নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত বাহনসহ ৫৩ চোৰাং গৰু জব্দ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোৱানিশা গুণাবাৰীৰ ফুলতলাত চোৰাং গৰুৰ বিৰুদ্ধে চলায় এক অভিয়ান ৷ আৰক্ষীৰ অভিয়ানত জব্দ হয় ৫৩টা চোৰাং গৰুসহ এখন বাহন । ৰূপহীহাটৰ গুণাবাৰীৰ পৰা মেঘালয়লৈ সৰবৰাহৰ সময়ত জব্দ কৰে গৰুভৰ্তি বাহনখন । ৰূপহীহাটৰ পৰা মেঘালয়লৈ সৰবৰাহ হৈ আহিছে অবৈধ চোৰাং গৰু। এএছ-১২ ডি-২৫১৬ নম্বৰৰ বাহনেৰে কঢ়িয়াই আনিছিল অবৈধ গৰুখিনি। গুণাবাৰীৰ ফুলতলাৰ পৰা ৰূপহীহাট আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি বাহনখন ৷ ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ৰূপহীহাট আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিয়ান চলায় যদিও সদায় চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ বিফল হয় ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like