নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ দিনত দক্ষিণ কোৰিয়া-জাপানৰ ৫ মন্ত্রী–২০০ কোম্পানীৰ বিষয়াক সাক্ষাৎ

🔹 ঐতিহাসিক বিদেশ ভ্রমণ সামৰি অসমলৈ উভতিল মুখ্যমন্ত্রী

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : অসমৰ অর্থনীতি আৰু উন্নয়নৰ যাত্রাক নতুন গতিৰে আগুৱাই নিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ দক্ষিণ কোৰিয়া আৰু জাপান ভ্রমণ সফলতাৰে সম্পূর্ণ কৰি অসমলৈ উভতি আহিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এই বিদেশ যাত্রা এক ঐতিহাসিক বিদেশ যাত্রা ৰূপে চিহ্ণিত হৈছে৷ মুখ্যমন্ত্রীৰ এই বিদেশ ভ্রমণ ভাৰতীয় কূটনীতিত উত্তৰ–পূর্বাঞ্চলৰ গুৰুত্বপূর্ণ ভূমিকাৰ প্রতিফলন বুলি ধাৰণা কৰা হৈছে৷ মুখ্যমন্ত্রীৰ এই ভ্রমণে অসমক সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে৷ জাপান আৰু দক্ষিণ কোৰিয়াত ৫ দিনত মুখ্যমন্ত্রী ড০ শর্মাই দুয়োখন দেশৰ মুঠ ৫গৰাকী মন্ত্রীক সাক্ষাৎ কৰাৰ লগতে ২০০টা কোম্পানীৰ উচ্চপদস্থ বিষয়াক ব্যক্তিগতভাৱে সাক্ষাৎ কৰে৷ ইয়াৰ উপৰি মুখ্যমন্ত্রী ড০ শর্মাই ৩টা ৰোড শ্ব’ সম্বোধন, ৩টা ঔদ্যোগিক প্রকল্প পৰিদর্শন কৰাৰ লগতে মুঠ ৪১খন বৈঠকত অধ্যক্ষতা কৰে৷ মুখ্যমন্ত্রীৰ এই বিদেশ যাত্রাই অসমৰ উদ্যোগ, অর্থনীতি আৰু উন্নয়নক এক গতি প্রদান কৰিব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন৷ গুৱাহাটীত ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চৰ উদ্যোগত আয়োজন কৰা এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত ১৪০ৰো অধিক উদ্যোগীয়ে অংশগ্রহণ কৰিব৷ এডভাণ্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সময়ত সমগ্র বিশ্বৰ পৰা উদ্যোগীৰ অংশগ্রহণ বিচাৰি মালয়েছিয়া, থাইলেণ্ড, ডুবাই আদিকে ধৰি বিভিন্ন দেশত এডভাণ্টেজ আছাম ৰোড শ্ব’ বুলি অভিহিত কৰা এই প্রচাৰ সভাসমূহ অনুষ্ঠিত কৰা হৈছে৷ এই এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত অসমৰ সম্ভাৱনাসমূহ উপস্থাপন কৰিবলৈ আৰু ঔদ্যোগিক নেতা–সংস্থাসমূহৰ সৈতে ফলপ্রসূ আলোচনা কৰিবলৈ ১৯ জানুৱাৰীত নতুন দিল্লীৰ পৰা দক্ষিণ কোৰিয়াত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ দক্ষিণ কোৰিয়াত প্রথম দিনা এডভাণ্টেজ আছাম ২.০ৰ ৰোড শ্ব’ৰ বাবে কৰা ভ্রমণৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই বানপো হানগাং নদী উদ্যান পৰিদর্শন কৰে৷ দক্ষিণ কোৰিয়া ভ্রমণৰ দ্বিতীয় দিনা অর্থাৎ ২০ জানুৱাৰীত মুখ্যমন্ত্রী ড০ শর্মাই দক্ষিণ কোৰিয়াৰ উদ্যোগপতি–বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে৷ দক্ষিণ কোৰিয়াত বিভিন্ন ঔদ্যোগিক নেতা আৰু সংস্থাসমূহৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই