নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গোৎসৱৰ উছাহৰ মাজতে অঘটনঃ পাঁচ দিনত ৰাজ্যত ৫৪১টা পথ দুর্ঘটনা

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: শাৰদীয় দুর্গাপূজাৰ আনন্দ–উৎসাহৰ মাজতেই বিগত ৫টা দিনত ৰাজ্যত সংঘটিত হ’ল ৫৪১টা পথ দুর্ঘটনা৷ এই তথ্য শেহতীয়াকৈ প্রকাশ কৰিছে ৰাজ্যৰ জৰুৰীকালীন সেৱা ‘১০৮’–এ৷ ষষ্ঠী পূজাৰ পৰা দশমীলৈ এই ৫টা দিনত সর্বাধিক পথ দুর্ঘটনা সংঘটিত হৈছে কামৰূপ জিলাত৷ এই সময়ছোৱাত ৪৯টা পথ দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে গোলাঘাট জিলাত ৪৮টা আৰু তিনিচুকীয়া জিলাত ৩২টা পথ দুর্ঘটনা সংঘটিত হৈছে৷

তথ্য অনুসৰি বৰপেটা জিলাত ২৯টা, বঙাইগাঁও জিলাত ২০টা, দৰং জিলাত ২৮টা, কাছাৰ জিলাত ২৪টা, ধেমাজিত ২১টা, গোৱালপাৰা জিলাত ২৪টা, কার্বি আংলং জিলাত ২১টা, নগাঁও জিলাত ২১টা, নলবাৰী জিলাত ২৯টা, শোণিতপুৰ জিলাত ৩২টা পথ দুর্ঘটনা সংঘটিত হৈছে৷

উল্লেখ্য যে ৰাজ্যৰ জৰুৰীকালীন ১০৮ সেৱাই প্রকাশ কৰা এই তথ্য অনুসৰি ১৩ অক্টোবৰৰ অষ্টমী আৰু ১৪ অক্টোবৰৰ নৱমী পূজাত সর্বাধিক দুর্ঘটনা সংঘটিত হৈছে৷ ১১ অক্টোবৰৰ দিনা ৮০টা, ১২ অক্টোবৰত ৯৪টা, ১৩ অক্টোবৰত ১২০টা, ১৪ অক্টোবৰত ১৩৭টা আৰু ১৫ অক্টোবৰত ১১০টা পথ দুর্ঘটনা ৰাজ্যত সংঘটিত হৈছে৷

উল্লেখ্য যে ৰাজ্যত প্রতিদিনে ৭০ৰ পৰা ৮০টা পথ দুর্ঘটনা সংঘটিত হয়৷ এই তুলনাত পূজাৰ সময়ছোৱাত সংঘটিত পথ দুর্ঘটনাসমূহ নিশা ৯ বজাৰ পাছত বেছিকৈ সংঘটিত হোৱা বুলিও তথ্যত প্রকাশ৷

You might also like