নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৫ পৌৰ আয়ুক্তৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰঃ ধুবুৰীৰ ধুবুৰী আৰু গৌৰীপুৰত আজি পৃথকে পৃথকে হোৱা বিজেপিৰ দুটাকৈ সাংগঠনিক সভাত নগৰ দুখনৰ পৌৰসভাৰ মুঠ পাঁচগৰাকী ৱাৰ্ড আয়ুক্তকে ধৰি বহু পুৰুষ-মহিলাই আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে। আজি দুপুৰীয়া ধুবুৰীৰ যোগমায়া মন্দিৰ প্ৰেক্ষাগৃহত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰথমটো সাংগঠনিক সভাত ধুবুৰী পৌৰসভাৰ দুগৰাকী নিৰ্দলীয় ওৱাৰ্ড আয়ুক্তকে ধৰি প্ৰায় অৰ্ধশতাধিক পুৰুষ মহিলাই বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰে। আনহাতে আজি বিয়লি ধুবুৰীৰ গৌৰীপুৰৰ বিজেপিৰ অস্হায়ী কাৰ্য্যালয় প্ৰাংগনত অনুষ্ঠিত হয় দলটোৰ আন এটা সাংগঠনিক সভা। সেই সভাখনতেই গৌৰীপুৰ পৌৰসভাৰ তিনি গৰাকীকৈ ৱাৰ্ড আয়ুক্তকে ধৰি বহু পুৰুষ-মহিলাই আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে ৷ বিজেপিৰ গৌৰীপুৰৰ এই কাৰ্য্যসূচীত দলটোৰ জিলা সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় নিৰ্মাল্য পাল আৰু ভগীৰথ ওঝা, বিজেপিৰ অসম ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্যে দলটোৰ জিলা পৰ্যায়ৰ অন্যান্য বিষয়-ববীয়া সকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like