আলোচনাত মিলিত হৈ তেওঁলোকক এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনোৱাৰ লগতে অসমৰ সম্ভাৱনাসমূহৰ বিষয়েও অৱগত কৰাৰ লগতে অসমত বিনিয়োগৰ বাবে উদ্যোগীসকলক আমন্ত্রণ জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কোৰিয়াত ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চৰ দ্বাৰা আয়োজিত কোৰিয়াৰ ১০০ৰো অধিক উদ্যোগপতি–নেতাৰ সৈতে বৈঠকত তেওঁলোকক অসমত বিনিয়োগৰ পথ অন্বেষণ কৰিবলৈ আহ্বান জনায় আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্রহণ কৰিবলগীয়া মেগা সন্মিলনত অংশগ্রহণ কৰিবলৈ কোৰিয়াৰ এটা প্রতিনিধি দলক আমন্ত্রণ জনায়৷ এডভাণ্টেজ আছাম–২.০ত উদ্যোগপতিসকলে অংশ ল’বলৈ যি উৎসাহ দেখুৱাইছে, সেয়া আমাৰ বাবে প্রত্যয়জনক তথা আশাপ্রদ বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশ্বৰ আটাহতকৈ দ্রুতগতিত বৃদ্ধি পোৱা বৃহৎ অর্থনীতি হিচাপে ভাৰতৰ স্থান আৰু অসমৰ দ্বাৰা তেওঁলোকক এই বজাৰত অধিক প্রৱেশাধিকাৰ প্রদানৰ বাবে আগবঢ়োৱা অনন্য সুযোগত কোৰিয়াৰ উদ্যোগপতিসকলে জনোৱা সঁহাৰিও আছিল লেখত ল’বলগীয়া৷ তেওঁ কয় যে আমি কোৰিয়াৰ কোম্পানীসমূহক অসমত বিনিয়োগ কৰিবলৈ উষ্ম আদৰণি জনাহছোঁ৷ অসমক লাভজনক ব্যৱসায়িক গন্তব্যস্থান হিচাপে পৰিগণিত কৰিবলৈ এডভাণ্টেজ আছাম–২.০ৰ বাবে ছিউলত অনুষ্ঠিত হোৱা এক বিনিয়োগ ৰোড শ্ব’ত মুখ্যমন্ত্রী ড০ শর্মাই ভাষণ দিয়ে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ সুবিধাসমূহৰ দিশত আলোকপাত কৰে৷ বহুকেইগৰাকী কোৰিয়াৰ উদ্যোগপতিয়ে অংশগ্রহণ কৰা ৰোড শ্ব’ত মুখ্যমন্ত্রীয়ে তেওঁলোকক সন্মিলনৰ অংশ হ’বলৈ আমন্ত্রণ জনায় আৰু অসমত উদ্যোগৰ বিকাশৰ দিশত এক চালিকা শক্তি হিচাপে উত্তৰ–পূর্বাঞ্চলৰ ওপৰত ভাৰত চৰকাৰৰ বিশেষ গুৰুত্বৰ কথা উল্লেখ কৰে৷ উদ্যোগপতিসকলে অসমৰ এই পদক্ষেপক লৈ উৎসাহিত আৰু তেওঁলোকে সন্মিলনত অংশগ্রহণক লৈ উৎসাহ প্রদান কৰে৷ এহ সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম অৱস্থিতি, কৌশলগত আৰু নীতিগত এই তিনিটা ‘এডভাণ্টেজ’ অর্থাৎ সুবিধাৰে সমৃদ্ধ৷ সর্বোপৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ বিশেষভাৱে অগ্রাধিকাৰযুক্ত ক্ষেত্রৰ ভিতৰত অসম আৰু উত্তৰ–পূর্বাঞ্চল অন্যতম৷ ইউনেস্ক’ৰ ৩টা বিশ্ব ঐতিহ্যক্ষেত্রৰ সৈতে অসম হৈছে এনে এক স্থান, য’ত বাণিজ্য আৰু প্রকৃতিৰ আনন্দ একত্রে লাভ কৰিব পৰা যায়৷ মুখ্যমন্ত্রী ড০ শর্মাই অধ্যক্ষ কাং কিউংচুঙৰ নেতৃত্বত কোৰিয়া বাণিজ্য–বিনিয়োগ প্রচাৰ সংস্থাৰ (কোট্টা)ৰ এটা প্রতিনিধি দলৰ সৈতে অসম আৰু কোৰিয়াৰ মাজত বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্রত অংশীদাৰী বিকাশৰ দিশত আলোচনা অনুষ্ঠিত কৰে৷ বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায়কেন্দ্রিক পাৰস্পৰিক লাভালাভক প্রাধান্য দি ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্রত বিকাশ আৰু উন্নয়নৰ হেতু অংশীদাৰিত্বৰ পথ অন্বেষণ কৰাৰ বাবে যৌথ ৰণকৌশলৰ বিষয়ে আলোচনা কৰা হয়৷ কোৰিয়া ট্ৰেড–ইনভেষ্টমেণ্ট প্রমোচন এজেঞ্চীৰ (কোড্রা) প্রতিনিধি দলৰ সৈতে হোৱা বার্তালাপত অসমৰ সমৃদ্ধ পর্যটন সম্ভাৱনা আৰু জাগীৰোডত নির্মীয়মাণ বিশ্বৰ সর্ববৃহৎ অক্স এছ এ টি গোটৰ পৰিপূৰক হিচাপে অসমত এক সম্পূর্ণ ছেমিকণ্ডাক্টৰৰ পৰিৱেশতন্ত্র গঢ়ি তোলাৰ পৰিকল্পনাৰ দিশত মুখ্যমন্ত্রী ড০ শর্মাই গুৰুত্ব প্রদান কৰে৷ এই আলোচনাত কোৰিয়াৰ বিনিয়োগক অসমলৈ আকর্ষণ কৰা আৰু এডভাণ্টেজ আছাম–২.০ত তেওঁলোকক অংশগ্রহণৰ বাবে আমন্ত্রণ জনোৱাৰ দিশত গুৰুত্ব প্রদান কৰা হয়৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই কোৰিয়া অটোম’বাইল পার্টছ ইণ্ডাষ্ট্রী প্রমোচন ফাউণ্ডেচনৰ এটা প্রতিনিধি দলৰ সৈতে বার্তালাপত মুখ্যমন্ত্রীয়ে অসম এক অটোম’বাইল নির্মাণ পৰিস্থিতিতন্ত্রৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ আর্থ–সামাজিক দৃশ্যপট সলনি কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ দক্ষিণ কোৰিয়াৰ অটোম’বাইল প্রতিষ্ঠানসমূহৰ মুখ্য কার্যবাহী বিষয়া তথা আন বিষয়াবর্গৰ সৈতে হোৱা বৈঠকত তেওঁলোকৰ সমর্থন বিচাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই ইয়াৰ বাবে প্রয়োজনীয় ৰাজ্য চৰকাৰৰ সহযোগিতাত তেওঁলোকক অসমক এক কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়৷ তেওঁ উল্লেখ কৰে যে অসমত বিনিয়োগে ১০০ বিলিয়ন ডলাৰৰ ভাৰতীয় অটোম’বাইল উদ্যোগটোৰ লগতে দক্ষিণ–পূব এছিয়াৰ বজাৰ সংযোগো লাভ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই দক্ষিণ কোৰিয়া ভ্রমণৰ দ্বিতীয় দিনা তথা ২১ জানুৱাৰীত দক্ষিণ কোৰিয়াৰ উদ্যোগপতি–বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে৷ দক্ষিণ কোৰিয়াত বিভিন্ন ঔদ্যোগিক নেতা আৰু সংস্থাসমূহৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই আলোচনাত মিলিত হৈ তেওঁলোকক এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনোৱাৰ লগতে অসমৰ সম্ভাৱনাসমূহৰ বিষয়েও অৱগত কৰাৰ লগতে অসমত বিনিয়োগৰ বাবে উদ্যোগীসকলক আমন্ত্রণ জনায়৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই কোৰিয়াত ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চৰ দ্বাৰা আয়োজিত কোৰিয়াৰ ১০০ৰো অধিক উদ্যোগপতি–নেতাৰ সৈতে বৈঠকত তেওঁলোকক অসমত বিনিয়োগৰ পথ অন্বেষণ কৰিবলৈ আহ্বান জনায় আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্রহণ কৰিবলগীয়া মেগা সন্মিলনত অংশগ্রহণ কৰিবলৈ কোৰিয়াৰ এটা প্রতিনিধি দলক আমন্ত্রণ জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই দক্ষিণ কোৰিয়া ভ্রমণৰ তৃতীয় তথা অন্তিম দিনটোত দক্ষিণ কোৰিয়াৰ উদ্যোগপতি–বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে যে এডভাণ্টেজ অসম ২.