নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ ফেব্রুৱাৰীত ১৯ হাজাৰ স্কুলৰ প্রাদেশিকীকৰণ, ১৫ হাজাৰক নিযুক্তি

শিৱসাগৰত স্বয়ম আঁচনিৰ শুভাৰম্ভ শিক্ষামন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ ‘আমি স্বাৱলম্বী হ’বই লাগিব৷ আমি স্বাৱলম্বী হোৱাৰ লগতে আন পোন্ধৰজনকো আমি স্বাৱলম্বিতাৰে সুৰক্ষিত কৰিব লাগিব৷ আমাৰ ল’ৰা–ছোৱালী উৎপাদনশীল হ’ব লাগিব৷ কাৰণ অসমত এতিয়া ৰাসায়নিক আক্রমণ চলিছে৷ খাৰুপেটীয়া আৰু দলগাঁৱৰ দৰে স্থানত উৎপাদিত শাক–পাচলিত কীটনাশক তথা অতিমাত্রা ৰাসায়নিক পদার্থ প্রয়োগ কৰাৰ বাবে অসমত বৃক্ক, লিভাৰ ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে৷ একপ্রকাৰে ক’বলৈ গ’লে এয়া ৰাসায়নিক আক্রমণ৷ ইয়াৰ পৰা পৰিত্রাণ পাবলৈ আমি সকলো কৃষিকার্যত জডিত হ’ব লাগিব৷’ –বুধবাৰে শিৱসাগৰত স্বামী বিবেকানন্দ যুৱ সবলীকৰণ আঁচনি স্বয়ম শুভাৰম্ভ কৰি এই মন্তব্য কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ভাষণ প্রসংগত বর্তমানৰ চৰকাৰখনে ইয়াৰ পূর্বে কোনো চৰকাৰে হাতত নোলোৱা আঁচনি ৰূপায়ণ কৰি অসমক উন্নতিৰ দিশে আগবঢ়াই নিছে বুলি দোহাৰি তেওঁ কয় যে সুদীর্ঘ দিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলৰ চাকৰি অহা ৩০ জানুৱাৰীত নিয়মীয়াকৰণেৰে গুৱাহাটীত নিযুক্তি–পত্র প্রদান কৰা হ’ব৷ অহা ৫ ফেব্রুৱাৰীত অসমৰ ১৯ হাজাৰ বিদ্যালয় প্রাদেশিকীকৰণ কৰা হ’ব৷ একেদিনাই প্রাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ১৫ হাজাৰ শিক্ষকক নিযুক্তি–পত্র প্রদান কৰা হ’ব৷ শিৱসাগৰ জিলাত দ্রুত উন্নয়ন হোৱা বুলি দোহাৰি তেওঁ কয়– অহা ৭ ফেব্রুৱাৰীত চৰাইদেউ জিলাত নতুন মেডিকেল কলেজ নির্মাণৰ কাম আৰম্ভ হ’ব৷

উল্লেখ্য যে বিত্ত আৰু স্বাস্থ্যমন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত ৰজাবাৰীস্থিত চাওলুং চুকাফা ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ৰ প্রৱেশ পথটো নির্মাণ কৰি থকাৰ কথা উল্লেখ কৰে৷ শিৱসাগৰ জিলাৰ যান–জঁটৰ সমস্যাৰ প্রতি লক্ষ্য ৰাখি অসম মালা আঁচনিৰ অধীনত নির্মাণ কৰা শিৱসাগৰ–সোণাৰি পথ দেশৰ প্রধানমন্ত্রীয়ে মুকলি কৰিব৷ যিটো পথেৰে চাৰিখনকৈ গাডী একেলগে অহা–যোৱা কৰিব পাৰিব৷ শিৱসাগৰ নাট্য মন্দিৰলৈ ইতিপূর্বে ঘোষণা কৰা এক কোটি টকা কেইটামান দিনৰ ভিতৰতে মুকলি কৰি দিয়া হ’ব৷ একেদৰে শিৱসাগৰ পুখুৰীৰ পাৰত থকা তাই মিউজিয়াম অত্যাধুনিক প্রযুক্তি–কৌশলেৰে নির্মাণৰ পৰিকল্পনা প্রস্তুত কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে স্বয়ম আঁচনি সর্ন্দভত কয় যে আজি আবেলিৰে পৰা কাইলৈ পুৱাৰ ভিতৰত হিতাধিকাৰীয়ে প্রথম পর্যায়ৰ ৩০ হাজাৰ টকা একাউণ্টত লাভ কৰিব৷ এই ধন সঠিক কামত ব্যৱহাৰ কৰা হিতাধিকাৰীয়ে পৰৱত্ সময়ত আৰু ২০ হাজাৰ টকা লাভ কৰিব৷ স্বয়মৰ গোটসমূহক গড়কাপ্টানী বিভাগৰ ক্ষুদ্র ক্ষুদ্র ঠিকা কাম কৰাৰ বাবে বিনামূলীয়াকৈ পঞ্জীয়ন কৰাই দিয়া হ’ব৷ এতিয়াৰে পৰা ডাঙৰ ঠিকাদাৰৰ পৰিৱর্তে অসমত স্বয়মৰ গোটে এই কাম কৰিব৷

