নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৃংখলিত সমাজ গঢ়িবলৈ গুৰুৰ আদৰ্শ জনাব লাগিব নৱপ্ৰজন্মক : মৃণালিনী দেৱী

শুৱালকুছিত শ্ৰীশ্ৰীদেৱদামোদৰৰ ৫৩৬তম্‌ জন্মজয়ন্তী

বিশেষ বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ভাৰতীয় ভাষা, সাহিত্য, সংস্কৃতি যিমান পুৰণি গুৰু আৰু শিষ্যও তেনেদৰে পুৰণি৷ এনে গুৰুসকলেই অসমত বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰিছিল৷ তাৰে চাৰি গুৰুৰ ভিতৰত শ্ৰীশ্ৰীদেৱদামোদৰ গুৰুও অন্যতম৷ শ্ৰীমন্তশঙ্কৰদেৱ, শ্ৰীশ্ৰীহৰিদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰীদেৱদামোদৰ দেৱৰ আদৰ্শ, কৃতি , সাহিত্য , সংস্কৃতি পাণ্ডিত্য আদি গুণৰাজি নৱ প্ৰজন্মৰ মাজত তুলি ধৰিলেহে গুৰু জনাৰ জন্ম জয়ন্তী অনুষ্ঠিত কৰাৰ সাৰ্থক হ’ব ৷ সমাজখন সু শৃংখলিত কৰিবলৈ হ’লে মহান গুৰু সকলৰ আদৰ্শ কৃতি সমূহ নৱ প্ৰজন্মৰ আগত তুলি ধৰিব লাগিব ৷ এই ভাষ্য অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী তথা বিশিষ্টা মহিলা মৃণালিনী দেৱীৰ ৷ পূৱ শুৱালকুছি কুমাৰ পাৰাত শ্ৰীশ্ৰী বংশী গোপাল সত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত সদৌ শুৱালকুছি শ্ৰীশ্ৰীদেৱদামোদৰ দেৱ সংঘৰ উদ্যোগত কলিতা ৰাইজ গয়ৰহৰ সহযোগত অনুষ্ঠিত গুৰুজনাৰ জন্মজয়ন্তীৰ ধৰ্মালোচনী সভাত মূখ্য অতিথি হিচাপে দিয়া ভাষণত মৃণালিনী দেৱীয়ে পুনৰ কয় যে, মহাপুৰুষ শংকৰদেৱে যি দৰে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ঠিক তেনেদৰে শ্ৰীশ্ৰী দামোদৰ গুৰুৱে নৈতিক সনাতন ভাগৱতী ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল৷ গুৰুসকলে তাহানিতে সমাজৰ পৰা অসুয়া অপ্ৰীতি আতৰ কৰাৰ বাবে ভগৱানে গুৰু সকলক দূত হিচাপে পঠিয়াইছিল৷ সাম্প্ৰতিক কলি কালত দেখা দিয়া অন্যায় অবিচাৰ ব্যাভিচাৰ নাশ কৰিবলৈ সমাজেই গুৰু সকলৰ আদৰ্শ কৃতি ক সাৰোগত কৰি আগবাঢ়িলে নিশ্চয় এদিন সমাজ সংস্কাৰ হ’ব বুলি বক্তব্যত প্ৰকাশ কৰে ৷ সংঘৰ সভাপতি চিন্তা মণি দাসৰ পৌৰহিত্যত অনুষ্ঠিত ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম দেৱ দামোদৰ সংঘৰ প্ৰধান সচিৱ ৰাম নাৰায়ণ গোস্বামীয়ে তেওঁৰ ভাষণত কয় যে ধৰ্ম নিন্দা বা গুৰু নিন্দা মহা পাপ ৷ ধৰ্মৰ মুল বাণী পৱিত্ৰতা ৷ ভক্তিৰ যোগে সাধনা হয় ৷ ভক্তিৰ দ্বাৰাই ঈশ্বৰ প্ৰাপ্তি হয়৷ গুৰুৰ আদৰ্শৰে মহিমামণ্ডিত হৈ সমাজক আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায় ৷ শুৱালকুছি দেৱ দামোদৰ সংঘৰ সম্পাদক ভৱ কান্ত বৈশ্যই আত ধৰা ধৰ্মালোচনী সভাৰ পুৰ্বে পুৱা প্ৰভাত বন্দনা জাগৰণী গীত আই সকল আৰু বাপুসকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হয়৷ কালি আবেলি বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা আৰু মৃদুলপ্ৰীতম ডেকাই৷ সন্ধিয়া নগৰত গোঁসাই লৈ সাংস্কৃতিক শোভাযাত্ৰাৰে জন্মজয়ন্তীৰ আৰম্ভণি কৰে উত্তৰ কামৰূপ জিলাৰ অনুসুচিত জাতি মৰ্চাৰ সভাপতি ৰাজিৱ দাসে৷ বিয়লি ধৰ্মীয় পতাকা অৱতৰণেৰে গুৰু শ্ৰীশ্ৰী দেৱ দামোদৰৰ ৫৩৬ তম্‌ জন্ম জয়ন্তীৰ সামৰণি পৰে৷

প্ৰেৰক দিলীপ মেধি

You might also like