০ হ’ব অসমৰ সৈতে বহিঃৰাষ্ট্রৰ সু–সম্পর্কৰ এক মুখ্য স্তম্ভ৷ দক্ষিণ কোৰিয়া ভ্রমণৰ অন্তিম দিনটোত মুখ্যমন্ত্রী ড০ শর্মাই ছিউলত বিশ্বৰ অন্যতম বৃহৎ অর্ধপৰিবাহী গোট এছ কে হাইনিক্সৰ উপাধ্যক্ষ ড০ জুন চয়ৰ সৈতে এক ফলপ্রসূ বৈঠকত মিলিত হয়৷ অসমক বিশ্বৰ অন্যতম অর্ধপৰিবাহী হাব হিচাপে প্রতিষ্ঠা কৰাৰ দৃষ্টিভংগী সন্দর্ভত মুখ্যমন্ত্রীয়ে তেওঁক অৱগত কৰে৷ এই আলোচনাই অসমক সমৃদ্ধ কৰিব বুলি মুখ্যমন্ত্রীয়ে আশা ব্যক্ত কৰে৷ পৰৱর্তী সময়ত মুখ্যমন্ত্রী ড০ শর্মাই দক্ষিণ কোৰিয়াৰ ষ্টার্টআপ পৰিৱেশতন্ত্র বুজিবলৈ আৰু বিভিন্ন অংশীদাৰৰ সৈতে জড়িত হ’বলৈ ছিউলৰ পাংগি’ টেকন’ ভেলীৰ ষ্টার্টআপ কেম্পাছ পৰিদর্শন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কোৰিয়া গণৰাজ্য চৰকাৰৰ এছ এম ই আৰু ষ্টার্টআপৰ মন্ত্রী অ’হ য়ংজুৰ সৈতে সাক্ষাতত মিলিত হৈ অসম আৰু দক্ষিণ কোৰিয়াত অৱস্থিত উদ্যোগী আৰু ষ্টার্টআপৰ মাজত সহযোগিতা ৰক্ষাৰ সৈতে সম্পর্কিত বিভিন্ন বিষয় আলোচনা কৰাৰ লগতে দক্ষিণ কোৰিয়াৰ নৱীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্রতিষ্ঠান জি এছ গ্রুপৰ উপাধ্যক্ষ য়ং হা ৰুৰ সৈতে দক্ষিণ কোৰিয়া ভ্রমণৰ সূচী হিচাপে সাক্ষাততো মিলিত হয়৷ সাক্ষাতত ২০৩০ চনৰ ভিতৰত ৩০০০ মেগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ অসমৰ লক্ষ্যৰ বিষয়ে বার্তালাপত মিলিত হয়৷ মুখ্যমন্ত্রীয়ে ছেমিকণ্ডাক্টৰ আৰু এল ই ডি প্রযুক্তিৰ ক্ষেত্রত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভাইঅ’ছিছৰ মুখ্য কার্যবাহী বিষয়া লি য়ং জুৰ সৈতেও আলোচনাত মিলিত হয়৷ ছেমিকণ্ডাক্টৰ আৰু এল ই ডি প্রযুক্তিৰ ক্ষেত্রত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভাইঅ’ছিছৰ মুখ্য কার্যবাহী বিষয়া লি য়ং জুৰ সৈতে সাক্ষাৎ এক আনন্দদায়ক অভিজ্ঞতা আছিল বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ এই সাক্ষাততে মুখ্যমন্ত্রীয়ে তেওঁলোকক এডভাণ্টেজ আছাম ২.০–ত অংশগ্রহণ কৰিবলৈ আৰু অসমত আৰম্ভ হ’বলগীয়া ছেমিকণ্ডাক্টৰ ইক’ছিষ্টেমত যোগদান কৰিবলৈ আমন্ত্রণ জনায়৷ এক নতুন ছেটেলাইট চিটী নির্মাণৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সর্বোচ্চ স্তৰৰ সহায়–সমর্থনলৈকে সকলো প্রধান ছেমিকণ্ডাক্টৰ উদ্যোগৰ অংশীদাৰসকলক আদৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই ছিউলত কোৰিয়াৰ নিজা ছিলিকন ভেলী পাংগ্য’ টেকন’ ভেলীৰ ষ্টার্টআপ চৌহদ পৰিদর্শন কৰি আই টি, বায়’টেক আদিৰ বিভিন্ন ক্ষেত্রৰ পৰা কোৰিয়ান ষ্টার্টআপৰ উদ্ভাৱনসমূহ অন্বেষণ কৰে৷ উল্লেখ্য যে টেকন’ ভেলী হৈছে এক উদ্ভাৱনীমূলক কোৰিয়ান ধাৰণা, যিয়ে বিভিন্ন প্রযুক্তিগত পটভূমিৰ ষ্টার্টআপ আৰু উদ্যমীসকলক আই টি, বায়’টেক আৰু সংস্কৃতিক একেডাল সূতাৰে গঁথাৰ দৰে ৰাখে৷ টেকন’ ভেলীৰ বৈচিত্র্যময় পৰিৱেশতন্ত্রই সমগ্র আই টি, জৈৱ–প্রযুক্তি আৰু সাংস্কৃতিক উদ্যোগসমূহত উদ্ভাৱনক লাভান্বিত কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই টেকন’ ভেলীৰ অত্যাধুনিক পৰিৱেশৰ দ্বাৰা যথেষ্ট আকর্ষিত হয়৷ অসম আৰু টেকন’ ভেলীৰ উদ্যমী আৰু ষ্টার্টআপৰ মাজত সহযোগিতা গঢ়ি তোলাৰ অভিপ্রায় ব্যক্ত কৰে আৰু শীঘ্রেই এই সন্দর্ভত এক চুক্তিও প্রস্তুত কৰাৰ কথা কয়৷ এই ভ্রমণকালত মুখ্যমন্ত্রী ড০ শর্মাই তাত উপস্থিত থকা ভাৰতীয় উদ্যোগীসকলৰ সৈতেও সাক্ষাৎ কৰি বার্তালাপত মিলিত হয় আৰু সকলোকে এডভাণ্টেজ আছাম ২.০–ত অংশগ্রহণ কৰিবলৈ আৰু অসমত আৰম্ভ হ’বলগীয়া ছেমিকণ্ডাক্টৰ ইক’–ছিষ্টেমত যোগদান কৰিবলৈ আমন্ত্রণ জনায়৷ উল্লেখ্য যে দক্ষিণ কোৰিয়া ভ্রমণ সামৰি ইয়াৰ পিছত মুখ্যমন্ত্রী ড০ শর্মা জাপানলৈ ৰাওনা হয়৷ জাপানত মুখ্যমন্ত্রী ড০ শর্মাই ৰাষ্ট্রখনৰ সৈতে অসমৰ সম্পর্ক সুদৃঢ় কৰাৰ লগতে উদ্যোগীকৰণ আৰু অর্থনৈতিক বিকাশৰ দিশ মুকলি কৰাৰ অর্থে টকিঅ’ত জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পর্যটন বিভাগৰ ৰাজ্যিক মন্ত্রী ফুককাৰা সামূহিক সাক্ষাৎ কৰে আৰু অসমত পর্যটনৰ সম্ভাৱনা আৰু প্রচাৰ সম্বন্ধে আলোচনা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে অন্তর্ভুক্ত চৰাইদেউ মৈদাম, সুবিশাল তথা সেউজ চাহ বাগিচা তথা অতুলনীয় জৈৱ–বৈচিত্র্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, গ’লফ খেলপথাৰলৈকে বিভিন্ন উপাদানেৰে অসমৰ পর্যটনৰ ক্ষেত্রখন সমৃদ্ধ৷ এই পর্যটনস্থলীসমূহত উপলব্ধ সা–সুবিধাই জাপানৰ পর্যটকসকলক আকর্ষণ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই জাপানৰ ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্রী কোমুৰা মাধ্যহিবোকো সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত মূল্যবোধ, নীতি–নিয়ম তথা বিশেষকৈ গৌতম বুদ্ধৰ আদর্শই ভাৰত আৰু জাপানৰ মাজত কেনেকৈ আধ্যাত্মিক সেতু গঢ়ি তুলিছে সেই বিষয়কে ধৰি বিভিন্ন কথা আলোচনা কৰা হয়৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জাপানী কোম্পানীসমূহৰ বাবে এখন ঔদ্যোগিক ক্ষেত্র স্থাপনৰ বাবে অসম চৰকাৰ আগ্রহী আৰু এই দিশত ৰাজ্য চৰকাৰে অগ্রাধিকাৰ ভিত্তিত কাম–কাজ আগবঢ়াই নিব৷ অসমৰ প্রতিভাৱান যুৱক–যুৱতীসকলে জাপানত দক্ষ শ্রমিকৰ চাহিদা পূৰ কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়েও এই বৈঠকত আলোচনা কৰা হয়৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই পৰাক্রম দিৱস উপলক্ষে টকিঅ’ত থকা ভাৰতীয় দূতাৱাসত নেতাজী সুভাষ চন্দ্র বসুৰ প্রতিকৃতিত পুষ্পাঞ্জলি অর্পণেৰে গভীৰ শ্রদ্ধা জ্ঞাপন কৰি দেশৰ চিৰস্মৰণীয় ব্যক্তিসত্তাগৰাকীৰ দেশসেৱাৰ সাহস আৰু অতুলনীয় সংকল্পৰ লগতে ব্রিটিছ শাসনৰ বিৰুদ্ধে সংগ্রামৰ উদ্দেশ্যে নেতাজীয়ে জাপানতে আজাদ হিন্দ ফৌজৰ বীজ ৰোপণৰ কথা স্মৰণ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই হয়াৰ পিছত জাপানৰ ঐতিহাসিক হিৰোছিমা শান্তি স্মাৰক দর্শন কৰি হিৰোছিমাত বোমা বিস্ফোৰণৰ ঘটনাত নিহতসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰি পুষ্পাঞ্জলি অর্পণ কৰে৷ তেওঁ লগতে এই শান্তি স্মাৰকৰ সমীপতে স্থাপিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আবক্ষ মূর্তিতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উল্লেখ্য যে এই শান্তি স্মাৰকৰ সমীপতে ২০২৩ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শান্তি আৰু অহিংসাৰ এক শক্তিশালী বার্তাৰ স্বাক্ষৰ বহন কৰা মহাত্মা গান্ধীৰ আবক্ষ মূর্তিটো ডন্মোচন কৰিছিল৷ এই ভ্রমণকালতে মুখ্যমন্ত্রীয়ে ছেমিকণ্ডাক্টৰ খণ্ডৰ এটা অগ্রণী প্রতিষ্ঠান মাহক্র’ন মেম’ৰী ফেব প্রকল্পও পৰিদর্শন কৰে৷ ছেমিকণ্ডাক্টৰ খণ্ডত প্রতিষ্ঠানটোৰ থকা বিশেষ দক্ষতাৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ সৈতে প্রতিষ্ঠানটোৰ সহযোগিতা সবল কৰি পাৰস্পৰিক বিকাশৰ হেতু আগবঢ়াৰ দিশত গুৰুত্ব আৰোপ কৰে৷ মাইক্র’ন মেম’ৰী ফেচিলিটী ভ্রমণৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই কোম্পানীটোৰ উপাধ্যক্ষ জোছুৱা লীৰ সৈতে মত বিনিময় কৰি প্রতিষ্ঠানটোক অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিকাশৰ যাত্রাৰ অংশীদাৰ হ’বলৈ আমন্ত্রণ জনায়৷ ড০ শর্মাই কয় যে জাগীৰোডৰ ইলেক্ট্র’নিক টাউনশ্বিপক বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ হাব হিচাপে গঢ়ি সুবিধাসম্পন্ন কৰি তোলা হ’ব আৰু মাইক্র’নৰ দৰে ফেব্রিকেচন ফেচিলিটীৰ অগ্রণী প্রতিষ্ঠানে অসমৰ ছেমিকণ্ডাক্টৰ মূল্য শৃংখলক অতিশয় শক্তিশালী কৰিব পাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই ওছাকাত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.