নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহু-বুঢ়াদিয়াৰ তাণ্ডৱত পানীৰ তলত সৰ্থেবাৰীৰ ৫৫ গাঁও

নিয়মীয়া বাৰ্তা,২১ জুন : আজিও পানীৰ তলত বুৰ গৈ আছে কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ লগতে প্ৰায় ৫৫খন গাঁও। অনাহাৰে অনিদ্ৰাই বিনিদ্ৰ ৰজনী পাৰ কৰিছে বন্যাৰ্তই। টিহু-বুঢ়াদিয়াৰ ভগ্ন মথাউৰি তথা অস্তিত্বহীন মথাউৰিৰ বাবেই এতিয়া বিগত প্ৰায় এসপ্তাহে পানীৰ তলত ককবকাই আছে প্ৰায় ৫৫খন গাঁৱৰ সাধাৰণ গঞাই। বছৰে বছৰে অভিশপ্ত স্বৰূপ হৈ পৰা টিহু-বুঢ়াদিয়াৰ মথাউৰি নিৰ্মাণ কৰাৰ বাবে ৰাইজে দাবী উত্থাপন কৰি আহিছে। কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ফলত এতিয়া বানৰ তাণ্ডৱত জীয়াতু ভুগিছে সৰ্থেবাৰীৰ কহাঁৰ শিল্পীৰ লগতে সাধাৰণ ৰাইজে। সৰ্থেবাৰীত বানে জটিল ৰূপ ধাৰণ কৰাত আজিও সৰ্থেবাৰী নগৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনৰ গুৰুত্বপূৰ্ণ কেইবাটাও পথ পানীৰ তলত বুৰ গৈ আছে। এই পথসমূহেৰে যানবাহনৰ যাতায়ত বন্ধ হৈ পৰিছে। সৰ্থেবাৰী নগৰৰ বহু বাসগৃহৰ ভিতৰত আজিও এক ডেৰফুট পৰ্যন্ত পানী আছে। আজিও পানীৰ তৰত বুৰ গৈ আছে কাঁহৰ গঢ়শাল। সৰ্থেবাৰীৰ যোগদচুপাৰ বহু পৰিয়ালৰ অৱস্থা শোচনীয় হৈ পৰিছে। শৌচাগাৰসমুহ পানীৰ তলত বুৰ যোৱাত বহু পৰিয়াল আহুকালৰ সম্মুখীন হবলগীয়া হৈছে। সৰ্থেবাৰী নসত্ৰ সংযোগী পথত তীব্ৰ সোঁত পৰিছে। পথটো প্ৰায় চিঙো চিঙো হৈ আছে। কৃষ্ণগুৰু সেৱাশ্ৰমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই পথটো এতিয়া স্পৰ্শকাতৰ হৈ পৰিছে। কৃষ্ণগুৰু সেৱাশ্ৰম চৌহদ জলমগ্ন হৈ পৰিছে। অতি আকৰ্ষণীয় তথা আধ্যাত্মিক চিন্তাৰ উদ্ৰেক ঘটোৱা কৃষ্ণগুৰু সেৱাশ্ৰম জলমগ্ন হৈ পৰাত ভকত বান্ধৱ তথা দৰ্শনাৰ্থীসকল যথেষ্ট আহুকালৰ সম্মুখীন হৈছে।ইতিমধ্যেই কৃষ্ণ গুৰু সেৱাশ্ৰম চৌহদত থকা শিক্ষানুষ্ঠান সমূহৰ পাঠদান বানপানীৰ বাবে সাময়িক ভাৱে বন্ধ ৰখা হৈছে। সৰ্থেবাৰীৰ ৰাজ্যিক পশু চিকিৎসালয়খন জলমগ্ন হৈ থকাৰ লগতে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ আজিও জলমগ্ন হৈ আছে।সম্প্ৰতি সৰ্থেবাৰীৰ লগতে লচিমা, নামশালা, পল্লা, কাৰাকুছি, বেঙাপাৰা, কামাৰপাৰা, বেলবাৰী, ৰাউলী, শিংৰা, গহিয়া, বেচিমাৰী, বোগচাৰা, বামুন্দী, যশোদাৰপাম, ৰঙিয়াগাঁও আদি আজিও প্লাৱীত হৈ আছে। ৰাউলীত থকা থিয়েটাৰ সূৰ্যৰ আখৰাগৃহ জলমগ্ন হৈ থকাৰ লগতে থিয়েটাৰ বীণাপাণিৰ বহু সা সামগ্ৰী বানপানীৰ বাবে বিনষ্ট হয় বুলি জানিব পৰা গৈছে।সৰ্থেবাৰী থানা আজিও জলমগ্ন হৈ আছে। সৰ্থেবাৰী থানাত কৰ্তব্যৰত আৰক্ষীৰ বিষয়া কৰ্মচাৰী তথা আৰক্ষীৰ জোৱানসকলে যথেষ্ট সমস্যাৰ সম্মুখীন হৱলগীয়া হৈছে। ইপিনে বিগত প্ৰায় এসপ্তাহে পানীৰ তলত বুৰ গৈ থকা গঞা ৰাইজক আজিও যোগান ধৰিব পৰা নাই পৰ্যাপ্ত বান সাহায্য। দুই এখন গাৱঁৰ বাহিৰে বেচিসংখ্যক বানাক্ৰান্ত গাৱঁৰ গঞাই বান সাহায্যৰ পৰা বঞ্চিত হৱ লগীয়া হৈছে। ইপিনে সৰ্থেবাৰী পৌৰসভাৰ গাফিলতিৰ বাবে সৰ্থেবাৰীৰ বন্যাৰ্তই আজিলৈ নাপালে বান সাহায্য।

প্ৰেৰক নকুল তালুকদাৰ

You might also like