নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুখুঁটি কৃষি প্ৰকল্পত দুটা বছৰত ৫৬ গিৰগাইৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : চৰকাৰী ভূমি বেদখলমুক্ত কৰি ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পত বিগত সময়ত মৃত্যু হৈছে ৫৬জনী গিৰ গাইৰ। উল্লেখযোগ্য প্ৰকল্পত চল্লিশজনী গীৰ গাইৰ মৃত্যু হোৱা বুলি প্ৰকাশ পোৱা তথ্য‌ই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে কি পৰিস্থিতিত এই বৃহৎ সংখ্যক গাইৰ মৃত্যু হবলৈ পালে সেয়া স্পষ্ট কৰি দি‌য়াৰ লগতে ইয়াৰ বাবে প্ৰকল্প কিমান লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে সেয়াও প্ৰকাশ কৰে প্ৰকল্পৰ কাৰ্যকৰী সমিতিয়ে। প্ৰকল্পৰ কাৰ্যকৰী সমিতিৰ সদস্য তথা দুগ্ধ উন্নয়ন প্ৰকল্পৰ তত্বাৱধায়ক ডা০ যুগব্ৰত নাথে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা মতে প্ৰকল্পৰ আৰম্ভণি সময়ছোৱাত অৰ্থাৎ ২০২১ বৰ্ষৰ ২৫ নবেম্বৰত ৯৮টা আৰু ২০৩২ বৰ্ষৰ ১৮ জানুৱাৰীত ২৫টা গিৰ গাই গুজৰাটৰ পৰা অনা হৈছিল। এইখিনি গাইৰ বিপৰীতে প্ৰকল্পৰ পূজিৰ পৰা ব্যয় কৰা হৈছিল ৮৪ লাখ টকা। কিন্তু তৃতীয় পৰ্যায়ত গৰুখুঁটি প্ৰকল্পৰ গোশালাৰ আয়তন বৃদ্ধি কৰাৰ পিছত আৰু পাইৰ প্ৰয়োজন হোৱাত ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ পৰিষদ (এন ডি ডি বি)ক চৰকাৰে পোনপটীয়াকৈ গাই ক্ৰয়ৰ দায়িত্ব দিয়ে। সেই অনুসৰি ২০২২বৰ্ষৰ ৩ এপ্ৰিলত প্ৰতিষ্ঠানটোৱে ৩০০ গৰু আনে যদিও ৰঙিয়াত ৰেলৰ পৰা নমোৱাৰ পিছত ৯০টা গিৰ গাই কেইবাগৰাকীও বিধায়ক আৰু সাংসদে ক্ৰয় কৰি নিয়ে আৰু বাকী ২১০টা গাই প্ৰকল্প‌‌লৈ আনে। অৱশ্যে ইয়াৰ বাবে প্ৰকল্প‌ই এটকাও আদায় দিয়া নাছিল। ইফালে এই গিৰগাইকেইটাৰ গুণগতমান একেবাৰে নিম্ন পৰ্যায়ৰ আছিল বাবে এটা দুটাকৈ গাইবোৰ মৰিবলৈ ধৰে। গাইকেইটাৰ লক্ষণৰ বাবেই প্ৰকল্প‌ই গাইকেইটা ৰাখিবলৈ মান্তি নহয় আৰু বিষয়টো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ কৰে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিষয়টো গুৰুত্ব সহকাৰে লৈ এক তদন্তৰো নিৰ্দেশ দিয়ে আৰু উক্ত তদন্ততো গাইকেইটাৰ গুণগত মান নিম্ন বুলি প্ৰমাণিত হোৱাত অৱশেষত এন ডি ডি বিয়ে সাত মাহৰ পিছত গাইকেইটা ওভতাই লৈ যায়। তেতিয়ালৈ উক্ত ২১০টা গাইৰ ৫৬টাৰ মৃত্যু হৈছিল। অৰ্থাৎ প্ৰকল্পত মৃত্যু হ’লেও উক্ত গাইৰ ক্ৰয়ৰ নামত এটকাও ব্যয় হোৱা নাছিল। ইফালে প্ৰকল্পৰ নিজাববীয়াকৈ যি ১২৩টা গাই আছিল সেই সংখ্যা বাঢ়ি পোৱালিসহ বৰ্তমান আছেগৈ ৩৩৭টা গিৰ গাই। তদুপৰি বিগত সময়ত গাইৰ মুঠ ১২১টি পোৱালী বিক্ৰী কৰি প্ৰকল্প‌ই লাভ কৰে ৪৮ লাখ টকা। ইফালে প্ৰকল্পত আজিৰ দিনটোত মুঠ ৩৬টা খীৰতি গাই আছে, যি কেইজনীয়ে গড়ে চাৰিৰ পৰা ছয় লিটাৰ গাখীৰ দি আছে। এই তথ্য প্ৰকাশ কৰি প্ৰকল্পৰ পৰা জানিবলৈ দিয়া মতে গৰুখুঁটি কৃষি প্ৰকল্পত যিকেইটা বিষয় সংযোজন হৈছে সেইবোৰৰ ভিতৰত গোশালা আৰু গাহৰিৰ পামেই দেখুওৱাইছে আশাব্যঞ্জক লাভ। আনহাতে বাঢ়নী পানীৰ বাবেই পাচলিৰ খেতি লগোৱাত এইবাৰ কিছু বিলম্ব হোৱাত এইবেলি গৰুখুটি কৃষি প্ৰকল্পৰ পাচলি বজাৰৰ উলিয়াই দিব পৰা নাই। তথাপিও আশানুৰূপ ভাবেই প্ৰকল্পৰ কাম আগবাঢ়িছে বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰকল্পৰ কাৰ্যকৰী সমিতিৰ সদস্য দীপাংকৰ নাথ,কাৰ্তিক নাথ তথা প্ৰকল্পৰ কৃষি সৈনিক সকলে দৃঢ়তাৰে মুখ্য মন্ত্ৰীৰ সপোনৰ প্ৰকল্প বাস্তৱ হ’ব‌ই বুলি উল্লেখ কৰাৰ লগতে একাংশ লোকে নেতিবাচক মনোভাব পোষণ কৰাত উদ্বিগ্নতা প্ৰকাশ কৰে।

প্ৰেৰক ৰণজিত কুমাৰ নাথ

You might also like