📌 ৰাজ্যত অব্যাহত জেহাদীৰ কার্যকলাপ
বিশেষ বাৰ্তা, ১২ জুনঃ ৰাজ্যত জেহাদীৰ কার্যকলাপ অব্যাহত থকাৰ কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ পৰা চাৰিজনকৈ জেহাদীক গ্রেপ্তাৰ কৰাৰ পিছত কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে ইতিমধ্যে জেহাদীৰ এটা ম’ডিউলত ৬জন বাংলাদেশী জড়িত থকাৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এটা ম’ডিউলতেই জড়িত হৈ থকা ৬জন বাংলাদেশীৰ ভিতৰত এজনহে ধৰা পৰিছে ৷ বাকী ৫জন এতিয়াও বাহিৰত ঘূৰি আছে ৷ অৱশ্যে চৰকাৰে জেহাদীৰ কার্যকলাপ ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰি আহিছে ৷ তাৰ পৰিপ্রেক্ষিততে বিভিন্ন সময়ত জেহাদীক কৰায়ত্ত কৰিবলৈ চৰকাৰ সক্ষম হৈছে৷