🔹 দুই লক্ষাধিক আহুতি প্ৰদানৰ ব্যৱস্থা
বিশেষ বাৰ্তা, ২১ জানুৱাৰী : নগাঁও চহৰৰ পুৰণি তথা ঐতিহ্যমণ্ডিত সাৰ্বজনীন নগাঁও শ্মশানঘাট শ্ৰীশ্ৰী শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ২২ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৫১ কুণ্ডৰ শ্ৰীশ্ৰীমহাৰুদ্ৰ যজ্ঞ অনুষ্ঠিত হ’ব। আজি মন্দিৰ চৌহদত যজ্ঞ উদযাপন সমিতিয়ে এখন সংবাদ মেলত এই কথা জানিবলৈ দিয়ে। সমিতিয়ে জনোৱা মতে, সনাতন হিন্দু ধৰ্মৰ বৈদিক পৰম্পৰাৰ অংশবিশেষ যজ্ঞানুষ্ঠানৰ মাহাত্ম্যক সাৰোগত কৰি বিশ্বশান্তি, জীৱজগতৰ কল্যাণ, মানৱ জীৱৰ বিভিন্ন সংকট মোচনাৰ্থে মন্দিৰ চৌহদত দুই লক্ষাধিক আহুতি প্ৰদানেৰে কাইলৈৰ পৰা ৫১ কুণ্ডৰ শ্ৰীশ্ৰীমহাৰুদ্ৰ যজ্ঞৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দুশগৰাকী পুৰোহিত, যাজ্ঞিক, ঋত্বিকৰ অংশগ্ৰহণেৰে এই কুণ্ডৰ শ্ৰীশ্ৰীমহাৰুদ্ৰ যজ্ঞ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব। কাইলৈ পুৱা যজ্ঞমান প্ৰায়শ্চিত্ত সংকল্প আৰু দশবিধি স্নান অনুষ্ঠানেৰে যজ্ঞৰ শুভাৰম্ভ হোৱাৰ পিছত মহাধ্বজ স্থাপন, বিয়লি পুৰোহিত আদিৰ পৰিচয় আৰু অধিবাস হ’ব। ২৩ জানুৱাৰীত স্থায়ী লিংগত নিত্য পূজা , জল আহৰণ যাত্ৰা, সূৰ্যাগ্নি আহৰণ, নৱনিৰ্মিত যজ্ঞ মণ্ডপত দেৱ পূজা আৰু যজ্ঞ কৰ্ম, আৰতি, ২৪ জানুৱাৰীত মংগলাচৰণ, ৰুদ্ৰাভিষেক, জপ, দেৱ পূজা, আৰতি, ২৫ জানুৱাৰীত ৰুদ্ৰধ্যায় পঠন, দেৱ পূজা আদি অনুষ্ঠিত হোৱাৰ পিছত বিয়লি ধৰ্মালোচনা সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হ’ব। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ২৬ জানুৱাৰীত পুৱাৰ ভাগত বিগত দিনকেইটাৰ দৰে অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত দুপৰীয়া পূজা কৰ্ম সমাপন, বিয়লি পূৰ্ণাহুতি যজ্ঞ কুণ্ডত নাৰিকল প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। যজ্ঞৰ দিনকেইটাত লক্ষাধিক লোকৰ সমাগম হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। শ্ৰীশ্ৰীমহাৰুদ্ৰ যজ্ঞানুষ্ঠানৰ সকলো কাৰ্যসূচীত ভক্তিপ্ৰাণ ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। সংবাদ মেলত যজ্ঞ উদযাপন সমিতিৰ সভাপতি গঙ্গাবল্লভ গোস্বামী, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক পংকজ চক্ৰৱৰ্তী, কাৰ্যকৰী সভাপতি দিলীপ গোস্বামী, প্ৰচাৰ উপ-সমিতিৰ আহ্বায়ক কনক হাজৰিকাৰ লগতে হীৰু ডেকা ,ৰঞ্জু দাস আদিয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক কনক হাজৰিকা