বিগত বর্ষৰ বাজেটত অসমৰ দুই লাখ যুৱকক স্বয়মৰ যোগেদি সাহায্য প্রদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল যদিও ৪ লাখ যুৱকে আঁচনিখনৰ বাবে আবেদন জনায়৷ এইবাৰ ২ লাখ যুৱকক চৰকাৰী সাহায্য প্রদান কৰাৰ পাছত বাকী দুই লাখক অহা বর্ষত এনে সাহায্য প্রদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে৷ মন্ত্রীগৰাকীয়ে কয় যে অসমৰ ২২ লাখ মহিলাক অৰুণোদয় আঁচনিৰ যোগেদি ৮৩০ টকাকৈ এইবাৰ দ্বিতীয়টো কিস্তিৰ ধন প্রদান কৰা হ’ব৷ ২২ লাখ হিতাধিকাৰীৰ সংখ্যা ৩০ লাখলৈ বৃদ্ধি কৰি তেওঁলোকক প্রতিমাহতেই ৩ হাজাৰ টকাকৈ ধন প্রদানৰ বাবে চৰকাৰে চিন্তা কৰি আছে৷ অহা ৮ ফেব্রুৱাৰীত কনকলতা আঁচনিৰ যোগেদি মহিলা আত্মসহায়ক গোটসমূহক ৫০ হাজাৰকৈ টকা একাউণ্টত প্রদান কৰা হ’ব৷ ৪ লাখ ছাত্র–ছাত্রীক বিনামূলীয়াকৈ শিক্ষানুষ্ঠানত নামভর্তিকৰণৰ সুযোগ প্রদান কৰাৰ সমান্তৰালকৈ এতিয়া বিনামূলীয়া পাঠ্যপুথি একাদশ আৰু দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীকো প্রদান কৰা হৈছে৷ বি এ আৰু বি এছ চিত নামভর্তি কৰা ছাত্র–ছাত্রীসকলৰ একাউণ্টত চৰকাৰে ১,৫০০ টকাকৈ ভৰাই দিব৷ পূর্বতে প্রথমৰ পৰা অষ্টম শ্রেণীৰ ছাত্র–ছাত্রীক বিনামূলীয়া ইউনিফর্ম দিয়া হৈছিল যদিও এইবাৰ নৱম আৰু দশম শ্রেণীৰ ছাত্র–ছাত্রীকো বিনামূলীয়া ইউনিফর্ম প্রদান কৰা হ’ব৷ ৰুমিন বৰুৱা আৰু ময়ূৰ বৰগোহঁায়ে আঁত ধৰা সভাত মন্ত্রী ড০ শর্মাই সৃষ্টি আত্মসহায়ক গোটৰ শিৰোমণি বৰা আৰু পূবেৰুণ আত্মসহায়ক গোটৰ প্রাণজিৎ নাথক ৩০ হাজাৰ টকাৰ চেক প্রদানেৰে আঁচনিখনৰ শুভাৰাম্ভ কৰে৷ আজিৰ অনুষ্ঠানত মন্ত্রী যোগেন মহন, সাংসদ কামাখ্যাপ্রসাদ তাচা, জিলা উন্নয়ন আয়ুক্ত নবাব আল আজহাৰ আলী, বিধায়ক কুশল দুৱৰী, নৱনীতা সন্দিকৈ, বিজেপি নেতা অনুপ সিং ৰাজপুৰোহিতকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like