নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ স্বাস্থ্য বিষয়াৰ অধীনস্থ গুটিপাৰা এলেকাৰ একমাত্ৰ স্বাস্থ্যকেন্দ্ৰটো হ’ল গুটিপাৰা উপ-স্বাস্থ্যকেন্দ্ৰ ৷ উক্ত স্বাস্থ্যকেন্দ্ৰৰ অধীনত প্ৰায় ১০খন ৰাজহ গাঁৱৰ ২০ হাজাৰৰ অধিক জনসংখ্যাৰ স্থায়ী বসবাস৷ গাঁওবোৰ হ’ল খেৰাৰচৰ. চৌধুৰীৰ চৰ, গোহাইলেৰ চৰ, বাজাৰ গুটিপাৰা, ডালা গুটিপাৰা, উজান গুটিপাৰা, পশ্চিম গুটিপাৰা আদি প্ৰধান৷ চাৰিওপিনে গৌৰাং নদী, টিপকাই আদি নদীৰ বাবে আন আন ঠাইৰ পৰা পৃথক হোৱাত এলেকাৰ ৰাইজে পূৰ্বৰে পৰাই উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছে৷ স্থানীয় সচেতন নাগৰিকৰ আপ্ৰাণ চেষ্টা তথা স্বাস্থ্যমন্ত্ৰী-বিধায়কক আবেদন-নিবেদন কৰাত গুটিপাৰা অঞ্চলৰ ৰাইজৰ সু-স্বাস্থ্যৰ বাবে উপ-স্বাস্থ্যকেন্দ্ৰটো অনুমোদন দিয়ে ৷ চিকিৎসা কেন্দ্ৰৰ বাবে প্ৰয়াত ছাজাহান আলী জোদ্দাৰে কেইবাবিঘা মাটি অনুদান দিয়ে৷ ২০১১ চনত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা প্ৰায় ৫১ লাখ টকা আবন্টিত কৰে৷ চিকিৎসালয়ৰ কেইবাটাও কোৱাৰ্টাৰ, বাসগৃহ, ঔষধৰ কোঠালিও নিৰ্মাণ কৰা হয়৷ আজি প্ৰায় ১২টা বছৰ অতিক্ৰম কৰিবৰ হ’ল যদিও বিভাগৰ পৰা উন্নত চিকিৎসক, বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হোৱা নাই৷ নাৰ্ছ, আশাকৰ্মীসকল আছে যদিও ঔষধ বিতৰণৰ ব্যৱস্থা নাই৷ গৰ্ভৱতী, প্ৰসূতি, নৱজাতক আদিৰ জটিল আৰু আকস্মিক ৰোগীৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নাই৷ বগৰীবাৰী, বিলাসীপাৰা, কোকৰাঝাৰ, ধুবুৰীলৈ নিব লাগে৷ উক্ত চিকিৎসালয়খনৰ অধিকাংশই জহি-খহি যাব ধৰিছে৷ ইয়াৰ সুৰক্ষা দিয়াৰ কোনো পদক্ষেপ জিলা কৰ্তৃপক্ষই কৰা নাই৷ সম্প্ৰতি চিকিৎসালয়খন ভূত বাংলাত পৰিণত হৈছে৷ বিভিন্ন জীৱ-জন্তুৰ আৱাসস্থলত পৰিণত হোৱা পৰিলক্ষিত হৈছে৷ এলেকাৰ ৰাইজে বিজ্ঞান প্ৰযুক্তিৰ যুগতো উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছে৷ স্থানীয় ৰাইজে বহুবাৰ স্থানীয় বিধায়ক বছিৰ আহমেদ কাছিমী, সাংসদ বদৰুদ্দিন আজমল আৰু স্বাস্থ্যমন্ত্ৰীক সু-চিকিৎসক নিয়োগৰ দাবী উত্থাপন কৰি আহিছে যদিও কোনো সুফল পোৱা নাই৷ সেয়ে উক্ত চিকিৎসালয়খন সক্ৰিয় কৰাৰ বাবে দাবী জনাইছে ৰাইজে।
প্রেৰক মতিয়ৰ ৰহমান