০’ৰ ৰোড শ্ব’ত ৮০গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে বার্তালাপ কৰি অসমৰ অর্থনৈতিক সম্ভাৱনীয়তা আৰু বিনিয়োগকাৰীৰ বাবে ৰাজ্যখনে গ্রহণ কৰা সুচল নীতিৰ কথাও উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২৩ চনৰ ভিতৰত অসমৰ জি এছ ডি পিক ১৪৩ আমেৰিকান ডলাৰলৈ লৈ যোৱাৰ বাবে অসম চৰকাৰে লক্ষ্য লৈছে৷ অসম ভাৰতৰ পৰৱর্তী অর্থনৈতিক কেন্দ্র হিচাপে সাজু কৰি তোলাৰ দিশত ৰাজ্য চৰকাৰে আগবঢ়োৱা প্রত্যয়দীপ্ত পদক্ষেপৰ কথাও তেওঁ উল্লেখ কৰি কয় যে বিশ্বৰ ভিন্ন প্রতিষ্ঠানসমূহৰ বাবে অসমৰ ১২ বিলিয়ন আমেৰিকান ডলাৰৰ আন্তঃগাঁথনি বিনিয়োগৰ পৰিকল্পনা এক বৃহৎ সুযোগ হিচাপে পৰিগণিত হ’ব৷ প্রসংগক্রমে মুখ্যমন্ত্রী ড০ শর্মাই ২০২৪ চনত ৰাজ্যখনে ৪ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি এই পৰিসংখ্যা এতিয়ালৈকে সর্বাধিক বুলিও মন্তব্য কৰে৷ তেওঁ লগতে অসমৰ জনসাধাৰণৰ হৈ ওছাকাৰ উদ্যোগীসকলক ‘এডভাণ্টেজ আছাম ২.০’ত ভাগ ল’বলৈ আমন্ত্রণ জনাই অসমৰ বিকাশৰ যাত্রাত অংশীদাৰ হ’বলৈ কয়৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে কামেদা ছেহকা প্রতিষ্ঠানৰ মুখ্য কার্যবাহী বিষয়া লেখ ৰাজ জুুনেজাৰ সৈতেও এক অতি ফলপ্রসূ আলোচনাত মিলিত হৈ অসমৰ সমৃদ্ধিশালী খাদ্য সংসাধন খণ্ডত বিনিয়োগৰ বাবে আমন্ত্রণ জনায়৷ তেওঁ কয় যে অসমত ইতিমধ্যে উদ্যোগৰ বাবে এক সুন্দৰ পৰিৱেশতন্ত্রৰ সূচনা হৈছে আৰু ৰাজ্যখনত ফুড পার্ক স্থাপন হোৱাৰ উপৰি ইতিমধ্যে কেইবাটাও বৃহৎ প্রতিষ্ঠানে ব্যবসায়িক কাম–কাজ পূর্ণোদ্যমে অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সাক্ষাৎকালতে লেখ ৰাজ জুনেজাই শেহতীয়াকৈ প্রবাসী ভাৰতীয় সন্মান বঁটা–২০২৫ লাভ কৰাৰ বাবে অভিনন্দন জনায়৷ এনেদৰে মুখ্যমন্ত্রী ড০ শর্মাই বুধবাৰৰ পৰা শুকুৰবাৰলৈ জাপানত অসমৰ উন্নয়নী স্বার্থ সম্পর্কিত বিভিন্ন সাক্ষাতত মিলিত হয়৷ এই সময়ছোৱাত মুখ্যমন্ত্রীয়ে জাপানৰ মন্ত্রী, বহুজাতিক কোম্পানীৰ স্বত্বাধিকাৰী, বিষয়া তথা সংবাদ মাধ্যমক সম্বোধন কৰে৷ যথার্থতে মুখ্যমন্ত্রী ড০ শর্মাৰ এই ভ্রমণে অসমক এক বিশেষ মান্যতা প্রদান কৰিব বুলি বিভিন্ন সূত্রত চর্চিত হৈছে৷ জাপান ভ্রমণসূচীত শুকুৰবাৰে পুৱা টকিঅ’ ইলেক্ট’নৰ কার্যবাহী ডপাধ্যক্ষ তাকেছি অকুবক্সৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই সাক্ষাতত মিলিত হৈ তেওঁলোকক অসমৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আমন্ত্রণ জনায়৷ মুখ্যমন্ত্রীয়ে জাগীৰোডৰ আগন্তুক ইলেক্ট্র’নিক চিটীত ছেমিকণ্ডাক্টৰ পৰিৱেশতন্ত্রৰ এক কেন্দ্রবিন্দু হিচাপে গঢ়ি তুলিবলৈ চৰকাৰৰ যি প্রচেষ্টা সেয়া এই সাক্ষাতে বহুখিনি গতি প্রদান কৰিব বুলি উল্লেখ কৰে৷ পৰৱর্তী সময়ত মুখ্যমন্ত্রী ড০ শর্মাই য়ক’গাৱাৰ উপাধ্যক্ষ য়োছিয়াকি আছাকুৰাৰ সৈতে সাক্ষাতত মিলিত হয়৷ মুখ্যমন্ত্রীয়ে কয় যে আগশাৰীৰ জাপানী বৈদ্যুতিক অভিযান্ত্রিক প্রতিষ্ঠানটোৱে নুমলীগড় শোধনাগাৰ লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডৰ সৈতে সহযোগিতামূলকভাৱে অসমত কাম কৰি আছে৷ অসমত তেওঁলোকৰ বর্তমানৰ ভিত্তি সম্প্রসাৰিত কৰা আৰু অন্যান্য সুযোগ অন্বেষণ কৰাৰ বিষয়ে আলোচনা কৰা হয়৷ অসমৰ ক্রমবর্ধমান বৈদ্যুতিক আৰু শক্তিখণ্ডক সমর্থন কৰিবলৈও তেওঁলোকক অনুৰোধ জনোৱা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই জাপানৰ বৈদেশিক পৰিক্রমা দপ্তৰৰ উপ–মন্ত্রী আকিকো ইকুইনাকো সাক্ষাৎ কৰে৷ মুখ্যমন্ত্রীক ‘আপোনাক আদৰণি জনাহছোঁ’ বুলি অসমীয়া ভাষাত স্বাগতম জনোৱাটো আছিল উল্লেখনীয় দিশ৷ বৈঠকত জাপান চৰকাৰে ভাৰত আৰু বিশেষকৈ অসমৰ যুৱ আৰু দক্ষ কর্মশক্তিক জাপানত সুযোগ প্রদান কৰাৰ বিষয়ে বিতংভাৱে অৱগত কৰে৷ মিঝুহো ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া তাকাও হোছোয়াৰ সৈতে মুখ্যমন্ত্রীৰ সাক্ষাৎ আছিল গুৰুত্বপূর্ণ দিশ৷ মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ কোম্পানীলৈ ক্রেডিট–লিংকেজ সম্প্রসাৰিত কৰা আৰু জাপানী কোম্পানীৰ অসমত বিনিয়োগৰ ধাৰাবাহিকতা নিশ্চিত কৰা সন্দর্ভত আলোচনা কৰে৷ লগতে তেওঁলোকক ৰাজ্যৰ বাবে পৰিকল্পনা চূড়ান্ত কৰিবলৈ এডভাণ্টেজ আছাম ২.০ত অসমৰ সৈতে যোগদান কৰিবলৈ আমন্ত্রণ জনায়৷ টকিঅ’ত টয়’টা মটৰ কর্প’ৰেচনৰ টেকতোছী হামানো আৰু তেওঁৰ দলৰ সৈতে বৈঠকত মিলিত হৈ টয়’টাই অসম অভিযান্ত্রিক প্রতিষ্ঠান আৰু নলবাৰীৰ চৰকাৰী আই টি আইত আগবঢ়াই থকা বিদ্যমান দক্ষতা কার্যসূচীবোৰ আন প্রতিষ্ঠানসমূহলৈ সম্প্রসাৰিত কৰিবলৈ আহ্বান জনায়৷ জাপানৰ বিনিয়োগ অসমলৈ আকর্ষণ কৰাৰ প্রয়াসত অধিক গতি প্রদানৰ বাবে জাপান ইণ্টাৰনেচনেল কর্প’ৰেচন এজেঞ্চী (চমুকৈ জাইকা)ৰ জ্যেষ্ঠ উপাধ্যক্ষ হাৰা ছোহেইৰ সৈতে এক ফলপ্রসূ আলোচনাত মিলিত হয়৷ পৰৱর্তী সময়ত জাপানৰ একাধিক বিশ্ববিদ্যালয়ৰ বিষয়াৰ সৈতে বার্তালাপত মিলিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই জাপানৰ অগ্রণী সংবাদ প্রতিষ্ঠানৰ সৈতে সাক্ষাৎকাৰ অনুষ্ঠানত অংশগ্রহণ কৰে৷ পাছত জাপানৰ ভাৰতীয় ৰাষ্ট্রদূতে আয়োজন কৰা নৈশ আহাৰত ইয়ামানাছি প্রিফেকচাৰৰ গৱর্নৰ মিষ্টাৰ কোটাৰো নাগাছাকিৰ সৈতে ভাগ লয়৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শুকুৰবাৰে জাপান ভ্রমণৰ সামৰণি পৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই ব্যক্ত কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জাপানৰ সৈতে সম্পর্ক বৃদ্ধিৰ দিশটোত গুৰুত্ব প্রদান কৰাটোৱে অসমক যথেষ্ট উপকৃত কৰিছে৷ উল্লেখ্য যে প্রথমবাৰৰ বাবে অসমৰ এটা প্রতিনিধি দলে জাপানৰ চৰকাৰ আৰু ব্যৱসায়িক নেতাৰ এনে এক অভূতপূর্ব প্রৱেশ নিশ্চিত কৰিছে৷ মুখ্যমন্ত্রীয়ে জাপান চৰকাৰৰ ১৬০জনতকৈ অধিক ব্যৱসায়িক নেতা আৰু ৫গৰাকীৰো অধিক মন্ত্রীক সাক্ষাৎ কৰে৷ উক্ত আলোচনাত অসমৰ বিষয়ে গুৰুত্বপূর্ণ স্থান লাভ কৰে৷

You might also like