নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত ৫০ ফুট উচ্চতাৰ ৰাৱণ দাহন

বিশেষ বাৰ্তা, ২৪ অক্টোবৰঃ ধৰ্ম আৰু কৰ্ম নগৰী শুৱালকুছিৰ এঘাৰখনকৈ শ্ৰীশ্ৰী দুৰ্গা পূজা অতি ধুম ধামেৰে উখল মাখল পৰিৱেশত সমাপন হয় ৷ মহালয়াৰে পৰা দেৱীক আবাহন কৰি ষষ্ঠীত স্থাপনেৰে আজি দশমী তিথিত বৃহত্তৰ শুৱালকুছিৰ পাঁচখন দুৰ্গা পূজাৰ প্ৰতীমা অশোকাষ্টমী ঘাটেৰে ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে৷ কামৰূপ জিলা প্ৰশাসনৰ তত্বাৱধানত আৰু শুৱালকুছিৰ দুয়োখন আৰক্ষী থানাৰ সহযোগত শক্তি ৰূপিনী  মা দুৰ্গা দেৱীৰ  বিসৰ্জনৰ লগে লগে এক দীৰ্ঘ পৰিক্ৰমাৰ অন্ত পৰে৷ সমান্তৰালভাৱে শুৱালকুছি সাৰ্বজনীন শাৰদীয় শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিয়ে অশোকাষ্টমী ক্ষেত্ৰত প্ৰতিবছৰৰ দৰে সাজি উলিওৱা বৃহদকায় দুষ্টৰ প্ৰতীক প্ৰৱল পৰাক্ৰমী ৰাৱন বধ কাৰ্যসূচী পালন কৰে ৷ সমাজত অসূয়া অমঙ্গল দুৰ কৰা , দুষ্টক দমন কৰাৰ উদ্দেশ্যৰে ৰাৱন দাহন কাৰ্যসূচী প্ৰত্যক্ষ কৰাৰ বাবে বস্ত্ৰনগৰী শুৱালকুছি আৰু দাঁতিকাষৰীয়া অঞ্চলৰ অগনন ভক্ত পূজাথলীত ভিৰ কৰে৷ বিৰ দি বাট নোপোৱা পৰিৱেশে বিৰাজ কৰা ৰাৱন দাহন কাৰ্যসূচীত ৫০ সহশ্ৰাধিক লোকৰ সমাগম হয়৷ যুৱ আৰু চেমনীয়াসকলে সঙ্গীত মধুৰ মূৰ্চনাৰ লহৰে লহৰে নৃত্য কৰি আনন্দ উল্লাস কৰে ৷ আজিৰ প্ৰতীমা বিসৰ্জন আৰু দশানন বধ কাৰ্যসূচী শান্তিপূৰ্ণভাবে সমাপন কৰাত জিলা প্ৰশাসন আৰু শুৱালকুছি আৰক্ষী শুৱালকুছি নদী আৰক্ষী থানাক সাৰ্বজনীন পূজা উদযাপন সমিতিৰ সম্পাদক চন্দন কলিতা আৰু সভাপতি সুশীল কলিতাই ধন্যবাদ জনাইছে ৷
প্ৰেৰক দিলীপ মেধি
You might also like