালেও প্ৰমোদ বড়োৰ এনে যোগাত্মক পদক্ষেপক ভূয়সী প্ৰশংসা কৰে ।
জানিব পৰা মতে এই প্ৰতিযোগিতাখনিত ভাৰত , বাংলাদেশ , নেপাল , শ্ৰীলঙ্কা , ইণ্ডোনেছিয়া , দক্ষিণ কোৰিয়া আৰু ভূটানৰ পুৰুষ মহিলা দলে অংশগ্ৰহণ কৰাৰ বিপৰীতে মালয়েছিয়াৰ মহিলা আৰু ইৰাণৰ পুৰুষ দলে অংশগ্ৰহণ কৰে। খেল আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত তামুলপুৰৰ কেইবাটাও কৃষ্টি দলৰ নিজস্ব কৃষ্টি প্ৰদৰ্শনেৰে উদ্ভাসিত হৈ পৰে সমগ্ৰ খেলপথাৰ ।
ইপিনে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ জীয়ৰী লেহেৰিণ বড়োৱে নৃত্য প্ৰদৰ্শন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে । ইয়াৰ মাজতে ১৬ টা ভাষাৰে সমৃদ্ধ চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপৰ থিম চংটো পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সংগীতা কাকতিয়ে । খেল আৰম্ভ হোৱাৰ পূৰ্বে অংশগ্ৰহণকাৰী প্ৰতিখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয় । আজিৰ মহিলাৰ প্ৰথমখন খেলত ভাৰত শ্ৰীলংকাৰ মুখামুখি হোৱাৰ বিপৰীতে পুৰুষৰ প্ৰথমখন খেলত বাংলাদেশ কোৰিয়াৰ মুখামুখি হয় ।
উল্লেখযোগ্য যে লীগ আৰু নক আউট পদ্ধতিৰে অনুষ্ঠিত প্ৰতিযোগিতাখনিত পুৰুষৰ এ গ্ৰুপত ভাৰত , নেপাল , ইৰাণ আৰু ভূটান দল , বি গ্ৰুপত বাংলাদেশ , শ্ৰীলংকা , ইণ্ডোনেছিয়া আৰু কোৰিয়া দেশক ৰখা হৈছে । আনহাতে মহিলাৰ এ গ্ৰুপত ভাৰত , শ্ৰীলঙ্কা , ভূটান আৰু মালয়েছিয়া , বি গ্ৰুপত বাংলাদেশ , নেপাল , কোৰিয়া আৰু ইণ্ডোনেছিয়া দলক অন্তৰ্ভুক্ত কৰা হৈছে ।