নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ জিলাত কঠোৰভাৱে বলৱৎ ক’ভিড নির্দেশনা, বৃদ্ধি হ’ব পৰীক্ষা

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১৭ জুনঃ ৰাজ্যৰ পাঁচখন জিলা ক্রমে ডিব্রুগড়, শোণিতপুৰ, নগাঁও, তিনিচুকীয়া আৰু কাছাৰত ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱাত উদ্বিগ্ণ হৈ পৰিছে স্বাস্থ্য বিভাগ৷ এই জিলাকেইখনত সংক্রমণ হ্রাস কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ ইংগিত দিছে ৰাজ্য চৰকাৰে৷ ইয়াৰ মাজতে উক্ত জিলাকেইখনত ক’ভিড পৰীক্ষা আৰু ভেকচিন প্রদান বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ আজি সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ‘ডিব্রুগড়–শোণিতপুৰ সংক্রমণৰ হাৰ আশানুৰূপ ধৰণে হ্রাস পোৱা নাই৷ এই জিলাসমূহত পৰীক্ষা বৃদ্ধি কৰিবলৈ নির্দেশ দিয়া হৈছে৷ তদুপৰি জিলাকেইখনত ভেকচিন প্রদান বৃদ্ধি কৰা হ’ব৷ আন জিলাসমূহতো পৰীক্ষা আৰু ভেকচিন প্রদান অব্যাহত থাকিব যদিও কামৰূপ মহানগৰসহ সংক্রমণ বৃদ্ধি পোৱা জিলাকেইখনত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব৷’

একে সময়তে সংক্রমণ হ্রাস নোপোৱা জিলাকেইখনত এছ অ’ পিত উল্লেখ থকা নীতি–নির্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰিবলৈ নির্দেশ দিছে স্বাস্থ্যমন্ত্রীয়ে৷ এই প্রসংগত তেওঁ কয় যে সংক্রমণ হ্রাস নোপোৱা জিলাকেইখনত কঠোৰ নীতি–নির্দেশনা বলৱতৰ বাবে সংশ্লিষ্ট উপায়ুক্ত (ডি চি) আৰু আৰক্ষী অধীক্ষকক (এছ পি) নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অৱশ্যে সংক্রমণ হ্রাস নাপালেও জিলাকেইখনত এতিয়াও জনসাধাৰণে নীতি–নিয়মসমূহ মানি চলা নাই বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্রীয়ে৷

উল্লেখ্য যে ৰাজ্যত ক’ভিড পৰিস্থিতি সামান্য উন্নতি ঘটিছে যদিও ডিব্রুগড়–শোণিতপুৰ আক্রমণৰ সংখ্যাই অতিক্রম কৰিছে গুৱাহাটী মহানগৰীকো৷ প্রতিদিনে এই জিলাকেইখনত দুই শতাধিক লোক আক্রান্ত হৈ আহিছে৷ যাৰ বাবে ২১ জুনলৈ পৰিস্থিতি উন্নত নহ’লে জিলাকেইখনত কঠোৰতম পদক্ষেপ লোৱা হ’ব বুলি শেহতীয়াকৈ প্রকাশ কৰা এছ অ’ পিত উল্লেখ কৰিছে৷ প্রয়োজন সাপেক্ষে এই জিলাকেইখনত সম্পূর্ণ লকডাউন দিয়াৰ সম্ভাৱনা আছে৷

You might also like