নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ শতাংশ বাঢ়িব মন্ত্রী–বিধায়কৰ দৰমহা!

🔹 খৰচ বঢ়াৰ বাবে হেনো হাবুডুবু খাইছে জনপ্রতিনিধিয়েও

🔹 দৰমহা-ভাট্টাৰ উপৰি মন্ত্রী–বিধায়কে বাতৰিকাকত–আলোচনী-ঠিকাভিত্তিক কর্মচাৰী–চিকিৎসা ব্যয়–ইন্ধন–বিধানসভাৰ অধিৱেশন কমিটীৰ বৈঠকত উপস্থিত থকা–ভ্রমণৰ নামতো লাভ কৰে ধন

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : বজাৰত প্রতিপদ সামগ্রীয়ে ৰাজ্যবাসীক জুৰুলা কৰি তোলাৰ সময়তে এইবাৰ জনপ্রতিনিধিৰ দৰমহা বৃদ্ধিৰ প্রস্তুতি চলিছে৷ জনপ্রতিনিধিৰ দৰমহা সংশোধনৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে যোৱা জুলাই মাহত গঠন কৰি দিয়া পে’ কমিটীয়ে ইতিমধ্যে প্রতিবেদন দাখিল কৰিছে৷ য’ত ৫০ শতাংশ দৰমহা বৃদ্ধিৰ প্রস্তাৱ দাখিলে স্বাভাৱিকতে সৃষ্টি কৰিছে ব্যাপক চর্চা৷ উল্লেখ্য যে বিভিন্ন অজুহাত তথা অন্যান্য খৰচ বৃদ্ধিৰ পৰিপ্রেক্ষিতত জনপ্রতিনিধিৰ দৰমহা বৃদ্ধিৰ বাবে দাবী উত্থাপন হৈছিল৷ এই দাবীৰ পৰিপ্রেক্ষিতত বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে ৰাজ্য চৰকাৰৰ প্রাক্তন অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাসৰ নেতৃত্বত গঠন কৰিছিল এখন পে’ কমিটী৷ এই পে’ কমিটীয়ে শেহতীয়াকৈ মন্ত্রী–বিধায়কৰ দৰমহা ৫০ শতাংশকৈ বৃদ্ধিৰ প্রস্তাৱ সম্বলিত প্রতিবেদন দাখিল কৰিছে৷ বিধানসভাৰ সচিবালয় সূত্রই প্রকাশ কৰা অনুসৰি, আগন্তুক বাজেট অধিৱেশনৰ সময়তে জনপ্রতিনিধিৰ দৰমহা বৃদ্ধিত চূড়ান্ত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলত মুখ্যমন্ত্রীকে ধৰি প্রতিজন প্রতিনিধিৰ দৰমহা ৫০ শতাংশকৈ বৃদ্ধি পাব৷ মন কৰিবলগীয়া যে বর্তমান মুখ্যমন্ত্রীৰ মাহিলি দৰমহা হৈছে ১ লাখ ৩০ হাজাৰ টকা৷ তদুপৰি অন্যান্য ভাট্টাৰ বাবদ মুখ্যমন্ত্রীয়ে লাভ কৰে ৩৪ হাজাৰ টকা৷ ইয়াৰ ফলত মুখ্যমন্ত্রীৰ মাহিলি দৰমহা এক লাখ ৬৪ হাজাৰ টকা হয়গৈ৷ আনহাতে একোজন কেবিনেট মন্ত্রীৰ বর্তমান মাহিলি দৰমহা হৈছে ১ লাখ ১০ হাজাৰ টকা আৰু অন্যান্য ভাট্টাৰ পৰিমাণ ৩০ হাজাৰ টকা৷ সেইমর্মে কেবিনেট মন্ত্রীসকলৰ মাহিলি দৰমহা হয়গৈ ১ লাখ ৪০ হাজাৰ টকা৷ বিধানসভাৰ অধ্যক্ষই বর্তমান মুঠ দৰমহা লাভ কৰে ১ লাখ ৫০ হাজাৰ টকা৷ ইয়াৰে দৰমহা ১ লাখ ২০ হাজাৰ টকা আৰু অন্যান্য ভাট্টা ৩০ হাজাৰ টকা৷ উপাধ্যক্ষই ভাট্টাসহ মাহিলি দৰমহা লাভ কৰে ১ লাখ ৩০ হাজাৰ টকা৷ এই দৰমহাৰ উপৰি মন্ত্রী–বিধায়কসকলে অন্যান্য সা–সুবিধা হিচাপে বিনামূলীয়া বাহন, চালক, পেট্র’ল, চৰকাৰী আৱাস, বিদ্যুৎ, পানী, বাতৰিকাকত–আলোচনী সকলো লাভ কৰে৷ জনপ্রতিনিধিসকলে চিকিৎসা ব্যয়ো লাভ কৰে৷ যিসকল মন্ত্রীয়ে চৰকাৰী আৱাসত নাথাকে, তেওঁলোকে ভাৰাঘৰৰ বাবদ মাহিলি ৫০ হাজাৰ টকা লাভ কৰে৷ ইয়াৰ উপৰি প্রতিজন মন্ত্রী তথা বিধায়কে বিধানসভাৰ অধিৱেশনত উপস্থিত থকাৰ বাবদ আৰু ৰাজ্যৰ ভিতৰত চৰকাৰী ভ্রমণত প্রতিদিনে ১,৮৫০ টকাকৈ লাভ কৰে৷ চৰকাৰী ভ্রমণত ৰাজ্যৰ বাহিৰলৈ গ’লে তেওঁলোকে প্রতিদিনে ২,৫০০ টকাকৈ ভাট্টা লাভ কৰি আহিছে৷ এনেবোৰ সুবিধাৰ পাছতো শেহতীয়াকৈ ৫০ শতাংশ দৰমহা বৃদ্ধিৰ বাবে পে’ কমিটীয়ে দাখিল কৰা প্রতিবেদনে সাধাৰণ ৰাইজৰ মাজত সৃষ্টি কৰিছে প্রতিক্রিয়া৷ উল্লেখ্য যে প্রাক্তন অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাসক অধ্যক্ষ হিচাপে লৈ গঠন কৰা পে’ কমিটীত আছে বিধানসভাৰ প্রাক্তন প্রধান সচিব হেমেন দাস, বিত্ত বিভাগৰ সচিব মালবিকা চৌধুৰীক সচিব আৰু বিধানসভাৰ অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচার্য৷ বাজেট অধিৱেশনত এই প্রতিবেদনক চূড়ান্ত ৰূপ দিলেই জনপ্রতিনিধিৰ দৰমহা ৫০ শতাংশকৈ বৃদ্ধি পাব৷ ইয়াৰ ফলত প্রতিজন মন্ত্রীয়ে মাহিলি দৰমহা ২ লাখ ১০ হাজাৰ টকাকৈ বৃদ্ধি পাব৷ আনহাতে, বিধানসভাৰ অধ্যক্ষৰ দৰমহা ২ লাখ ২৫ হাজাৰ, উপাধ্যক্ষৰ দৰমহা ২ লাখ ৫ হাজাৰ আৰু বিৰোধী দলপতিৰ দৰমহা ২ লাখ ২৫ হাজাৰকৈ বৃদ্ধি হ’ব৷ সমান্তৰালভাৱে বিধায়কসকলৰ দৰমহা ২ লাখ ৫ হাজাৰ টকাকৈ বৃদ্ধি হ’ব৷ বর্তমানৰ বিধায়কসকলৰ মাহিলি দৰমহা ৮০ হাজাৰ টকা হোৱাৰ বিপৰীতে অন্যান্য ভাট্টা লাভ কৰি আহিছে ৪০ হাজাৰ টকা৷ মুখ্যমন্ত্রীৰ দৰমহা ২ লাখ ৪০ হাজাৰ টকালৈ বৃদ্ধি পাব৷ এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে এবাৰ বিধায়ক হিচাপে নির্বাচিত হোৱাৰ পাছত ব্যক্তিগৰাকীয়ে পেন্সন হিচাপে লাভ কৰে এক মোটা অংকৰ ধন৷ এনে বৃহৎ ধনৰ দৰমহা লাভ কৰাৰ পাছতো জনপ্রতিনিধিয়ে বর্তমান দৰমহাৰে চলিব নোৱাৰা বুলি একাংশ বিধায়কে উত্থাপন কৰি অহা অজুহাতক লৈও সৃষ্টি হৈ আহিছে তীব্র প্রতিক্রিয়াৰ৷ ৰাজ্যবাসীয়ে অত্যাৱশ্যকীয় সামগ্রীৰ ঊর্ধ্বমুখী দামক লৈ জুৰুলা হৈ পৰাৰ লগতে টোলগেট, স্মার্ট মিটাৰ আদিৰ জৰিয়তে অতিৰিক্ত ধন সংগ্রহ কৰাক লৈও সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে৷ এনে অৱস্থাত জনপ্রতিনিধিৰ মাহিলি দৰমহা ৫০ শতাংশকৈ বৃদ্ধিৰ বাবে চলা প্রস্তুতিয়ে সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০১৮ চনৰ পহিলা এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ ৩৩ শতাংশ হাৰে শেষৰবাৰ অসমত জনপ্রতিনিধিৰ দা–দৰমহা বঢ়োৱা হৈছিল৷

You might also like