নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ লাখ নিবনুৱাক চাকৰিৰ টোপ কংগ্রেছৰ

পাঁচ ‘গেৰাণ্টী’ৰে অনলাইন ৰেজিষ্ট্রেচন

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী ভদ্রাই শেহতীয়াভাৱে মহাজোঁটৰ চৰকাৰ আহিলেই ‘কা’ বাতিল, ৫ লাখ নিবনুৱাক চৰকাৰী চাকৰি, চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৬৫ টকা প্রদান, প্রতিটো পৰিয়ালক দুশ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ যোগান আৰু গৃহিণীসকলক মাহে দুহাজাৰ টকাকৈ প্রদানৰ গেৰাণ্টী দিছে৷ কংগেছ নেত্রীগৰাকীৰ এই ঘোষণাৰ পাছতেই কংগ্রেছ দলে সেয়া ৰূপায়ণৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ ৫ লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ গেৰাণ্টী ক্ষিপ্রতাৰে ৰূপায়ণৰ বাবে মহাজোঁটৰ চৰকাৰ ক্ষমতালৈ অহাৰ পাছতেই চাকৰি সৃষ্টি নামৰ সুকীয়া বিভাগ এটা খোলাৰ লগতে ৫০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষণ কৰিব৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আজি আয়োজিত এখন সংবাদ মেলত ৫ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্রদানৰ গেৰাণ্টী সন্দর্ভত এতিয়াৰে পৰা আবেদন পত্র গ্রহণৰ পদক্ষেপ আৰম্ভ কৰে৷www.congressor5guarantee.in ৰ জৰিয়তে আবেদন গ্রহণ কৰিব৷ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে আজি ১০১গৰাকী নিবনুৱাৰ আবেদন পঞ্জীয়নেৰে এই ৱেবছাইটটোৰ শুভ উদ্বোধন কৰে৷ সংবাদ মেলখনত সিঙে কয় যে বিজেপিৰ দৰে তেওঁলোকে ভুৱা প্রতিশ্রুতি দিব বিচৰা নাই৷

বিজেপিয়ে ২৫ লাখ নিবনুৱাক চাকৰিৰ প্রতিশ্রুতি দিছিল৷ কিন্তু কংগ্রেছে সম্পূর্ণৰূপে হোম ৱর্ক কৰি ৫ লাখ নিবনুৱাক চাকৰি দিয়াৰ ঘোষণা কৰিছে আৰু সেই ঘোষণা গেৰাণ্টীসহকাৰে কৰিছে৷ সংবাদ মেলখনত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে বর্তমান ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত ৫৮ হাজাৰ আবণ্টিত পদ খালী হৈ আছে৷ সেইদৰে অনুসূচিত জাতি–জনজাতিৰ বেকলগৰ ২০ হাজাৰ পদ খালী হৈ আছে৷ মহাজোঁটৰ চৰকাৰ অহাৰ পাছতেই অগ্রাধিকাৰ ভিত্তিত সেই খালী পদসমূহ পূৰণ কৰিব৷ তদুপৰি চৰকাৰী বিভাগত নতুন পদ সৃষ্টিৰ বাবে চৰকাৰ ক্ষমতালৈ অহাৰ পাছতেই চাকৰিৰ পদ সৃষ্টি নামেৰে নতুন বিভাগ এটা খুলিব৷ কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই কয় যে কংগ্রেছে মুকলি কৰা ৱেবছাইটযোগে আবেদন কৰাসকলক মহাজোঁটৰ চৰকাৰ অহাৰ পাছতেই নিয়োগৰ ক্ষেত্রত অগ্রাধিকাৰ প্রদান কৰিব৷ তদুপৰি ব্যক্তিগত খণ্ডৰ চাকৰিত থলুৱাৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ অনুষ্ঠানতো স্থানীয় নিবনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰিব৷

ইপিনে, প্রদেশ কংগ্রেছৰ নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ তথা সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয় যে বর্তমান ৰাজ্যখনত জনসংখ্যা অনুপাতে ১৫ হাজাৰ চিকিৎসক, ৪০ হাজাৰ স্বাস্থ্যকর্মী, ৩৮ হাজাৰ শিক্ষক, ১২ হাজাৰ কলেজ শিক্ষক, ১৫ হাজাৰ আৰক্ষীৰ নাটনি হৈ আছে৷ মহাজোঁটৰ চৰকাৰ ক্ষমতালৈ অহাৰ পাছতেই সেই নাটনি নতুন নিযুক্তিৰ জৰিয়তে পূৰণৰ ব্যৱস্থা কৰা হ’ব৷ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগত খালী হৈ থকা ৭ হাজাৰ পদো পূৰণ কৰা হ’ব৷ সেইদৰে কংগ্রেছৰ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈয়ে কয় যে চাকৰি সৃষ্টি বিভাগটো দক্ষতাসম্পন্ন এজন লোকক অর্পণ কৰা হ’ব৷ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি গগৈয়ে কয় যে অসমৰ মানুহক প্রয়োজন আছিল চাকৰিৰ৷ কিন্তু বিজেপিয়ে দিলে ‘কা’৷ তেওঁলোকে সমস্যা সমাধানৰ চেষ্টা নকৰে৷ সমস্যা বৃদ্ধিহে কৰে৷ কিন্তু কংগ্রেছে সমস্যা সমাধান কৰিব৷ এয়াই মানসিকতাৰ পৰিৱর্তন৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বড়ো, ৰাভা, দেউৰী, সোণোৱাল, মিচিং, আহোম, মৰাণ, মটক, কোচ ৰাজবংশী জনগোষ্ঠীৰ কিমানসংখ্যক লোকক চাকৰি দিলে বুলিও ৰাজহুৱাকৈ প্রশ্ণ উত্থাপন কৰে৷ সেইদৰে নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱে চৰকাৰী চাকৰিৰ ক্ষেত্রত মহাজোঁট চৰকাৰে ৫০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষণ কৰিব বুলি ঘোষণা কৰে৷ সংবাদ মেলখনত সাংসদ আব্দুল খালেকে মহাজোঁটৰ চৰকাৰ অহাৰ পাছতেই প্রথমখন কেবিনেটত সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ তদন্তৰ বাবে কর্মৰত এগৰাকী ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্তৰ ব্যৱস্থা কৰিব বুলিও ঘোষণা কৰে৷ সেইদৰে কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে মহাজোঁটৰ চৰকাৰ অহাৰ পাছতেই বিজেপিৰ আমোলত ৰাজহৰ ক্ষেত্রত থকা সুৰুঙা, ছিণ্ডিকেট আদি বন্ধ কৰি ৰাজ্যৰ অর্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ ব্যৱস্থা কৰিব বুলি প্রকাশ কৰে৷

You might also like