নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : ১৯৭২ চনৰ ২৬ আগষ্টত কামৰূপৰ নগৰবেৰাত স্থাপন হোৱা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত আজি শিক্ষানুষ্ঠানখনৰ ৫১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় | বৃহত্তৰ নগৰবেৰা অঞ্চলৰ কেইবাগৰাকীও স্বনামধন্য তথা নমস্য ব্যক্তিৰ অক্লান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা অগ্ৰণী শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আজি ধুমধামেৰে উদযাপন কৰা হয় | পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড° কমল চন্দ্ৰ পাঠকে৷ পৰৱৰ্তী সময়ত প্ৰতিষ্ঠা কালৰ পুৰোধা ব্যক্তিসকলৰ পুণ্যাত্মাক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগৰবেৰা মৌজা কমিটীৰ সভাপতি উদয় শংকৰ মেধিয়ে | আনহাতে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই | একাংশ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয় ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস