নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰোপ ৱে’ৰ ভাৰা ৫০% ৰেহাই

বিশেষ বাৰ্তা, ১৮ জুন : উত্তৰ গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সুখবৰ। অহা এমাহৰ বাবে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ৰোপ ৱে’ৰে পঞ্চাশ শতাংশ ৰেহাই মূল্যত অহা-যোৱা কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজৰ পৰা লাভ কৰা পৰিচয় পত্ৰ দেখুৱালে এই সুবিধা লাভ কৰিব। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পোৱা বাবে ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। যোৱা নিশা উত্তৰ গুৱাহাটী মণ্ডল বিজেপি সমিতি আৰু উত্তৰ গুৱাহাটী পৌৰসভাৰ সদস্যসকলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্ৰীৰে হোৱা এক আলোচনাত এই বিষয়টো উত্থাপন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে বিভাগীয় কৰ্তৃপক্ষক ফোন কৰাত জি এম ডি এ কৰ্তৃপক্ষই লগে লগে এক নিৰ্দেশযোগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান ৰোপ ৱে’ৰ ভাৰা এশ টকাৰ ঠাইত পঞ্চাশ টকাৰে অহা-যোৱা কৰিব পাৰিব।

প্ৰেৰক মুনীন ডেকা

You might also like