নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ৫টা নতুন পাঠ্যক্ৰম আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩০ মে’ : বজালী জিলা সদৰ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ে ২০২৪-২৫ চনৰ শৈক্ষিক বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ সৈতে সংগতি ৰাখি বিভিন্ন বিভাগৰ অধীনত পাঁচটা নতুন স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনে দুটা নতুন স্নাতক (৪ বছৰীয়া অনাৰ্চ) পাঠ্যক্রম ক্ৰমে কম্পিউটাৰ বিজ্ঞানৰ বি.এচ.চি. আৰু সমাজ বিজ্ঞানৰ বি.এ. অন্তর্ভুক্ত কৰিছে। তদুপৰি বিশ্ববিদ্যালয়খনে এই শৈক্ষিক বর্ষত পাঁচ বছৰীয়া ইন্টিগ্রেটেড এম.কমৰ লগতে উদ্ভিদ বিজ্ঞান আৰু পৰিসংখ্যা বিজ্ঞান বিভাগত দুটা নতুন স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম মুকলি কৰিছে। ইতিমধ্যে ভট্টদেৱ বিশ্ববিদ্যালয়ে NEP2020 পাঠ্যক্ৰমৰ ভিত্তিত ২০২৩ চনত গণসংযোগ আৰু সাংবাদিকতা বিভাগত চাৰি বছৰীয়া স্নাতক ডিগ্রী পাঠ্যক্রম আৰম্ভ কৰিছে। সংবাদ মাধ্যমৰ ব্যাপকতাৰ যুগত গণসংযোগ আৰু সাংবাদিকতাৰ এই স্নাতক পাঠ্যক্রমে শিক্ষাৰ্থীসকলক পৰম্পৰাগত সংবাদ মাধ্যমৰ বাহিৰেও কেৰিয়াৰ অন্বেষণ কৰাৰ লগতে জনসংযোগ, বিজ্ঞাপন আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ভৱিষ্যতৰ সুযোগ সম্প্ৰসাৰণ কৰাত বিশেষভাৱে সহায় হব৷ ইয়াৰোপৰি কৃত্রিম বুদ্ধিমত্তা (AI) আৰু তথ্য বিজ্ঞানৰ বিশেষজ্ঞতাৰে কম্পিউটাৰ বিজ্ঞানত ডিগ্রী প্রদান কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ে মেচিন লার্নিং, ডেটা বিশ্লেষণ আৰু এ আই (Artificial intelligence)ৰ দৰে অত্যাধুনিক ক্ষেত্ৰসমূহত কেৰিয়াৰৰ এক বিস্তৃত পৰিসৰ মুকলি কৰিবলৈ সাজু হৈছে। এই পাঠ্যক্ৰমৰ জৰিয়তে উচ্চাকাংক্ষী ছাত্র-ছাত্ৰীসকলে প্রযুক্তিবিদ্যাৰ পৰা স্বাস্থ্যসেৱালৈকে বিভিন্ন উদ্যোগত ভৱিষ্যতে কেৰিয়াৰ গঢ়াৰ সুযোগ লাভ কৰিব। স্নাতকসকলে তথ্য বিজ্ঞানী, এ.আই অভিযন্তা আৰু গৱেষণা বিশ্লেষক হিচাপে কেৰিয়াৰ গঢ়াৰ লগতে উন্নত তথ্য-চালিত অন্তদৃষ্টিৰ জৰিয়তে উদ্ভাৱনৰ ক্ষেত্ৰখনত আগুৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনে৷ উল্লেখ্য যে বর্তমান ভট্টদেৱ বিশ্ববিদ্যালয়ে একাধিক শাখাত প্ৰদান কৰা ১৯ টা বিভাগৰ অধীনত মুঠ ৩৫ টা স্নাতক (UG) আৰু স্নাতকোত্তৰ (PG) কাৰ্যসূচীৰ বাবে নামভৰ্তি মুকলি কৰিছে। সম্ভাৱ্য ছাত্র-ছাত্রীসকলে Humanities আৰু Social science, Natural and Mathematical science আৰু Commerceৰ ক্ষেত্রত বিস্তৃত পাঠ্যক্ৰমৰ অধীনত নিজৰ কেৰিয়াৰ অন্বেষণ কৰিব পাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই বিজ্ঞপ্তিযোগে সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দি কয় যে বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ছাত্র-ছাত্রীসকলে Non CUET আৰু CUET দুয়োটা ধৰণৰ নামভৰ্তিৰ অধীনত Samarth প’র্টেলত আবেদন কৰিব পাৰিব। স্মৰ্তব্য যে অসমৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰা পূৰ্বৰ বজালী মহাবিদ্যালয়খন উন্নীতকৰণৰ পিছত ভট্টদেৱ বিশ্ববিদ্যালয় আইন ২০১৭ৰ দ্বাৰা এই বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। বিশ্ববিদ্যালয়খনে আগবঢ়োৱা পাঠ্যক্ৰমসমূহৰ বিষয়ে অধিক বিশদভাৱে জানিবৰ বাবে শিক্ষাৰ্থীসকলক https://bhattadevuniversity.ac.in/web ৱেবছাইটত চাবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আহ্বান জনাইছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like