নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৫৩গৰাকী বিহুৱা-বিহুৱতীক মাননি, প্ৰমাণ-পত্ৰ প্ৰদান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ “জয় জয়তে মই আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ইয়ালৈ আহি, এই ইতিহাসপ্ৰসিদ্ধ ধুবুৰী জিলাৰ জিলা দিৱসৰ কাৰ্য্যসূচীৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ মৰ্মে যিসকল বিহুৱা-বিহুৱতীয়ে অসমীয়াৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে, তেখেতসকললৈ মাননি প্ৰদান অনুষ্ঠানলৈ আহি তেখেতসকলৰ হাতত নিজৰ প্ৰাপ্য মাননিখিনি দিবলৈ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ।”- আজি ধুবুৰী জিলা দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰীস্থ ধুবুৰীস্থ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ কাৰ্য্যসূচীত অংশ লৈ এইদৰে কয় অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে আৰু কয়-  বিহু আমাৰ বাপতিসাহোন। বিহুক লৈ আমি সকলোৱে প্ৰতিটো মুহূৰ্তত গৌৰৱ অনুভব কৰোঁ। কিন্তু বিহুৰ মাজেৰেও বিশ্ব জয়ৰ যি কল্পনা, সেই কল্পনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছিল। সেই কল্পনাকে সাকাৰ ৰূপ দিয়াৰ কাৰণে ১৪ এপ্ৰিলত আপোনালোক সকলোৱে গৈ তাত উপস্থিত হৈছিল। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আমি বিশ্বজয়ৰ এক ৰেকৰ্ড স্থাপন কৰিছিলোঁ আৰু এই ৰেকৰ্ড কেৱল এটা আনুষ্ঠানিকতা বা গীনিজ বুকৰ ৰেকৰ্ডেই নাছিল; এয়া আছিল আমাৰ সকলোৰে মনৰ এক আকাংক্ষা। আকাংক্ষাৰ মাজেৰে আমি বিশ্ব জয় কৰিছিলোঁ, যি বিশ্ব জয়ৰ ফলাফল হয়তো এতিয়াও বহুত পাবলৈ আছে। কাৰণ মই মাত্ৰ এটা কথা আপোনালোকক ক”ম যে এইধৰণৰ কাম-কাজে কেতিয়াবা এনে ধৰণৰ প্ৰভাৱ পেলায়; যি প্ৰভাৱ যুগলৈ সদায় বৈ গৈ থাকে। এই বছৰৰ অসমৰ পৰ্য্যটন বিভাগৰ পৰ্য্যটকৰ হাৰ বৃদ্ধিয়ে আপোনালোকৰ চকু কপালত তুলিব। কাৰণ এটা সময়ত কোনো এখন ৰাজ্যৰ এটা বছৰত এশ শতাংশ, দুশ শতাংশ পৰ্য্যন্ত পৰ্য্যটকৰ হাৰ বৃদ্ধি হয়, এয়া কোনো অস্বাভাৱিক নহয়। কিন্তু অসমৰ পৰ্য্যটন বিভাগে এইবাৰ অসমৰ ঘৰুৱা পৰ্য্যটকৰ হাৰ বৃদ্ধি ৫৭৫ শতাংশ কৰিছে। অসমৰ পৰ্য্যটন বিভাগে এইবাৰ বিদেশী পৰ্য্যটকৰ হাৰ বৃদ্ধি কৰিছে ৭৬৩ শতাংশ। এই কথাবিলাক অস্বাভাৱিক যেন লাগিলেও কিন্তু বাস্তৱ। আজিৰ সেই বিশেষ কাৰ্য্যসূচীতেই জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত সৰ্ববৃহৎ বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ ধুবুৰী জিলাৰ পৰা যোৱা সৰ্বমুঠ ৫৩গৰাকী বিহুৱা-বিহুৱতীৰ বেংক একাউন্টত অনলাইনযোগে ২৫ হাজাৰ টকা প্ৰদান কৰে। ল’গতে মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ সেই ৫৩গৰাকী বিহুৱা-বিহুৱতীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা স্বাক্ষৰিত প্ৰমাণ-পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ধুবুৰী জিলা দিৱসৰ বিশেষ অনুষ্ঠানত জিলা উপায়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডঃ দেৱময় সান্ন্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, ধুবুৰী জিলাৰ গোলকগঞ্জ আৰু পূব বিলাসীপাৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ক্ৰমে অশ্বিনী ৰায় সৰকাৰ আৰু অশোক কুমাৰ সিংহী প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষষাবৰ্গ, স্থানীয় গণ্যমান্য ব্যাক্তিকে ধৰি বিহুৱা-বিহুৱতী আৰু সৰ্বসাধাৰণ লোক উপস্থিত আছিল। তদুপৰি আজি দুপৰীয়া ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যালয় প্ৰেক্ষাগৃহত উপায়ুক্ত দিবাকৰ নাথৰ উপস্থিতিত জিলাখনৰ অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like