নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ৫টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

অপৰাধী কেইটা হল আন্নাছ আলী, আবু আয়ুৱ আনছাৰী, আছলাম আহমেদ, নূৰ উদ্দিন আৰু আফতাৰুল ইছলাম

নিয়মীয়া বাৰ্তা, ৬ জুনঃ মৰিগাঁৱত চাইবাৰ অপৰাধী-ৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) সমীৰণ বৈশ্যৰ নেতৃত্বত অভিযান চলাই ৫টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

লাহৰীঘাটৰ বোৱালগুৰি আৰু কছাৰীবড়ীত অভিযান চলাই ৫ টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চাইবাৰ অপৰাধী কেইটা হল আন্নাছ আলী, আবু আয়ুৱ আনছাৰী, আছলাম আহমেদ, নূৰ উদ্দিন আৰু আফতাৰুল ইছলাম।

দীৰ্ঘদিন ধৰি এই চাইবাৰ অপৰাধী কেইটাই বিভিন্ন কোম্পানীৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি আহিছে। সম্প্রতি ধৃত চাইবাৰ অপৰাধী কেইটাক মৈৰাবাৰী আৰক্ষীয়ে জিম্মাত লৈ সোধ পোচ অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like