নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছৰ লগতে অসামাজিক কাম-কাজৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । ইয়াৰে অংশ হিচাপে আজি পুৱতি নিশা আৰক্ষীয়ে এক অভিযান চলাই ৰঙিয়া থানাৰ অন্তৰ্গত বিহদিয়াৰ পৰা ৫জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিহদিয়া বিডিঅ’ কাৰ্যালয়ৰ পিছফালে তালাচী চলাই লোককেইজনক আটক কৰে। লগতে জুৱা খেলৰ সামগ্ৰী আৰু ৩৬০ টকা উদ্ধাৰ কৰে। আৰক্ষীৰ হাতত আটক হোৱা লোককেইজন হৈছে ডাঙেৰীকুছিৰ টংকেশ্বৰ বড়ো (৩৭), জতিয়াভাংৰাৰ বাবৰ আলী (৪৩) , কেন্দুকোণাৰ গোপাল দাস (৪৫), হচঙৰ উদয় দাস (৩২) আৰু আৰমান আলী (৪৫) । অভিযোগ মতে, দীৰ্ঘদিন ধৰি লোককেইজনে জুৱা খেলৰ লগত জড়িত হৈ আহিছিল ।
প্ৰেৰক ফাৰুক হুছেইন