নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত ‘নিয়মীয়া বার্তা’ৰ ৫ দিনীয়া বিশেষ কার্যসূচী ‘আলাপ’

🔹 অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন
🔹 ‘আলাপ’ উদ্বোধন কৰিব সম্পাদক নৰেশ কলিতাই

বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈ পাঠশালাৰ ভট্টদেৱ ক্ষেত্রত বর্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি–বার্ষিক অধিৱেশনত বহুল প্রচলিত অসমীয়া দৈনিক কাকত ‘নিয়মীয়া বার্তা’ৰ উদ্যোগত আয়োজন কৰা হৈছে ‘আলাপ’ শীর্ষক বিশেষ কার্যসূচীৰ৷ অধিৱেশনস্থলীৰ গ্রন্থমেলা আৰু বিজ্ঞান মেলাৰ মাজৰ ঠাইখিনিতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বাবে সংৰক্ষিত প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব এই বিশেষ কার্যসূচী৷ অসমৰ আটাহতকৈ জনপ্রিয় ছেটেলাইট চেনেল ‘নিউজ লাইভ’ৰ সহযোগত অনুষ্ঠিতব্য এই ‘আলাপ’ অনুষ্ঠান ৩১ জানুৱাৰীত উদ্বোধন কৰিব ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই৷ অনুষ্ঠানৰ প্রথম দিনাৰ কার্যসূচী অনুসৰি ৩১ জানুৱাৰীৰ দিনৰ ১১.৩০ বজাত ‘ৰাজ্যৰ সামাজিক–সাংস্কৃতিক ক্ষেত্রলৈ বজালী অঞ্চলৰ অৰিহণা’ শীর্ষক অনুষ্ঠানত বজালীৰ বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিৰ সৈতে আলাপ কৰাৰ উপৰি গীত-কবিতা আবৃত্তি, বিভিন্ন ৰসাল অভিজ্ঞতাৰ আড্ডা হ’ব৷ ১ ফেব্রুৱাৰীৰ দিনৰ ১১ বজাত ‘১০ বছৰ পিছত অসমক কি হিচাপে চাব বিচাৰে’ শীর্ষক বজালীৰ বিভিন্ন ক্ষেত্রৰ প্রতিভাৱান নৱপ্রজন্মৰ যুৱক–যুৱতীৰ সৈতে আলাপ কৰা হ’ব৷ ২ ফেব্রুৱাৰীৰ সন্ধিয়া ৫ বজাত ‘ৰাজ্যৰ সাহিত্য ক্ষেত্রত অঞ্চলটোৰ সাহিত্যিকৰ প্রভাৱ আৰু ৰচনাৰাজি’ বিষয়ক বজালীৰ নবীন–প্রবীণ সাহিত্যিকৰ সৈতে আলাপ কৰি অঞ্চলটোৰ সাহিত্যিকসকলৰ ৰচনাৰাজি সন্দর্ভত আলোচনাৰ উপৰি পাঁচগৰাকী কবিৰ কবিতা পাঠ আৰু দুই–এক লেখকে গীত পৰিৱেশন কৰিব৷ ৩ ফেব্রুৱাৰীত দিনৰ ১২ বজাত ‘বিভিন্ন ক্ষেত্রত সুনাম অর্জন কৰা মহিলা–যুৱতীৰ অভিজ্ঞতা বর্ণনা’ বিষয়ত বজালীৰ মহিলা–যুৱতীৰে আড্ডা অনুষ্ঠিত হ’ব৷ আনহাতে, অধিৱেশনৰ অন্তিম দিনৰ কার্যসূচীত অর্থাৎ ৪ ফেব্রুৱাৰীৰ দিনৰ ১১ বজাত ‘ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্রত বজালীৰ শিল্পীৰ অৰিহণা’ শীর্ষক বিষয়ত স্থানীয় শিল্পীৰ সৈতে বার্তালাপ কৰা হ’ব৷ বিয়লি ৪ বজাত ‘কিয় ব্যতিক্রম সাহিত্য সভাৰ পাঠশালা অধিৱেশন’ শীর্ষক বিষয়ত স্থানীয় সাংবাদিকৰ সৈতে আলাপ কৰা হ’ব৷ ৫ দিনৰ এই বিশেষ কার্যসূচীলৈ সাহিত্য সভাৰ অধিৱেশনলৈ অহা সকলো সাহিত্যপ্রেমী ৰাইজক আদৰণি জনাইছে অনুষ্ঠানটোৰ মুখ্য সমন্বয়ক ব্রজেন তালুকদাৰ আৰু সমন্বয়কদ্বয় ক্রমে হীৰেন কলিতা আৰু কল্যাণ কলিতাই৷

You might also like